ETV Bharat / state

তলাতল ঘৰৰ শোচনীয় অৱস্থা: সৰৱ টাই আহোম যুৱ পৰিষদ

author img

By

Published : Sep 2, 2022, 6:17 PM IST

আহোমৰ ঐতিহ্যত মেলিছে ফাট । অস্তিত্বৰ সংকটত ঐতিহাসিক তলাতল ঘৰ (Historical Talatal Ghar in existential crisis) । বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱ ক্ৰমাৎ ধ্বংসৰ মুখলৈ ঐতিহাসিক তলাতল ঘৰ । বখলা-বখলকৈ এৰাইছে দেৱাল । দেৱালত ধৰিছে ভেকুৰ ।

Talatal Ghar
Talatal Ghar

শিৱসাগৰ, ২ ছেপ্টেম্বৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭০০ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা ঐতিহাসিক তলাতল ঘৰ চৰকাৰী পক্ষৰ উদাসীনতাৰ বাবেই ক্ৰমাৎ ধ্বংসৰ মুখলৈ গতি কৰাৰ ঘটনাই শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Talatal Ghar heading towards destruction) ৷

জাতিৰ গৌৰৱ তথা বিশ্ব পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তলাতল ঘৰ ধ্বংসৰ মুখলৈ গতি কৰাক লৈ সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ (Talatal Ghar of Shivsagar in big problem) ৷ বিশেষকৈ তলাতল ঘৰৰ দেৱালত বৃহৎ বৃহৎ ফাঁট মেলাৰ উপৰি দেৱালত ভেকুৰ গজাৰ ঘটনাই এতিয়া ৰাইজক ক্ষোভিত কৰিছে ৷ উল্লেখ্য যে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অন্তৰ্গত শিৱসাগৰ পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই ঐতিহাসিক তলাতল ঘৰ ধ্বংসৰ গৰাহলৈ গতি কৰিছে (Historical Talatal Ghar in existential crisis) ।

তলাতল ঘৰৰ শোচনীয় অৱস্থা: সৰৱ টাই আহোম যুৱ পৰিষদ

ইফালে ভিতৰত বহু ঠাইত বৃহৎ বৃহৎ ফাঁটৰ লগতে ভিতৰৰ পৰা চালৰ তলৰ অংশটোত সেউজীয়া ৰঙৰ ভেকুৰ ধৰা পৰিলক্ষিত হৈছে । এই ভেকুৰসমূহে চালখনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭০০ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা এই ঐতিহাসিক তলাতল ঘৰ সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এলাগী হৈ পৰিছে (Talatal Ghar become alienated)।

আনহাতে, আজিৰে পৰা পাঁচটা বছৰৰ পূৰ্বে তলাতল ঘৰ চাৰিসীমাৰ দেৱাল বাবে 'অমূল্য ধৰোহৰ' আঁচনিৰ নামত প্ৰায় ৪ কোটি টকা, এন পি চি চি পকী দেৱাল নিৰ্মাণৰ নামত ৩ কোটি টকা আহিছিল যদিও পৰিতাপৰ বিষয় যে পাঁচটা বছৰে কাম সম্পূৰ্ণ নহ'ল । যাৰ ফলত এতিয়া তলাতল ঘৰৰ প্ৰাঙ্গণ গৰু-ছাগলীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰ হৈছে । উল্লেখযোগ্য যে টাই যুৱ পৰিষদৰ দাবী, যদি চৰকাৰ আৰু পুৰাতত্ব বিভাগে এইসমূহ সম্পদৰ দায়িত্ব ল'ব নোৱাৰে তেন্তে আমাৰ জাতীয় দল-সংগঠনসমূহক গতাই দিয়ক ।

আনহাতে, অনাগত সময়ত যদি একো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে পুৰাতত্ব বিভাগৰ শিৱসাগৰ কাৰ্যালয় আৰু গুৱাহাটীৰ অধ্যক্ষ কাৰ্যালয়ত তলা লগোৱাৰ হুংকাৰ টাই আহোম যুৱ পৰিষদৰ (Tai Yuva parishad reaction about Talatal Ghar) । সংগঠনটোৰ হুংকাৰক এতিয়া বিভাগে কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :সুদীৰ্ঘ ১৯ বছৰে বন্ধ ৰঙিয়াৰ সুন্ধিয়াৰ পশু চিকিৎসা উপ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.