ETV Bharat / state

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰৰ হেঁচা

author img

By

Published : Sep 2, 2022, 8:09 PM IST

NHPC Lower subansiri project
নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰৰ হেঁচা

জানুৱাৰীত এটা ইউনিটৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ বাবে যুদ্ধকালীন তৎপৰতা এন এইচ পি চিৰ (NHPC Lower subansiri project)। প্ৰকল্পটোৰ মুঠ ৮ টা ইউনিটৰে দুটা ইউনিট সম্পূৰ্ণ হৈ উঠিছে । বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ আৰু বিশেষজ্ঞৰ মতামতক মষিমূৰ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰকল্পটো সম্পূৰ্ণ কৰি তোলাৰ বাবে প্ৰয়োগ কৰিছে সৰ্বশক্তি । বান্ধটোৰ নতুন আকৃতিৰ সংশোধিত অংকন আৰু ডিজাইন ৰাজহুৱা নকৰাক লৈ শংকা ব্যক্ত বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰৰ ।

গুৱাহাটী, ২ ছেপ্টেম্বৰ: নিৰ্ধাৰিত সময়ৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো ইউনিটৰ উৎপাদন আৰম্ভ কৰিব নোৱাৰাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে(Power minister R K Singh)৷ শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ(NHPC Lower Subansiri Dam) অগ্ৰগতিৰ বুজ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যিমান পাৰি সিমান সোনকালে প্ৰকল্পটোৰ কাম সমাপ্ত কৰাৰ বাবে এন এইচ পি চিক নিৰ্দেশ দিছে ।

জলবিদ্যুৎ প্ৰকল্পটোৰ ৰূপায়ণকাৰী প্ৰতিষ্ঠান এন এইচ পি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ উপস্থিতিত অনুষ্ঠিত এই পর্যালোচনা বৈঠকত মন্ত্ৰীজনে প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ বুজ লোৱাৰ লগতে খোদ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকল্পটোৰ কাম যিমান পাৰি সিমান সোনকালে সমাপ্ত কৰাত গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰে । মন কৰিবলগীয়া কথা যে দুই হাজাৰ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰথমটো ইউনিটৰ উৎপাদন চলিত আগষ্ট মাহতে আৰম্ভ কৰাৰ কথা আছিল । কিন্তু কাৰিকৰী কাৰণত এন এইচ পি চিয়ে নিৰ্ধাৰিত সময়ত প্ৰকল্পটোৰ প্ৰথমটো ইউনিট উৎপাদনৰ বাবে সাজু কৰি উলিয়াব নোৱাৰিলে ।

এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ দিল্লীত পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা কাৰ্য বিশেষ লক্ষণীয় হৈ পৰিছে । শক্তি বিভাগৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিবলৈ খুজিছিল । সেয়েহে প্ৰকল্পটোৰ উৎপাদন আগষ্ট মাহত আৰম্ভ কৰাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিশেষভাৱে গুৰুত্ব দিছিল ।

কিন্তু উক্ত সময়ৰ ভিতৰত প্ৰকল্পটোৰ কাম সমাপ্ত নোহোৱাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও এতিয়া শক্তি বিভাগৰ পৰা তথ্য বিচাৰিছে । যাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে প্ৰকল্পটোৰ অগ্ৰগতিৰ সন্দৰ্ভত এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি যিমান পাৰি সিমান সোনকালে প্ৰকল্পটোৰ কাম সমাপ্ত কৰাত গুৰুত্ব দিছে । যাৰ পৰিপ্ৰেক্ষিতত এন এইচ পি চিয়ে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ।

এন এইচ পি চিৰ সূত্ৰই জনোৱা মতে গেৰুকামুখত নির্মীয়মাণ ২০০০ মেগাৱাটসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । প্ৰকল্পটোৰ পৰা এন এইচ পি চিয়ে ২০২৩ বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা প্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায়বোৰ কামেই সম্পূৰ্ণ হৈ উঠিছে । ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধৰ কাম এতিয়া প্ৰায় ১০০ মিটাৰ সম্পূৰ্ণ হৈ উঠাৰ লগতে পাৱাৰ হাউছৰ কাম সম্পূৰ্ণ হৈ উঠিছে ।

