ETV Bharat / state

অসম-মিজোৰাম সীমান্তৰ ৰাইজক শংকিত নহ’বলৈ আহ্বান অশোক সিংঘালৰ

author img

By

Published : Jul 30, 2021, 9:42 AM IST

অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ ল'বলৈ কাছাৰ জিলাৰ সীমান্তত উপস্থিত হয় কাছাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং, বিধায়ক কৌশিক ৰায় আৰু দীপায়ন চক্ৰৱৰ্তী । স্থানীয় ৰাইজক শংকিত নহ'বলৈ আশ্বাস দিলে অভিভাৱক মন্ত্ৰীগৰাকীয়ে ।

Minister ashok singhal, parimal shuklabaidya, ADGP GP Singh visits Assam-Mizoram border
assam

শিলচৰ, ২৯ জুলাই : বৃহস্পতিবাৰে কাছাৰৰ অসম-মিজোৰাম সীমান্তত উপস্থিত হ'ল অসমৰ দুগৰাকী মন্ত্ৰী, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং আৰু বিধায়ক কৌশিক ৰায় আৰু দীপায়ন চক্ৰৱৰ্তী । কাছাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘল, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ লয় । অসম আৰক্ষীৰ ওপৰত মিজো আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণক লৈ ক্ষোভিত হৈ পৰিছে সীমান্তৱৰ্তী অঞ্চলৰ অসমীয়া ৰাইজ । কাছাৰ সীমান্তত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে স্থানীয় ৰাইজে ।

ইফালে, শাসকীয় দলৰ নেতা-মন্ত্ৰীসকলে স্থানীয় ৰাইজৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । বৃহস্পতিবাৰে সীমান্তৱৰ্তী অঞ্চলটোত উপস্থিত হৈ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰাণ গ'লেও অসমৰ এক ইঞ্চিও মাটি মিজোৰামক এৰি নিদিয়ে । লগতে তেওঁ স্থানীয় ৰাইজক শংকিত নহ'বলৈ আশ্বাস দি কয় যে, এতিয়া সীমান্তৱৰ্তী অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । অসম-মিজোৰাম সীমান্তত চি আৰ পি এফ বাহিনী মোতায়েন কৰা হৈছে ।

কাছাৰৰ অসম-মিজোৰাম সীমান্তত উপস্থিত অসমৰ মন্ত্ৰী, এডিজিপি জি পি সিং

লগতে তেওঁ জানিবলৈ দিয়ে যে, ৰাজদ্বীপ ৰয়ে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক এই ঘটনা সন্দৰ্ভত ক্ষেত্ৰভিত্তিক প্ৰতিবেদন দাখিল কৰিব । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম-মিজোৰাম সীমান্তত উপস্থিত হৈছে অসমৰ মন্ত্ৰী দুগৰাকী ।

পৰিস্থিতি সুস্থিৰ নোহোৱা পৰ্যন্ত তেওঁলোকে তাতে থাকিব বুলিও জানিবলৈ দিছে অভিভাৱক মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, যোৱা ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰতে অতৰ্কিতে গুলীচালনা কৰে । এই ঘটনাত অসমৰ ৬ জন আৰক্ষী জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়া আহত হয় ।

লগতে পঢ়ক:অসমীয়া লোকক ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.