2022 Assam floods: ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত পথ-দলং মেৰামতিত চৰকাৰৰ অনীহা !

author img

By

Published : Nov 24, 2022, 7:26 AM IST

Flood damage report revealed government reluctance

চলিত বছৰত হৈ যোৱা দুটাকৈ বানত ৰাজ্যৰ 35 খন জিলাত 3 লাখতকৈ অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে (Flood damages in Assam)। কিন্তু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক তথ্য মতে, এতিয়ালৈকে ৩০ শতাংশ নিৰ্ধাৰিত বান ক্ষতিগ্ৰস্ত লোকে ক্ষতিপূৰণ পোৱা নাই (Flood damage report revealed government reluctance) ।

গুৱাহাটী, 24 নৱেম্বৰ: ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বানত হোৱা ক্ষয়ক্ষতিক লৈ প্ৰকাশ পোৱা চূড়ান্ত প্ৰতিবেদন মতে, চলিত বছৰত হৈ যোৱা দুটাকৈ বানত ৰাজ্যৰ 35 খন জিলাত 3 লাখতকৈ অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে (Flood damages in Assam)। এই ক্ষতিৰ পৰিমাণ 122 কোটি 74 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে । ৰাজ্যৰ জিলা উপায়ুক্তসকলৰ আৰু বিভাগীয় মন্ত্ৰীসকলৰ বান ক্ষতিগ্ৰস্তৰ চূড়ান্ত প্ৰতিবেদনৰ ভিত্তিত এই তথ্য সদৰি কৰা হৈছে (Report on flood damages)। এই ক্ষতিগ্ৰস্ত ঘৰবোৰৰ ভিতৰত 5,532 টা পকী ঘৰ বানত সম্পূর্ণ জাহ গৈছে ।

আনহাতে 3 হাজাৰ 313 টা পকী, 1 লাখ 53 হাজাৰ 774 টা কেঁচা ঘৰ, 35 হাজাৰ 625 টা জুপুৰী ঘৰ আৰু 8 হাজাৰ 753 টা পশুগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । যোৱা 15 আগষ্টত এই ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰি 122 কোটি 74 লাখ টকা চৰকাৰে ক্ষতিগ্ৰস্তসকলক মুকলি কৰি দিছিল । কিন্তু এতিয়ালৈকে বানত ক্ষতিগ্ৰস্ত সকলো লোকে ক্ষতিপূৰণ পোৱা নাই । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক তথ্য মতে, এতিয়ালৈকে ৩০ শতাংশ নিৰ্ধাৰিত বান ক্ষতিগ্ৰস্ত লোকে ক্ষতিপূৰণ পোৱা নাই (Flood damage report revealed government reluctance) ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ৰাজহ বিভাগৰ তথ্য মতে, ৰাজ্যৰ জিলা উপায়ুক্তসকলৰ আৰু বিভাগীয় মন্ত্ৰীসকলৰ বান ক্ষতিগ্ৰস্তৰ চূড়ান্ত প্ৰতিবেদন মতে, ৰাজ্যত যোৱা দুটা বানত 153 টা ৰাজহ চক্ৰৰ 1000 খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । বানত 2 লাখ 43 হাজাৰ 799 হেক্টৰ শস্যভূমি ক্ষতিগ্ৰস্ত হৈছে (crop land damage in flood) ।

আন এক তথ্য অনুসৰি, বানত 5673 টা পথ, 234 খন দলং আৰু 224 টা স্থানত মথাউৰি ক্ষতিগ্ৰস্ত হৈছে । অহা 15 আগষ্টৰ পিছত এই সন্দৰ্ভত চৰজমিন নিৰীক্ষণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰি ক্ষতিপূৰণৰ ধন নিৰ্ধাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল ৷ এই সন্দৰ্ভত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে জনাইছিল যে, বানৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলিত বছৰত এতিয়ালৈকে দুটা কিস্তিত 324 কোটি টকাকৈ দিছে । ধন দিয়াৰ পিছতো এতিয়ালৈকে বানত ক্ষতিগ্ৰস্ত 5673 টা পথ, 234 খন দলং আৰু 224 টা স্থানত মথাউৰিৰ মেৰমতিৰ কাম আৰম্ভ হোৱা নাই ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যে ছেপ্তেম্বৰৰ পৰা বানত ক্ষতিগ্ৰস্ত 5673 টা পথ, 234 খন দলং আৰু 224 টা স্থানত মথাউৰিৰ মেৰমতিৰ কাম আৰম্ভ কৰা হ’ব । এতিয়া দুমাহ উকলি যোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি মতে বানত ক্ষতিগ্ৰস্ত 5673 টা পথ, 234 খন দলং আৰু 224 টা স্থানত মথাউৰিৰ মেৰমতিৰ কাম আৰম্ভ হোৱা নাই । যাৰ‌ বাবে বহু বাধাগ্ৰস্থ অঞ্চলত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈ আছে ।

তথ্য মতে বৰপেটা জিলাত বানত 173 টা পথ, 19 খন দলং ক্ষতিগ্ৰস্ত হৈছিল । পৰিতাপৰ কথা যে এতিয়ালৈকে বৰপেটা জিলাত বানত ক্ষতিগ্ৰস্ত 173 টা পথ, 19 খন দলঙৰ মেৰামতি হোৱা নাই । একেদৰে নলবাৰী, নগাঁও, মৰিগাঁও আদি জিলাতো অনুৰূপ অৱস্থা । এই ক্ষেত্ৰত যেন চৰকাৰৰ খবৰ ল'বলৈ আহৰি নাই । এনে পৰিস্থিতিত ৰাইজে একাংশ বানত ক্ষতিগ্ৰস্ত পথ নিজে মেৰামতি কৰি যাতায়ত সুচল কৰি লোৱা দেখা গৈছে ।

লগতে পঢ়ক: Lachit Divas in Delhi: বীৰ লাচিতৰ বন্দনাৰে মুখৰিত দেশৰ ৰাজধানী দিল্লী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.