ETV Bharat / bharat

বাংলাদেশৰ ওপৰত ১ নিযুতৰো অধিক ৰোহিংগীয়া শৰণাৰ্থীৰ বোজা : শ্বেখ হাছিনা

author img

By

Published : Sep 4, 2022, 1:53 PM IST

বাংলাদেশত ১ নিযুতৰো অধিক ৰোহিংগীয়া শৰণাৰ্থী আছে । যি এতিয়া বাংলাদেশৰ বাবে এক ডাঙৰ বোজা (Rohingya refugees in Bangladesh)। ৰোহিংগীয়াৰ উপস্থিতিয়ে দেশখনৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । দেশখনৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে ই বিপদজনক । সাংবাদিকৰ সন্মুখত গুৰুত্বপূৰ্ণ মন্তব্য দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ।

Bangladesh
বাংলাদেশৰ ওপৰত বোজা ১ নিযুতৰো অধিক ৰোহিংগীয়া

নেশ্যনেল ডেস্ক,৪ ছেপ্টেম্বৰ : ৰোহিংগীয়া শৰণাৰ্থীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ (Bangladesh PM on Rohingya migrants)। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে ৰোহিংগীয়া শৰণাৰ্থীসকল বাংলাদেশৰ ওপৰত এক "ডাঙৰ বোজা" (Rohingya refugees are big burden on Bangladesh)। শৰণাৰ্থীসকলক নিজৰ মাতৃভূমিলৈ উভতাই পঠিয়াবলৈ দেশখনে বিভিন্ন আন্তৰ্জাতিক স্তৰৰ সহায় বিচাৰিছে । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে তেওঁ আশাবাদী দেশখনৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

সংবাদ মাধ্যমৰ সন্মুখত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বাংলাদেশত লাখ লাখ ৰোহিংগীয়াৰ উপস্থিতিয়ে দেশখনৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । তেওঁ উল্লেখ কৰা মতে বাংলাদেশত ১.১ নিযুত ৰোহিংগীয়া আছে । ৰোহিংগীয়াসকলক নিজ দেশলৈ উভতাই পঠিওৱাত চুবুৰীয়া দেশসমূহে কিছু পদক্ষেপ লোৱা উচিত বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে, বাংলাদেশ চৰকাৰে মানৱীয় দৃষ্টিভংগীৰে ৰোহিংগীয়াৰ যত্ন লোৱাৰ চেষ্টা কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মতে ক'ভিড পৰিস্থিতিত সকলো ৰোহিংগীয়াক টীকাকৰণ কৰা হৈছিল । কিন্তু ৰোহিংগীয়সকল বাংলাদেশত কিমান দিনলৈ থাকিব বুলি তেওঁ প্ৰশ্ন কৰে ।

শ্বেখ হাছিনাৰ মতে তেওঁলোক যদিও শিবিৰত আছে দেশখনৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে ই বিপদজনক হ'ব পাৰে । তেওঁ উল্লেখ কৰা মতে একাংশ লোক ড্ৰাগছ, মহিলা সৰবৰাহ বা হিংসাত্মক সংঘৰ্ষত জড়িত থকা দেখা গৈছে । দেশখনত এই অপৰাধমূলক কাৰ্যকলাপ দিনক দিনে বাঢ়ি গৈছে । গতিকে ৰোহিংগীয়াসকল যিমান সোনকালে ঘৰলৈ উভতি যাব, ই বাংলাদেশ আৰু ম্যানমাৰৰ বাবে ভাল হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱা মতে ৰোহিংগীয়াসকল যেতিয়া সমস্যাৰ সন্মুখীন হৈছিল তেতিয়া বাংলাদেশে তেওঁলোকক আশ্ৰয় দিছিল । কিন্তু এতিয়া তেওঁলোকে নিজ দেশলৈ উভতি যোৱা উচিত বুলি কয় হাছিনাই । এই ক্ষেত্ৰত ভাৰতে বিশেষ উদ্যোগ গ্ৰহণ কৰিব পাৰে বুলিও তেওঁ আশা ব্যক্ত কৰে ।

উল্লেখ যে সোমবাৰে চাৰিদিনীয়া কাৰ্যসূচীৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰত ভ্ৰমণ কৰাৰ কথা আছে (Bangladesh PM to visit India)। তাৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।

ভাৰত আৰু বাংলাদেশৰ মাজৰ আভ্যন্তৰীণ জলৰ ভাগ বতৰা সম্পৰ্কেও সাংবাদিকে তেওঁক প্ৰশ্ন কৰে (Water sharing between India and Bangladesh)। কিছু সমস্যা থাকিলেও সেইবোৰ দুয়োখন দেশৰ মাজৰ আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব বুলি তেওঁ আশাবাদী । যিহেতু বাংলাদেশ নিম্নস্তৰত আছে । সেয়ে ভাৰতৰ পৰা নৈবোৰ বাংলাদেশলৈ গতি কৰে । এই ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাবোৰৰ কথা ভাৰতে বিবেচনা কৰিব লাগে বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিয়াই ।

গংগা নৈৰ পানী দুয়োখন দেশেই লাভ কৰে আৰু এই ক্ষেত্ৰত দুয়োখন দেশৰ মাজত চুক্তিও সম্পন্ন হৈছে । কিন্তু কেৱল গংগা নদীয়ে নহয় আন আন নদীৰ পানী ভাগ বতৰাৰ ক্ষেত্ৰতো দুয়োখন দেশৰ চুক্তি হোৱাটো উচিত বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :দুমাহৰ অন্তত স্বদেশৰ ভূমিত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.