ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 4, 2022, 7:01 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ শেষ নিশ্বাস

টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰী নিহত(Cyrus Mistry died in road accident in Palghar) ৷ মুম্বাইৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয় চাইৰাছ মিস্ত্ৰীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 54 বছৰ(Cyrus Mistry dead) ৷

জেহাদী প্ৰসংগত ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে DGPৰ আলোচনা

জেহাদীৰ সাংগঠনিক ভেটি উচ্ছেদ কৰা উদ্দেশ্য দেওবাৰে কেইবাটাও ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হ’ল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar Jyoti mahanta)৷

ৰাজ্যৰ শিক্ষকসকলক লৈ হেতালি খেলিছে চৰকাৰে: জাতীয় পৰিষদ

সমাগত শিক্ষক দিৱস ৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ সৰৱ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ নিটিআয়োগৰ প্ৰতিবেদন অনুসৰি অসমৰ শিক্ষা খণ্ডৰ অৱস্থা দেশৰ আটাইতকৈ তলৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন (Lurinjyoti Gogoi press conference about teachers day)৷

দিখৌমুখৰ সোপাধৰাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ দুজনক

আজিও মাৰ যোৱা নাই গৌৰীসাগৰৰ দিখৌমুখৰ সোপাধৰাকাণ্ডৰ উত্তেজনা ৷ মঙলবাৰে নিশা শিৱসাগৰৰ গৌৰীসাগৰৰ দিখৌমুখ তেলিয়াডোঙাত সোপাধৰাৰ সন্দেহত একাংশ ৰাইজে উত্তম-মধ্যম দিছিল এজন লোকক (Kidnapper in Sivasagar) ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল ভুক্তভোগী বিহাৰৰ সুনীল কুমাৰ (24) ৷

অৱশেষত নিয়তিৰ কোলাত শুই পৰিল মুস্তাফিজুৰ ৰহমান

মৰমলগা দুই সন্তানক নিথৰুৱা কৰি শেষ নিশ্বাস ত্যাগ কৰে জুৰীয়াৰ সৰবৰহী যুৱক মুস্তাফিজুৰ ওৰফে ৰ’জে (Social worker Mustafizur Rahman passes away) । ৰ’জৰ মৃত্যুত এতিয়া সমগ্ৰ নগাঁৱতে পৰিছে শোকৰ ছাঁ ৷

দেওপানী নৈৰ পাৰত এটা কুকুৰৰ বিৰহ

কাৰ মন নাযায় আপোন ঘৰলৈ উভতিবলৈ ? কোনে নিবিচাৰে আপোন স্থানত থাকিবলৈ ? কিন্তু, সময়ে সলনি কৰে সকলো । এটা কুকুৰৰ কথাৰে এই প্ৰতিবেদন(Sad story of a dog) ।

সীমান্তবাসীৰ জীৱন-সম্পত্তি নিশ্চিত কৰাৰ দাবী জাতীয়তাবাদী যুৱ পৰিষদৰ

অসমৰ তিনিচুকীয়া জিলাৰ পৰা আৰম্ভ কৰি লখিমপুৰ আৰু ধেমাজিলৈকে অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত দীৰ্ঘদিন ধৰি সীমাক লৈ সংঘাত চলি আহিছে(Border dispute of Assam) ৷ ইয়াৰ মাজতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম-অৰুণাচল সীমান্তৱতী অঞ্চলৰ চিলনীত শনিবাৰে এখন সভাত অংশগ্ৰহণ কৰি (Minister Jayanta Malla baruah)উভতি অহাৰ পিছতেই আৰম্ভ হয় প্ৰচণ্ড মাৰপিট ।

গোলাপ বৰুৱাৰ হত্যাত জড়িত থকাৰ সন্দেহত আঠজনক আটক

31 আগষ্টত জোনাইত সোপাধৰাৰ সন্দেহত সংঘটিত হৈছিল এক বৰ্বৰ হত্যাকাণ্ড ৷ বৰ্তমানলৈকে এই হত্যাকাণ্ডৰ লগত জড়িত মুঠ 8 জনক গ্ৰেপ্তাৰ কৰিছে জোনাই আৰক্ষীয়ে (Eight people arrested in Jonai Mob lynching) ৷

বিলাসীপাৰাৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত জনতাৰ ৰুদ্ৰৰূপ

বিলাসীপাৰাৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত দেওবাৰে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ(Bilasipara block development office) ৷ খণ্ড উন্নয়ণ বিষয়া আলী আকবৰৰ বিৰুদ্ধে দীৰ্ঘদিনে উত্থাপিত হৈ অহা কেতবোৰ অভিযোগৰ পৰিণতিত দেওবাৰে ৰাইজৰ ৰোষত পৰিল বিষয়াগৰাকী ৷

ট্ৰেক্টৰ চলাই পথাৰত নামিল কৃষিমন্ত্ৰী অতুল বৰা

ৰাজ্যজুৰি কৃষিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ বোকাখাতৰ চহলা চাপৰি আৰু গাভৰু চাপৰিত কৃষি বিভাগৰ 1000 বিঘা ভূমিত মাটি মাহৰ বীজ সিঁচি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora in paddy field)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.