মূল বান্ধৰ কাম ৯০ শতাংশৰো অধিক সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী থকা প্ৰায় ১০ শতাংশ কাম এন এইচ পি চিয়ে চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে প্ৰকল্পটোৰ মুঠ ৮ টা ইউনিটৰে দুটা ইউনিট সম্পূৰ্ণ হৈ উঠিছে । অসমৰ ধেমাজি জিলাৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মীয়মাণ এই প্ৰকল্পটোৰ সম্পূৰ্ণ হৈ উঠিলেও অসমে ইয়াৰ পৰা অতি ক্ষুদ্ৰ অংশহে বিদ্যুৎ শক্তি লাভ কৰাৰ বিপৰীতে গৰিষ্ঠসংখ্যক বিদ্যুৎ শক্তি লাভ কৰিব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে ।

পৰিতাপৰ কথা যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে অদূৰ ভৱিষ্যতে লখিমপুৰ, ধেমাজি আৰু মাজুলীত বৃহৎ ক্ষতি কৰাৰ সম্ভাৱনাই অধিক বুলি সকলোৱে ব্যক্ত কৰিছে । তেনেস্থলত অসমে মাত্ৰ কেই ইউনিটমানহে প্ৰকল্পটোৰ পৰা বিদ্যুৎ শক্তি লাভ কৰাটো অতি দুর্ভাগ্যজনক কার্য হিচাপে বিবেচিত হৈছে । লক্ষ্যণীয় যে জলবোমাসদৃশ এই বৃহৎ নদীবান্ধ প্ৰকল্পটো বন্ধ কৰাৰ বাবে ৰাজ্যৰ লগতে লখিমপুৰ, ধেমাজি, মাজুলীৰ বিভিন্ন দল-সংগঠনে এটা সময়ত তীব্ৰ প্ৰতিবাদ জনাই আহিছে । দল-সংগঠনৰ প্ৰতিবাদ আৰু বিশেষজ্ঞৰ মতামতক মষিমূৰ কৰি এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰকল্পটো সম্পূৰ্ণ কৰি তোলাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰি আহিছে ।

গেৰুকামুখৰ অতি ঠুনুকা শিলৰ পাহাৰত নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ নিৰ্মাণৰ সময়ত ইতিমধ্যে কেইবাজনো শ্ৰমিকে প্ৰাণ হেৰুৱাবলগা হৈছে । ঠুনুকা শিলৰ পাহাৰত নিৰ্মাণ কৰা বৃহৎ নদীবান্ধ প্ৰকল্পটোৱে যে এটা সময়ত নামনিত বিভীষিকাৰ সৃষ্টি নকৰিব তাক কোনেও নুই কৰিব নোৱাৰে । বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ লগতে বিশেষজ্ঞ সমিতিয়ে আগবঢ়োৱা পৰামৰ্শক(NHPC expert committee advice) আওকাণ কৰি এন এইচ পি চিয়ে গেৰুকামুখত বৃহৎ নদীবান্ধ প্ৰকল্পটো সম্পূৰ্ণ কৰি তোলা কার্যই বিশেষ তাৎপর্য বহন কৰিছে ।

লক্ষ্যণীয় বিষয় যে এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা ইউনিটৰ উৎপাদন ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল যদিও কাৰিকৰী বিজুতিৰ বাবে সম্ভৱ নহ'ল । য‍াৰ বাবে এতিয়া জানুৱাৰী মাহত উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । উল্লেখ্য যে ২০০৬ চনতেই প্ৰকল্পটো নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল যদিও ৰাজ্যখনৰ দল-সংগঠনৰ বাধাৰ বাবে নিৰ্মাণকার্য সম্ভৱ হৈ উঠা নাছিল ।

শাসনলৈ অহাৰ পূৰ্বে বিজেপিয়েও জলবিদ্যুৎ প্ৰকল্পটোৰ ঘোৰ বিৰোধিতা কৰিছিল । কিন্তু কেন্দ্ৰ-ৰাজ্য উভয়তেই বিজেপি শাসনলৈ অহাৰ পাছত দিনে-নিশাই এন এইচ পি চিয়ে প্ৰকল্পটোৰ নিৰ্মাণ আগুৱাই দিয়ে । ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ উৎপাদন আৰম্ভ নৌহওতেই অসমৰ ক্ষতি হ'ব পৰা দেশৰ সৰ্ববৃহৎ দিবাং জলবিদ্যুৎ প্ৰকল্পটোৰো(NHPC Dibang Dam) নিৰ্মাণ আৰম্ভ কৰিবলৈ এন এইচ পি চি কর্তৃপক্ষ সাজু হৈছে ।

