ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 15, 2022, 11:02 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

আজিৰে পৰা আৰম্ভ মেট্ৰিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা

দুবছৰীয়া বিৰতিৰ মূৰত আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Examination 2022)ৰ লগতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ (HSSLC Examination 2022) পৰীক্ষা ৷ অসমৰ মেট্ৰিকৰ ইতিহাসত এইবছৰ অন্তিমবাৰৰ বাবে অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা ৷ এইবেলি সমগ্ৰ ৰাজ্যৰ প্ৰায় ৯০০ টা পৰীক্ষা কেন্দ্ৰত ৪,৩১,১৩২ গৰাকী শিক্ষাৰ্থী অৱৰ্তীণ হৈছে এই পৰীক্ষাত ৷

HSLC Examination 2022 : আৰম্ভ হ’ল শেষৰটো হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজি অৰ্থাৎ মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হৈছে (HSLC Examination 2022) । পুৱা ৯ বজাৰ লগে লগে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (hslc examination-2022 begins from today) ৷ ৰাজ্যৰ প্ৰায় ৪,৪২,০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

HSLC Examination 2022 : প্ৰশ্নকাকত পঢ়িবলৈ শিক্ষাৰ্থীক দিয়া হৈছে অতিৰিক্ত 15 মিনিট

ৰাজ্যত আজিৰে পৰা অনুষ্ঠিত হৈছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ৷ এইবেলি দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৬,৪৬,১৫৪ গৰাকী শিক্ষাৰ্থী ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪,২১,৫৭৮ গৰাকী শিক্ষাৰ্থী ৷ ইয়াৰে ১,৯৬,০৬৪ জন ছাত্ৰ আৰু ২,২৫,৫১৪ গৰাকী ছাত্ৰী ৷ হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছে ১১,৩০৬ গৰাকী শিক্ষাৰ্থী ৷ ইয়াৰে ৪,২১৮ জন ছাত্ৰ আৰু ৭,০৮৮ গৰাকী ছাত্ৰী ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ২,১৫,০২২ গৰাকী শিক্ষাৰ্থী ৷ ইয়াৰে কলা শাখাত ১,৬৪,২১৯ গৰাকী, বিজ্ঞান শাখাত ৩৪,৪০৭ গৰাকী আৰু বাণিজ্য শাখাত ১৫,৫৮১ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷

আমেৰিকাই ইউক্ৰেইনৰ শৰণাৰ্থীক আত্মৰক্ষাৰ অৰ্থে অস্ত্ৰ প্ৰদান কৰিব : বাইডেন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সোমবাৰে ইউক্ৰেইনক (US to allow Ukrainian refugees) ৰাছিয়াৰ সামৰিক অভিযানৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । টুইটাৰৰ জৰিয়তে ঘোষণা কৰা হৈছিল এই কথা ৷

Holi Preparation at Samaguri Satra : ফল্গু উৎসৱক লৈ উখল-মাখল পৰিৱেশ চামগুৰি সত্ৰত

সমাগত শ্ৰীশ্ৰী কৃষ্ণৰ ফাকুৱা তথা দৌলযাত্ৰা মহোৎসৱ । চলিত মাহৰ ১৭ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ শ্ৰীশ্ৰী চামগুৰি সত্ৰত অনুষ্ঠিত হ’ব দৌলযাত্ৰা মহোৎসৱ (Preparation for Holi celebration in Samguri Satra)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মাজুলীৰ এইখন সত্ৰতো সত্ৰীয়া ৰীতি-নীতিৰে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে ৷

Man Elephant conflict at Golaghat : দৈগ্ৰোং বনাঞ্চলৰ সমীপত বন্যহস্তীৰ উপদ্ৰৱ

ৰাজ্যত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ । বিশেষকৈ গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলসমূহতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict at Golaghat) । ঘৰ-বাৰী, খেতি পথাৰ তহিলং কৰিছে জাক জাক বন্যহস্তীয়ে (Wild elephant damages houses in Golaghat at Nambor) ।

শোণিতপুৰৰ ৩০ কেন্দ্ৰত অনুষ্ঠিত হাইস্কুল-হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষা

ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC examination 2022 begins) । শোণিতপুৰৰ ৩০ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা । জিলাখনৰ ১৪,৫৮০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । প্ৰতিটো কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।

বিজেপিৰ জিলা সভাপতিসহ শতাধিক কৰ্মীৰ কংগ্ৰেছত যোগদান

পশ্চিম কাৰ্বি আংলং জিলাৰ বিজেপিৰ কেইবাজনো নেতাৰ সৈতে শতাধিক সদস্যই সোমবাৰে কংগ্ৰেছ দলত যোগদান কৰে (BJP leader joins Congress)। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ছাৰ্থে ক্ৰামছাৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাৰ উপস্হিতিত ৰাজীৱ ভৱনত এই যোগদান সমাপন কৰা হয় ।

ভাৰত ৰত্ন ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত সমন্বয় তিথি আৰু বঁটা প্ৰদান অনুষ্ঠান

শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত নিৰ্মান কৰা 'ভাৰত ৰত্ন ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত' অনুষ্ঠিত সমন্বয় তিথি আৰু বঁটা প্ৰদান অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত মন্ত্ৰী পৰিমল শুক্ৰবৈদ্যৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি(Award ceremony held at Hojai) ৷

Tamulpur Bomb Blast : তামুলপুৰত সংঘটিত বোমা বিস্ফোৰণ

তামুলপুৰত বোমা বিস্ফোৰণ (Bomb Blast in Tamulpur)। ১ নং পাহাৰপুৰত সংঘটিত হয় এই ঘটনা । অনন্ত ৰামচিয়াৰী নামৰ এজন লোকৰ ঘৰত সংঘটিত এই বিস্ফোৰণ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.