ETV Bharat / state

সীমান্তবাসীৰ জীৱন-সম্পত্তি নিশ্চিত কৰাৰ দাবী জাতীয়তাবাদী যুৱ পৰিষদৰ

author img

By

Published : Sep 4, 2022, 6:41 PM IST

অসমৰ তিনিচুকীয়া জিলাৰ পৰা আৰম্ভ কৰি লখিমপুৰ আৰু ধেমাজিলৈকে অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত দীৰ্ঘদিন ধৰি সীমাক লৈ সংঘাত চলি আহিছে(Border dispute of Assam) ৷ ইয়াৰ মাজতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম-অৰুণাচল সীমান্তৱতী অঞ্চলৰ চিলনীত শনিবাৰে এখন সভাত অংশগ্ৰহণ কৰি (Minister Jayanta Malla baruah)উভতি অহাৰ পিছতেই আৰম্ভ হয় প্ৰচণ্ড মাৰপিট ।

Border dispute of Assam
সীমান্তবাসীৰ জীৱন-সম্পত্তি নিশ্চিতৰ দাবী এজেৱাইপিৰ

ধেমাজি, ৪ ছেপ্টেম্বৰ: অসম-অৰুণাচল সীমান্তত থকা গাঁওসমূহৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত তীব্ৰ সংঘাতৰ সৃষ্টি হৈ আহিছে । উল্লেখ্য় যে এই সীমা সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ(CM Dr Himanta Biswa Sarma)মাজত এখন বৈঠকত অনুষ্ঠিত হৈছিল(Assam Arunachal border disputes)।

সীমান্তবাসীৰ জীৱন-সম্পত্তি নিশ্চিতৰ দাবী এজেৱাইপিৰ

ইপিনে, এই দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ আগ্ৰহ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah)। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ নিৰ্দেশতেই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বৈঠকত অনুষ্ঠিত হৈছে । অৱশ্য়ে ইয়াৰ পিচতো সীমান্তৱৰ্তী জয়ৰামপুৰ কেঁচাকাঠনি নামৰ অঞ্চলত শনিবাৰে দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয় (Tense in Assam Arunachal border)৷

অসম-অৰুণাচল সীমান্তৱতী অঞ্চলৰ চিলনীত শনিবাৰে এখন সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা(Minister Jayanta Malla baruah)উভতি অহাৰ পিছতেই আৰম্ভ হয় দুটা ফৈদৰ মাজত সংঘাত ৷ মন্ত্ৰীগৰাকীয়ে দুয়োখন ৰাজ্য়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ মতামত গ্ৰহণৰ সময়তেই উক্ত স্থানত বিৰাজ কৰিছিল চেঁপা উত্তেজনাই ৷

উল্লেখ্য় যে সীমান্তৱৰ্তী ধেমাজিৰ চিলনীত মন্ত্ৰী বৰুৱাই প্ৰৱল বৰষুণৰ মাজত অৰুণাচলৰ দুজন বিধায়ক আৰু সীমান্তৱৰ্তী জিলাৰ প্ৰশাসনক লগত লৈ ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চিলনী, তৰাজান,গেৰমেৰ আদি অঞ্চল পৰিদৰ্শন কৰে ৷ চিলনীত ৰাইজৰ মতামত লৈ মন্ত্ৰীগৰাকী তৰাজানলৈ যোৱাৰ পিছতে অৰুণাচলৰ একাংশ লোকৰ সৈতে অসমৰ সীমান্তৱৰ্তী একাংশ লোকৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ইয়াৰ পাছত অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয় ৷ পূৰ্বেও জয়ৰামপুৰৰ পানবাৰীত সীমান্তৱৰ্তী লোকসকলৰ মাজত সংঘাত হৈ আহিছিল ৷ শনিবাৰে মন্ত্ৰীৰ পৰিদৰ্শনৰ পিছতে এই সংঘাতে মাৰপিটৰ ৰূপ ল'লে ৷

ইপিনে,এই ঘটনাক লৈ দেওবাৰে ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই(AJYP president react on border dispute) ৷ সীমান্তৱৰ্তী ৰাইজৰ জীৱন আৰু সম্প্ৰতিৰ নিৰাপত্তাৰ স্বাৰ্থত অচিৰেই সীমা সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নেতাগৰাকীয়ে ৷ তেওঁ কয় যে দুয়োখন ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী দুগৰাকীয়ে এই সমস্য়া সমাধানৰ বাবে সদিচ্ছা প্ৰকাশ কৰা নাই । সীমান্তৱৰ্তী ৰাইজৰ জীৱন-সম্পত্তি নিশ্চিত কৰিবলৈ তেওঁ দাবী জনায় ।

অসম-অৰুণাচলৰ মাজত বিভিন্ন ঠাইত ভূমিৰ সীমা সংঘাতক লৈ বিবাদ সৃষ্টি হৈ থকাৰ মাজতে যোৱা ৩০ আগষ্টত জোনাইৰ অসম-অৰুণাচল সীমান্তৰ কিছু ঠাই পৰিদৰ্শন কৰিছিল দুয়োখন ৰাজ্যৰ প্ৰশাসনে‌ । বিশেষকৈ অসম আৰু অৰুণাচল সীমান্তৰ অয়ান জামপানী আৰু ঈশ্বৰ পথাৰত‌ কিছু দিন আগৰ পৰা সীমাক লৈ সৰু-সুৰা সংঘাত সৃষ্টি হৈ থকা পৰিলক্ষিত হৈ আহিছে (Border dispute in Dhemaji)।

লগতে পঢ়ক:নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰৰ হেঁচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.