ETV Bharat / bharat

India Nepal border sealed: নিৰ্বাচনৰ পূৰ্বে ৭২ ঘন্টাৰ বাবে বন্ধ ইণ্ডো-নেপাল সীমান্ত

author img

By

Published : Nov 18, 2022, 8:57 AM IST

২০ নৱেম্বৰত অনুষ্ঠিত হ'ব নেপালত ভোটগ্ৰহণ(Voting on 20th november in Nepal) । তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে নেপাল চৰকাৰে । নিৰ্বাচনৰ পূৰ্বে অহা ৭২ ঘণ্টাৰ বাবে ইণ্ডো-নেপাল সীমান্ত বন্ধ ৰখা হৈছে(India Nepal border sealed for 72 hours) ।

indo nepal border sealed for 72 hours
নিৰ্বাচনৰ পূৰ্বে ৭২ ঘন্টাৰ বাবে বন্ধ ইণ্ডো-নেপাল সীমান্ত

নিউজ ডেস্ক,১৮ নৱেম্বৰ: নেপালৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অহা ৭২ ঘণ্টাৰ বাবে ইণ্ডো-নেপাল সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত নেপাল চৰকাৰৰ(India Nepal border sealed for 72 hours) । ভাৰত আৰু নেপালৰ বিষয়াসকলৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । গণ্ডক বেৰেজ কোম্পানীৰ কমাণ্ডাৰ ইন্সপেক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সদৰী কৰে এই তথ্য ।

এই সন্দৰ্ভত ৰাজেন্দ্ৰ প্ৰসাদে কয় যে নেপালৰ নৱালপাৰাচী জিলাৰ নিৰ্বাচন আয়ুক্তৰ পৰা বন্ধ সন্দৰ্ভত এখন পত্ৰ লাভ কৰা হৈছিল(Indo Nepal border sealed due to election in Nepal) । যাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে । দেওবাৰে নিশা ৮ বজাত সীমান্ত মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰসাদে ।

নিৰ্বাচন আয়োগৰ উপ-সচিব আৰু মুখপাত্ৰ কমল ভট্টাৰায়ে ভাৰতৰ গৃহ মন্ত্ৰণালয়লৈ এখন পত্ৰ লিখিছিল আৰু সেই বিষয়ে অৱগত কৰিছিল । এই সিদ্ধান্তৰ পিছত, ১৭ নৱেম্বৰৰ মাজনিশাৰ পৰা দুয়োখন দেশৰ মাজত ভ্ৰমণ কৰিবলৈ জনসাধাৰণক অনুমতি দিয়াটো বন্ধ কৰা হৈছে । ২০ নৱেম্বৰত নেপালত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ(Voting on 20th November in Nepal) ।

উল্লেখ্য যে কোনোবাই যদি এয়াৰলাইনৰ জৰিয়তে নেপাল ভ্ৰমণ কৰে, তেওঁলোকে পাছপোৰ্ট আৰু টিকট প্ৰস্তুত কৰিব লাগিব । বিষয়াগৰাকীয়ে উল্লেখ কৰে যে এম্বুলেন্স, পানীৰ টেংকাৰ, গাখীৰ টেংকাৰ, অগ্নি নিৰ্বাপক গাড়ী আদিকে ধৰি জৰুৰীকালীন সেৱাসমূহৰ ক্ষেত্ৰত এই বন্ধ প্ৰযোজ্য নহ'ব ।

লগতে পঢ়ক: Dead body recovered at Rangapara: কছাৰীগাঁও চাহ বাগিচাত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.