ETV Bharat / bharat

Gujarat assembly election: গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীক ডুপ্লিকেট গান্ধী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Nov 18, 2022, 9:19 PM IST

Himanta Biswa Sarma critisize rahul Gandhi
গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীক ডুপ্লিকেট গান্ধী আখ্যা হিমন্ত বিশ্ব শৰ্মা

"ৰাহুল গান্ধীৰ ভাৰতৰ ইতিহাসৰ কোনো জ্ঞান নাই । বীৰ ছাৱাৰকাৰৰ বাবে তেওঁ যি ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে, তাৰ পৰাই তেওঁৰ মতাদৰ্শ উন্মোচিত হৈছে । তেওঁ জাতীয় বিৰোধী, হিন্দু বিৰোধী ।" শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাট নিৰ্বাচনী প্ৰচাৰ চলাই ৰাহুল গান্ধী তথা কংগ্ৰেছক কৰিলে তীব্ৰ সমালোচনা ৷

গুৱাহাটী, ১৮ নৱেম্বৰ: সমাগত গুজৰাট বিধানসভা নিৰ্বাচন (Gujarat assembly election 2022) ৷ নিৰ্বাচনকলৈ তৎপৰ শাসক-বিৰোধী ৷ এতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি নিক্ষেপ সমাগত গুজৰাট নিৰ্বাচনলৈ ৷ শাসকীয় দলটোৱেও সংখ্যাগৰিষ্ঠ আসনেৰে পুনৰ ৰাজপাট দখলৰ বাবে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷

ইফালে শাসক-বিৰোধীৰ প্ৰতিটো দলৰ ষ্টাৰ কেম্পেইনাৰে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন সমষ্টিত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ ব্যতিক্ৰম নহয় শাসকীয় দল বিজেপিও ৷ শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যখনত বহুকেইখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছলৈ তীব্ৰ বাক্যবাণ এৰি দলটোক কৰিলে তীব্ৰ সমালোচনা(Assam CM Himanta Biswa Sarma Addressed 3 Rallies In Poll-Bound Gujarat) ৷

গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীক ডুপ্লিকেট গান্ধী আখ্যা হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ ভাৰত জড়ো যাত্ৰাৰ (Bharat Jodo Yatra) মাজত এক সভাত বিজেপিৰ আদৰ্শ হিন্দুত্ববাদী ভি ডি ছাৱাৰকাৰৰ বিষয়ে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আক্ৰমণাত্মক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী (Assam CM Himanta Biswa Sarma) ৷

হিমন্ত বিশ্ব শৰ্মাই কয়—"ৰাহুল গান্ধীৰ ভাৰতৰ ইতিহাসৰ কোনো জ্ঞান নাই । বীৰ ছাৱাৰকাৰৰ বাবে তেওঁ যি ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে, তাৰ পৰাই তেওঁৰ মতাদৰ্শ উন্মোচিত হৈছে । তেওঁ জাতীয় বিৰোধী, হিন্দু বিৰোধী ।"

শুকুৰবাৰৰ দিনা পুৱাই গুজৰাটত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যৰে উপস্থিত হয়গৈ অসমীয়া বীৰ লাচিতৰ জন্ম জয়ন্তীৰ বাবে দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ দিনটোত মুঠ তিনিখন নিৰ্বাচনী সভাত প্ৰচাৰ অভিযানত ভাগ লয় হিমন্ত বিশ্ব শৰ্মাই ৷ গুজৰাটৰ আনজাৰাৰ টাউন হলত প্ৰথমখন প্ৰচাৰ সভাত ভাগ লৈ কংগ্ৰেছ আৰু আপৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত হিমন্ত বিশ্ব শৰ্মা পঞ্চমুখ হৈ পৰে ৷

আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ আৰু যুৱৰাজ ৰাহুল গান্ধীৰ প্ৰতি ৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই লগতে কয়—"গুজৰাট, হিমাচল প্ৰদেশত নিৰ্বাচন আৰু ৰাহুল গান্ধীয়ে খোজ কাঢ়ি আছে দক্ষিণ ভাৰতত ৷ কংগ্ৰেছে Dressing Roomত হে Practice কৰে, খেলপথাৰত খেলিবলৈ তেওঁলোকৰ সাহসেই নাই ৷ কংগ্ৰেছ শাসনত থকা হ'লে কেতিয়াও ৰাম মন্দিৰ নিৰ্মাণ নকৰিলেহেঁতেন ৷ "

অহা ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনত মুঠ ৫খন প্ৰচাৰ সভাত ষ্টাৰ কেম্পেইনাৰ হিচাবে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

মুঠ ১৮২ জনীয়া গুজৰাট বিধানসভাৰ বাবে প্ৰথম পৰ্যায়ৰ ৮৯খন আৰু দ্বিতীয় পৰ্যায়ত ৯৩খন আসনত ১ আৰু ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু অহা ৮ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব (Gujarat Assembly Elections 2022) । ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত গুজৰাট বিধানসভাৰ কাৰ্যকাল শেষ হ’ব ।

মনকৰিবলগীয়া বিষয় যে গুজৰাটত বিগত ছটা বিধানসভা নিৰ্বাচনত একেৰাহে বিজয় সাব্যস্ত কৰিছে বিজেপিয়ে । ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯৯খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৭৭খন আসন লাভ কৰিছিল।

লগতে পঢ়ক: India Nepal border sealed: নিৰ্বাচনৰ পূৰ্বে ৭২ ঘন্টাৰ বাবে বন্ধ ইণ্ডো-নেপাল সীমান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.