উল্লেখ্য যে দিবাং প্ৰকল্পৰ পৰা ২৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদন লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ৩৩,০০০ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা এই প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ কামো প্ৰায় সম্পন্ন হৈছে । নামনি দিবাং ভেলী জিলাৰ দিবাং নৈত নিৰ্মাণ কৰিবলগীয়া দেশৰ এই বৃহৎ প্ৰকল্পটোৰ পৰা স্বাভাৱিকতে অসমত নেতিবাচক প্ৰভাৱ পৰিব বুলি চৰ্চা আৰম্ভ হৈছে । অর্থাৎ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু দিবাং প্ৰকল্প দুয়োটাৰ উৎপাদন আৰম্ভ হ'লে পর্যাপ্ত পৰিমাণৰ বিদ্যুৎ উৎপাদন সম্ভৱ হৈ পৰিব যদিও ইয়াৰ পৰা অসমৰ বিস্তৰ ক্ষতি হোৱাৰ আশংকাও সমানেই থাকিব ।

ইফালে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও বিশেষজ্ঞসকলে দিয়া সংশোধনী তথা পৰামৰ্শ কাৰ্যকৰী কৰা হৈছে নে নাই তাৰ কোনো নিশ্চয়তা কিন্তু এন এইচ পি চিয়ে প্ৰদান কৰা নাই । এক কথাত গোপনেই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলা হৈছে । এই সন্দৰ্ভত বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰে কয় যে ভূ-তাত্ত্বিক অনুসন্ধানৰ প্ৰতিবেদন অনুসৰি তলৰ কঠিন শিলৰ ভেটিৰ পৰ্যাপ্ত গভীৰতাৰ বাবে তেওঁ ১১৬ মিটাৰ উচ্চতাৰ কংক্ৰিট বান্ধৰ ওপৰত উৰ্ধমুখী প্ৰভাৱকলৈ চিন্তিত ।

যদি বান্ধ নিজেই সুৰক্ষিত আৰু শক্তিশালী নহয় তেন্তে সম্ভৱতঃ এটা অতি উচ্চ ভূমিকম্পৰ সংবেদনশীল অঞ্চলত নিৰ্মিত প্ৰকল্পটোৰ পৰা নিম্নমুখী প্ৰভাৱ এৰাই চলিব নোৱাৰি । ২০১২ চনত প্ৰথমে এই কাৰিকৰী দুৰ্বলতা চিনাক্ত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে থাট্টে আৰু ৰেড্ডী কমিটিৰ দৃষ্টিভংগীও একে আছিল । তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰিছিল যে বান্ধটো সুৰক্ষিত নহয় আৰু পৰ্যালোচনা সমিতিৰ জৰিয়তে সকলোবোৰ পুনৰীক্ষণৰ বাবে পৰামৰ্শ দিছিল ।

এতিয়া ১১৬ মিটাৰ উচ্চতাৰ সৈতে বান্ধৰ ৮০ শতাংশ উচ্চতাৰ পৰা ২৭০ শতাংশ লৈ আধাৰ বৃদ্ধি কৰি নিৰ্মাণ কৰা ১১৬ মিটাৰ বান্ধৰ উচ্চতাৰ কথা বিবেচনা কৰি ইতিমধ্যে সম্পূৰ্ণ হোৱা পাৱাৰ হাউচলৈ সকলো চাৰিটা অক্ষত বিন্দু হিচাপে সলনি হ'ব পাৰে । বান্ধটোৰ নতুন আকৃতিৰ সংশোধিত অংকন আৰু ডিজাইন সম্পৰ্কত তেওঁ কয় যে এই সন্দৰ্ভত তেওঁ জ্ঞাত নহয় । এই বিষয়টো এতিয়াও ৰাজহুৱা কৰা হোৱা নাই বুলি তেওঁ সদৰি কৰি শংকা ব্যক্ত কৰে ।

লগতে পঢ়ক: তলাতল ঘৰৰ শোচনীয় অৱস্থা: সৰৱ টাই আহোম যুৱ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.