ETV Bharat / bharat

টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ শেষ নিশ্বাস

author img

By

Published : Sep 4, 2022, 4:46 PM IST

Updated : Sep 4, 2022, 5:39 PM IST

টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰী নিহত(Cyrus Mistry died in road accident in Palghar) ৷ মুম্বাইৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয় চাইৰাছ মিস্ত্ৰীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 54 বছৰ(Cyrus Mistry dead) ৷

TATA group former Chairman Cyrus Mistry passes away
টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ শেষ নিশ্বাস ত্যাগ

নিউজ ডেস্ক, 4 আগষ্ট: টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ দেওবাৰে মুম্বাইত এক পথ দুৰ্ঘটনাত মৃত্যু হয়(Cyrus Mistry killed in road accident) ৷ পালঘৰৰ আৰক্ষী অধীক্ষকে দুৰ্ঘটনাটোত তেওঁৰ মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰে(Former Chairman of Tata sons Cyrus Mistry is dead) ৷ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ সমীপৱৰ্তী মুম্বাইত এটা ডিভাইডাৰত খুন্দা মাৰে মিস্ত্ৰীৰ বাহনখনে ৷

টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ শেষ নিশ্বাস ত্যাগ

চাইৰাছ মিস্ত্ৰীয়ে আহমেদাবাদৰ পৰা মুম্বাইলৈ তেওঁৰ মাৰ্চিডিজ গাড়ীৰে আহি থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ সৰযু নদীৰ (Surya river) ওপৰত এখন দলঙত দেওবাৰে বিয়লি প্ৰায় 3.15 বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ আনহাতে মিস্ত্ৰীৰ সৈতে যাত্ৰা কৰা আন এজন ব্যক্তিৰ লগতে তেওঁৰ গাড়ী চালকজন এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ।

সম্প্ৰতি আহত লোক দুজনক গুজৰাটৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ পেলোঞ্জি মিস্ত্ৰীৰ জন্ম হৈছিল 1968 চনৰ 4 জুলাইত । তেওঁ 2012 চনৰ 28 ডিচেম্বৰত টাটা চন্সৰ অধ্যক্ষ হিচাপে নিযুক্ত হয়(Former chairman of Tata Sons Cyrus Mistry) । কিন্তু 2016 চনৰ 24 অক্টোবৰত টাটা চন্সে চাইৰাছ মিস্ত্ৰীক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰে ।

লগতে পঢ়ক : বাংলাদেশৰ ওপৰত ১ নিযুতৰো অধিক ৰোহিংগীয়া শৰণাৰ্থীৰ বোজা : শ্বেখ হাছিনা

Last Updated :Sep 4, 2022, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.