দিখৌমুখৰ সোপাধৰাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ দুজনক

By

Published : Sep 4, 2022, 6:33 PM IST

thumbnail

আজিও মাৰ যোৱা নাই গৌৰীসাগৰৰ দিখৌমুখৰ সোপাধৰাকাণ্ডৰ উত্তেজনা ৷ মঙলবাৰে নিশা শিৱসাগৰৰ গৌৰীসাগৰৰ দিখৌমুখ তেলিয়াডোঙাত সোপাধৰাৰ সন্দেহত একাংশ ৰাইজে উত্তম-মধ্যম দিছিল এজন লোকক (Kidnapper in Sivasagar) ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল ভুক্তভোগী বিহাৰৰ সুনীল কুমাৰ (24) ৷ ইতিমধ্যে আৰক্ষীয়ে দিখৌমুখৰ গণপ্ৰহাৰত জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীৰ জালত পৰা কেইজন নামদাং শিলৰ সাঁকোৰ অমল নেওগ আৰু দিখৌমুখ তেলিয়াডোঙাৰ মানিক টাই বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, মংগলবাৰে নিশা সোপাধৰাৰ সন্দেহত সুনিল কুমাৰ নামৰ বিহাৰৰ এজন ব্যক্তিক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল একাংশ উত্তেজিত লোকে (Man attacked on suspicion of kidnapper) । আনকি সুনিল কুমাৰক উদ্ধাৰ কৰিবলৈ যোৱা পাঁচগৰাকী আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰিছিল একাংশই । উল্লেখ্য যে, বৰ্তমান গৌৰীসাগৰ আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 147/148/149/325/506/353 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় অমল নেওগ আৰু মানিক টাইক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.