ETV Bharat / state

Crime in Nagaon: প্ৰাক্তন বিধায়কৰ ঘৰত লোমহৰ্ষক ডকাইতি

author img

By

Published : Dec 13, 2022, 4:06 PM IST

অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও । পুনৰ সংঘটিত হৈছে এক লোমহৰ্ষক ডকাইতিকাণ্ড । প্ৰাক্তন বিধায়কসহ পৰিয়ালৰ লোকসকলক অচেতন কৰি ডকাইতে চলালে লুটপাত (Sensational robbery in Dhing)। অচেতন অৱস্থাত প্ৰাক্তন বিধায়কৰ লগতে পত্নী,বোৱাৰীক ভৰ্তি চিকিৎসালয়ত ।

Crime in Nagaon
ধিঙৰ প্ৰাক্তন বিধায়কৰ বাসগৃহত লোমহৰ্ষক ডকাইতি

ধিঙৰ প্ৰাক্তন বিধায়কৰ বাসগৃহত লোমহৰ্ষক ডকাইতি

নগাঁও, ১৩ ডিচেম্বৰ: নগাঁও জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ । জিলাখনত দিনক দিনে যেন অৱনতি ঘটিছে আইন শৃংখলা (Law and order in Nagaon)। দিনক দিনে নগাঁৱত বৃদ্ধি পাইছে ডকাইতি আদিৰ ঘটনা (Robbery at Nagaon)। এতিয়া অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও (Nagaon become hotbed of criminals)।

নগাঁও আৰক্ষীৰ দুৰ্বল ভূমিকাৰ সুযোগ গ্ৰহণ কৰি জিলাখনত চোৰ-ডকাইতে অব্যাহত ৰাখিছে সন্ত্ৰাস । এগৰাকী প্ৰাক্তন বিধায়কৰ বাসগৃহতেই এইবাৰ সংঘটিত হৈছে এক লোমহৰ্ষক ডকাইতিকাণ্ড । নগাঁৱৰ ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ ধিং কান্দুলিমাৰীস্থিত বাসগৃহত সোমবাৰে নিশা ডকাইতে চলালে লুটপাতৰ ঘটনা (Robbery at Dhing in Nagaon) । নিশা প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ লগতে বিধায়কগৰাকীৰ শিক্ষয়িত্ৰী পত্নী আৰু এগৰাকী বোৱাৰীক অচেতন কৰি ডকাইতে লুটি নিয়ে বিভিন্ন সামগ্ৰী (Robbery at former MLA of Dhing)। আনকি প্ৰাক্তন বিধায়ক পাঠানক আক্ৰমনো কৰে ডকাইতৰ দলটোৱে ।

ডকাইতৰ আক্ৰমণত আহত হয় প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান । নিশা প্ৰাক্তন বিধায়কগৰাকীৰ বাসগৃহত ডকাইতে সন্ত্ৰাস চলোৱাৰ পিছত পুৱাই স্থানীয় লোকে ঘৰৰ ভিতৰত প্ৰাক্তন বিধায়কসহ আটাইকেইগৰাকী সদস্যক অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ধিং থানাৰ আৰক্ষীক খবৰ দিয়ে । প্ৰাক্তন বিধায়কগৰাকীৰ লগতে বিধায়ক পত্নী আৰু বোৱাৰীয়েকক পুৱাই সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় নগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইপিনে,ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কৰায়ত্ব কৰিব পৰা নাই কোনো এজন অপৰাধীক । উল্লেখ্য় যে বিগত কিছুদিন ধৰি নগাঁৱত চুৰি,ডকাইতিৰ দৰে অপৰাধ বৃদ্ধি পোৱাৰ পিছতো অপৰাধ নিয়ন্ত্ৰণত যেন সম্পূৰ্ণ ব্যৰ্থ হৈছে নগাঁও আৰক্ষী । কেৱল এয়াই নহয় সম্প্ৰতি নগাঁৱত ড্ৰাগছৰ দৰে বৰবিহৰ বেহাও দিনক দিনে নগাঁৱত বৃদ্ধি পোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে । নগাঁৱত অপৰাধ বৃদ্ধি পোৱাত এতিয়া জীৱন,সম্পত্তিৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে নাগৰিক সমাজ ।

লগতে পঢ়ক:Corruption in Barakshetri College: বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.