ETV Bharat / state

Congress Bharat Jodo Yatra: ২০২৪ ৰ নিৰ্বাচনী যুদ্ধ আৰম্ভ কৰাৰ ঘোষণা ভূপেন বৰাৰ

author img

By

Published : Dec 13, 2022, 6:24 PM IST

Congress Bharat Jodo Yatra
২০২৪ ৰ নিৰ্বাচনী যুদ্ধ আৰম্ভ কৰাৰ ঘোষণা ভূপেন বৰাৰ

অসমৰ মুখ্যমন্ত্ৰীয়ে বদৰুদ্দিন আজমলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ (APCC president slams BJP)। ৰাজ্যৰ মহিলাক অপমান কৰা কংগ্ৰেছে সহ্য নকৰে বুলিও তেওঁ দাবী কৰে । তিনিচুকীয়াত ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে নেতাগৰাকীয়ে ।

২০২৪ ৰ নিৰ্বাচনী যুদ্ধ আৰম্ভ কৰাৰ ঘোষণা ভূপেন বৰাৰ

তিনিচুকীয়া, ১৩ ডিচেম্বৰ : ৰাহুল গান্ধীৰ নেতৃত্বত দেশত অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Congress Bharat Jodo Yatra)। সমান্তৰালকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও ১ নৱেম্বৰৰ পৰা অব্যাহত ৰাখিছে ভাৰত জোড়ো যাত্ৰা । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ দল ইতিমধ্যে তিনিচুকীয়াত উপস্থিত হৈছে (APCC Bharat Jodo Yatra)।

মঙলবাৰে এই যাত্ৰাই ৪৩ দিনত ভৰি দিলে । তিনিচুকীয়াৰ দহোতীয়াচুক বিহুতলীত আয়োজিত এখন সভাৰ পৰাই চহৰখনত আৰম্ভ কৰা হয় ভাৰত জোড়ো যাত্ৰা । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ লগতে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে এই যাত্ৰাত । দলটোৱে গোপীনাথ বৰদলৈ পথেৰে চিৰাপট্টী হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱধাম মন্দিৰৰ সমীপলৈ প্ৰায় ৬ কিলোমিটাৰ পথ যাত্ৰা কৰে ৷

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে (Bhupen Bora slams state govt)। চৰকাৰ লগতে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে । বদৰুদ্দিন আজমল আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনত মহিলাক অপমান কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

তেওঁৰ মতে সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰীয়ে লগ হৈ ৰাজ্যৰ মহিলাক অপমান কৰাৰ প্ৰতিযোগিতাত নামিছে ৷ গতিকে এনে কাৰ্য কংগ্ৰেছে সহ্য নকৰে বুলিও কয় ভূপেন বৰাই ৷ আনহাতে বদৰুদ্দিন আজমলক আঁঠুৱাৰ তলৰ মহ আখ্যা দিলে ভূপেন বৰাই । তেওঁৰ মতে মুখ্যমন্ত্ৰীয়ে আজমলক আঁঠুৱাৰ তলৰ মহৰ দৰে সুৰক্ষা প্ৰদান কৰি আছে ।

ইফালে ধুবুৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাত ৰাইজৰ সঁহাৰি দেখি আনন্দিত কংগ্ৰেছ সভাপতিগৰাকী । ভূপেন বৰাৰ মতে এই সঁহাৰিয়ে এটা কথা প্ৰমাণ কৰিছে যে বিজেপিৰ বিৰুদ্ধে ