ETV Bharat / state

বঙাইগাঁৱত উদ্ধাৰ নিষিদ্ধ ঔষধঃ এজনক গ্ৰেপ্তাৰ

author img

By

Published : Nov 2, 2019, 12:36 PM IST

Updated : Nov 2, 2019, 3:24 PM IST

বঙাইগাঁৱৰ বইটামাৰীত শনিবাৰে পুৱা নিষিদ্ধ ঔষধসহ এজনক গ্ৰেপ্তাৰ কৰা হয় ৷ বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত আৰু আমছুৰ সহযোগত চলোৱা হৈছিল এই অভিযান ৷

বঙাইগাঁৱত নিষিদ্ধ ঔষধসহ এজনক গ্ৰেপ্তাৰ

বঙাইগাঁও,2 নৱেম্বৰ : বঙাইগাঁও জিলাৰ বইটামাৰীত শনিবাৰে পুৱাই আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ঔষধসহ এজনক গ্ৰেপ্তাৰ কৰে ৷ বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত আৰু আমছুৰ সহযোগত বইটামাৰীৰ নিত্যবজাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই অভিযান চলোৱা হয় ৷ অভিযানত এখন টাটা ভিষ্টা বাহনৰ পৰা জব্দ কৰা হয় মুঠ 600 বটল নিষিদ্ধ ক’ফ চিৰাপ ৷ AS-01BF-4076 নম্বৰৰ বাহনখনৰ সৈতে চালক নুৰ মহম্মদ শ্বেখক আটক কৰে আৰক্ষীয়ে ৷ উক্ত ক'ফ চিৰাফখিনি 'ৰশ্মি ড্ৰাগছ' নামৰ ফাৰ্মাচীখনৰ বুলি সন্দেহ কৰা হৈছে ৷

বঙাইগাঁৱত উদ্ধাৰ নিষিদ্ধ ঔষধ
আটক নুৰ মহম্মদ শ্বেখ
বঙাইগাঁৱত উদ্ধাৰ নিষিদ্ধ ঔষধ

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা নিত্যবজাৰত অবৈধ ক’ফ চিৰাপ তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ উত্থাপন হৈছিল ৷ ঘটনা সন্দৰ্ভত বইটামাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ তাৰোপৰি,বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচীসমূহক লৈও নিৰ্বিকাৰ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে ৷

উদ্ধাৰ নিষিদ্ধ ঔষধ
বঙাইগাঁৱত আৰক্ষী অভিযান

লগতে পঢ়কঃ আমগুৰিৰ অভয়াপুৰীয়া গাঁৱক হস্ত তাঁতৰ আদৰ্শ গাঁও ঘোষণা

Intro:বঙাইগাঁও জিলাৰ বইটামাৰীত পুৱাই আৰক্ষীৰ অভিযান। বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত এই অভিযান। নিষিদ্ধ ঔষধ সহ গ্ৰেপ্তাৰ এজন ।


Body:

বঙাইগাঁও জিলাৰ বইটামাৰীত পুৱাই আৰক্ষীৰ অভিযান।বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত চলে এই অভিযান।
বইটামাৰীৰ নিত্যবজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আমছুৰ সহযোগত আৰক্ষীৰ এই অভিযান।অভিযানত জব্দ মুঠ ৬০০ বটল নিষিদ্ধ ক’ফ চিৰাপসহ এখন টাটা ভিষ্টা বাহন।বাহনখনৰ নম্বৰ AS 01 BF 4076 আটক বাহনখনৰ চালক নুৰ মহম্মদ শ্বেখ । উক্ত ক'ফ চিৰাফখিনি “ৰশ্মি ড্ৰাগছ” নামৰ ফাৰ্মাচীখনৰ বুলি সন্দেহ কৰা হৈছে
ঘটনাৰ সন্দৰ্ভত বইটামাৰী আৰক্ষীৰ তদন্ত অব্যাহত।দীৰ্ঘদিনৰ পৰা নিত্যবজাৰত চলি আহিছিল অবৈধ ক’ফ চিৰাপ তথা ড্ৰাগচৰ ৰমৰমীয়া বেহা।।

আমছু কৰ্মীৰ বাইট দিলো ।





Conclusion:বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কাঠ ফুলাৰ দৰে গঢ়ি উঠিছে ফাৰ্মাচি । নিৰ্বিকাৰ বিভাগীয় কতৃপক্ষ ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।
Last Updated :Nov 2, 2019, 3:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.