ETV Bharat / state

শিলচৰত জ'ৰামথাংগাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ AAMSUৰ

author img

By

Published : Jul 30, 2021, 7:27 PM IST

Mizoram chief minister effigy burn at Silchar
মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি শিলচৰত AAMSUৰ কৰ্মকৰ্তাৰ প্ৰতিবাদ

অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ বৰ্বৰ আক্ৰমণক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে । মিজোৰামৰ আগ্ৰাসী মনোভাৱক ধিক্কাৰ দিছে বিভিন্ন দল-সংগঠনে । বৃহস্পতিবাৰে শিলচৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে । লগতে শিলচৰস্থিত মিজোৰাম ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বৰাক সচেতন যুৱ মঞ্চই ।

শিলচৰ, ৩০ জুলাই: মিজোৰামৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ অসমত । বৃহস্পতিবাৰে শিলচৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা আৰু বৰাক সচেতন যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শিলচৰ চহৰৰ খুদিৰাম বসুৰ প্ৰতিকৃতিৰ সন্মুখতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই মিজোৰামৰ মুখ্যমন্ত্ৰী জ'ৰামথাংগাৰ প্ৰতিকৃতি দাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে । লগতে মিজো আৰক্ষীৰ বৰ্বৰ কাণ্ডক গৰিহণা দিয়ে ।

আনহাতে, শিলচৰস্থিত মিজোৰাম ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বৰাক সচেতন যুৱ মঞ্চই । বৰাক উপত্যকাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাতো বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে । উল্লেখ্য যে, যোৱা ২৬ জুলাইত কাছাৰৰ লাইলাপুৰত অসম-মিজোৰাম সীমান্তত (Assam Mizoram Border) মিজো আৰক্ষীয়ে অপ্ৰৰোচিতভাৱে অসম আৰক্ষীক আক্ৰমণ কৰে । এই ঘটনাত অসমৰ ৬গৰাকী আৰক্ষী জোৱান শ্বহীদ হয় ।

Mizoram chief minister effigy burn at Silchar
মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি শিলচৰত AAMSUৰ কৰ্মকৰ্তাৰ প্ৰতিবাদ

এই আক্ৰমণতে এগৰাকী সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱাবলগীয়া হয় । আনহাতে কেইবাগৰাকীও আৰক্ষী বিষয়া গুলীবিদ্ধ হৈ বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । মিজো আৰক্ষীয়ে কেৱল অসমৰ আৰক্ষীৰ জোৱানক আক্ৰমণ কৰাই নহয়, সীমান্তত থকা অসমীয়া লোকৰ বাসগৃহ দখল কৰিবলৈ আৰম্ভ কৰিছে ।

অস্ত্ৰ-শস্ত্ৰৰ ভয় দেখুৱাই অসমীয়া লোকক নিজৰ ঘৰৰ পৰাই খেদি পঠিয়াই মিজো আৰক্ষীয়ে । এতিয়া সেইবোৰ স্থানত মিজো আৰক্ষীয়ে বাংকাৰ নিৰ্মাণ কৰিছে বুলি স্থানীয় লোকে জানিবলৈ দিছে । আনহাতে, অসম চৰকাৰে কেৱল সীমান্তৰ অসমীয়া ৰাইজক শংকিত নহ'বলৈ আশ্বাস দিয়া দেখা গৈছে । ইতিমধ্যে, কাছাৰৰ অসম-মিজোৰাম সীমান্তলৈ গৈ জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে পৰিস্থিতিৰ বুজ লৈছে ।

লগতে তেওঁ ৰাইজক ভীতিগ্ৰস্ত নহ'বলৈ আহ্বান জনাইছে । কিন্তু মিজো আৰক্ষীৰ আগ্ৰাসনক লৈ নিৰাপত্তাহীনতাত ভূগিছে স্থানীয় লোকসকল । কিয়নো, সীমান্তৰ কোনো কোনো স্থানত অসম চৰকাৰে নিৰাপত্তা কটকটীয়া কৰিছে যদিও আন কোনো কোনো স্থানত মিজো আৰক্ষীয়ে অসমীয়া লোকক ভাবুকি দি আহিছে ।

লগতে পঢ়ক:অসম-মিজোৰাম সীমান্তৰ ৰাইজক শংকিত নহ’বলৈ আহ্বান অশোক সিংঘালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.