ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 13, 2022, 6:58 PM IST

7 বজাৰ 10 টা শীৰ্ষ বাতৰি
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Tawang Clash latest update: চুবুৰীয়া দেশৰ সৈতে আমি ভাল সম্পৰ্ক বজাই ৰাখিব পৰা নাই: ওমৰ আব্দুল্লা

‘‘চুবুৰীয়া দেশৰ সৈতে আমি ভাল সম্পৰ্ক বজাই ৰাখিব পৰা নাই, সেয়া অতি দুৰ্ভাগ্যজনক । পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক সকলোৰে জ্ঞাত (India Pakistan relation) ৷ কিন্তু চীনৰ সৈতেও আমি ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হোৱা নাই (India China relations) ৷’’ অৰুণাচল প্ৰদেশৰ টাৱাং সংঘৰ্ষ সন্দৰ্ভত মঙলবাৰে এই মন্তব্য কৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই (Omar Abdullah on Tawang faceoff) ৷

Tawang Clash : এতিয়া ১৯৬২ নহয়, চীনক কঠোৰ সকীয়নি অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মঙলবাৰে কয় যে যিকোনো সীমা উলংঘনকাৰীক ভাৰতৰ দ্বাৰা "উপযুক্ত প্ৰত্যুত্তৰ" দিয়া হ'ব (Arunachal CM dares China over Tawang face off) ।

Chinese Border Incursions: সীমান্তত চীনা অনুপ্ৰৱেশৰ বাবে কংগ্ৰেছক দোষাৰোপ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অৰুণাচল প্ৰদেশ আৰু লাডাখৰ সীমান্ত অঞ্চলত শেহতীয়াকৈ চীনা অনুপ্ৰৱেশৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিছে (Amit Shah blamed Congress for China border issue) ।

China India Tawang Conflict: চীনে স্থিতাৱস্থা ভংগৰ চেষ্টা কৰিছিল, টাৱাং সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশত ৯ ডিচেম্বৰৰ টাৱাং সংঘৰ্ষস ন্দৰ্ভত লোকসভাত এক বিবৃতি দিয়ে (Rajnath Singh on China India Tawang Conflict) । "আমাৰ সৈন্যসকলে বীৰত্ব দেখুৱাইছিল আৰু শত্ৰুসকলক ঘূৰি যাবলৈ বাধ্য কৰাইছিল ।" তেওঁ কয় যে এই ঘটনাত আমাৰ সৈনিকসকলৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই । কোনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বা শ্বহীদ হোৱা নাই । এই ঘটনাৰ পিছত অঞ্চলটোৰ স্থানীয় কমাণ্ডাৰে ১১ ডিচেম্বৰত এখন পতাকা সভা অনুষ্ঠিত কৰে আৰু চীনা সেনাক সতৰ্ক কৰি দিয়ে (Flag meeting of Indian Army in Tawang) ।

100 years of ATI: অসম টেক্সটাইল ইনষ্টিটিউটৰ শতবৰ্ষৰ আয়োজন

উত্তৰ পূৰ্বাঞ্চলৰব বস্ত্ৰ প্ৰযুক্তিৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান অসম টেক্সটাইল ইনষ্টিটিউটে পূৰ্ণ কৰিলে গৌৰৱজ্জ্বল ১০০ বছৰ (100 years of Assam Textile Institute)। অহা ১৭-১৮ ডিচেম্বৰত শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

BJP critisized Manish Sisodia : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চিছোদিয়াই অনা অভিযোগ ভিত্তিহীন: বিজেপি

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনিষ চিছোদিয়াক ধিক্কাৰ বিজেপি অসম প্ৰদেশৰ(BJP Assam Pradesh critisise Manish Sisodia) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ অপপ্ৰচাৰত লিপ্ত নহ'বৰ বাবে আম আদমি পাৰ্টিক সকীয়াই দিয়ে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈয়ে ।

Crime in Nagaon: প্ৰাক্তন বিধায়কৰ ঘৰত লোমহৰ্ষক ডকাইতি

অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও । পুনৰ সংঘটিত হৈছে এক লোমহৰ্ষক ডকাইতিকাণ্ড । প্ৰাক্তন বিধায়কসহ পৰিয়ালৰ লোকসকলক অচেতন কৰি ডকাইতে চলালে লুটপাত (Sensational robbery in Dhing)। অচেতন অৱস্থাত প্ৰাক্তন বিধায়কৰ লগতে পত্নী,বোৱাৰীক ভৰ্তি চিকিৎসালয়ত ।

CM Flag Off Solar Powered Lights: সৌৰশক্তি চালিত লাইট যোগানৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ

মঙলবাৰে দিছপুৰৰ জনতা ভৱনৰ চৌহদত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই "আৰ্ট অৱ লিভিঙৰ" ৰ প্ৰতিষ্ঠাপক ৰবি শংকৰৰ অনুষ্ঠান Art Of Living ৰ জৰিয়তে প্ৰদান কৰা সৌৰশক্তি চালিত লাইটৰ ফ্লেগ অফ কৰে (CM Flag Off Solar Powered Lights) ৷

Congress Bharat Jodo Yatra: ২০২৪ ৰ নিৰ্বাচনী যুদ্ধ আৰম্ভ কৰাৰ ঘোষণা ভূপেন বৰাৰ

অসমৰ মুখ্যমন্ত্ৰীয়ে বদৰুদ্দিন আজমলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ (APCC president slams BJP)। ৰাজ্যৰ মহিলাক অপমান কৰা কংগ্ৰেছে সহ্য নকৰে বুলিও তেওঁ দাবী কৰে । তিনিচুকীয়াত ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে নেতাগৰাকীয়ে ।

Awareness campaign against drugs: তিনিচুকীয়াত আয়োজন ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

তিনিচুকীয়া সাংবাদিক চ’ৰা আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে মঙলবাৰে আয়োজন কৰা হয় ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সভা (Awareness meeting against drugs in Tinsukia) ৷ যুৱ প্ৰজন্মৰ মাজত মাৰাত্মক ৰূপ ধাৰণ কৰা ড্ৰাগছৰ বিৰুদ্ধে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিচুকীয়াৰ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ আয়োজন কৰা হয় উক্ত সজাগতা সভাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.