Man Elephant conflict at Golaghat : দৈগ্ৰোং বনাঞ্চলৰ সমীপত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Mar 15, 2022, 9:13 AM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

ৰাজ্যত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ । বিশেষকৈ গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলসমূহতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict at Golaghat) । ঘৰ-বাৰী, খেতি পথাৰ তহিলং কৰিছে জাক জাক বন্যহস্তীয়ে (Wild elephant damages houses in Golaghat at Nambor) । বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে সোমবাৰে কাৰ্তিক কন্ধ নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি তচ-নচ কৰে । ফলত পৰিয়ালটোৰ শিশুসহ 9 জন সদস্যৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে । ভুক্তভোগী পৰিয়ালটোৰ এগৰাকী সদস্যই উল্লেখ কৰা অনুসৰি, ইয়াৰ পূৰ্বেও প্ৰায় 10 বাৰ বন্যহস্তীৰ জাকে ভাঙি তচনচ কৰিছে পৰিয়ালটোৰ বাসগৃহ । ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ মতে, এই সন্দৰ্ভত বাৰম্বাৰ বকিয়াল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীক খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ বা ভুক্তভোগী পৰিয়ালটোৰ খবৰ ল’বলৈ ঘটনাস্থলীত এবাৰলৈও উপস্থিত নহ'ল কোনো এগৰাকী বনকৰ্মী ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.