ETV Bharat / state

বিলাসীপাৰাৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত জনতাৰ ৰুদ্ৰৰূপ

author img

By

Published : Sep 4, 2022, 5:00 PM IST

বিলাসীপাৰাৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত দেওবাৰে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ(Bilasipara block development office) ৷ খণ্ড উন্নয়ণ বিষয়া আলী আকবৰৰ বিৰুদ্ধে দীৰ্ঘদিনে উত্থাপিত হৈ অহা কেতবোৰ অভিযোগৰ পৰিণতিত দেওবাৰে ৰাইজৰ ৰোষত পৰিল বিষয়াগৰাকী ৷

Bilasipara block development office
বিলাসীপাৰাৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত জনতাৰ ৰুদ্ৰৰূপ

পশ্চিম বিলাসীপাৰা, 4 আগষ্ট: দালালৰাজ শেষ হোৱা নাই ৰাজ্যত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত সৰৱ হৈছে ৷ গ্ৰেপ্তাৰ কৰিছে ইজনৰ পাছত সিজন ঘোচখোৰ চৰকাৰী কৰ্মচাৰীক (Corrupted govt employee arrested)৷ ইয়াৰ পাছতো গা লৰা নাই একাংশ কৰ্মচাৰীৰ ৷ এনে এজন ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল বিলাসীপাৰাৰ স্থানীয় লোক ৷

বিলাসীপাৰাৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত জনতাৰ ৰুদ্ৰৰূপ

বিলাসীপাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত(Bilasipara block development office) অৱসান ঘটা নাই দালালৰাজ ৷ উন্নয়ণ খণ্ডটোৰ খণ্ড উন্নয়ণ বিষয়াগৰাকীৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপিত হৈছে আহিছে উৎকোচ লোৱাৰ অভিযোগ ৷ যিকোনো আঁচনিৰ কামৰ ক্ষেত্ৰত লাখে-লাখে টকাৰ উৎকোচ লোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ অৱশেষত দেওবাৰে অতিষ্ঠ জনতাই কাৰ্যালয়টোৰ ভিতৰত ধাৰণ কৰে ৰুদ্ৰমূৰ্তি ৷

দুৰ্নীতিৰ সদাগৰ হিচাবে পৰিচিত খণ্ড উন্নয়ণ বিষয়া আলী আকবৰৰ দুৰ্নীতিত অতিষ্ঠ হৈ পৰি খোদ বিষয়াগৰাকীৰ সন্মুখতেই দীৰ্ঘদিনীয়া ক্ষোভৰ উদগীৰণ ঘটালে ৰাইজে । কেৱল খণ্ড উন্নয়ণ বিষয়াগৰাকীয়েই নহয়, কাৰ্যালয়টোৰ আন বিষয়া-কৰ্মচাৰীসকলেও ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হোৱাত কাৰ্যালয়টোত সৃষ্টি হ’ল চৰম উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Bilasipara)।

জনতাৰ জবাবদিহিত জবাবহীন হৈ পৰে খণ্ড উন্নয়ণ বিষয়া আলী আকবৰ (Bilasipara BDO Ali Akbar)। বিষয়াজনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ(Assam CM Vigilance cell) তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.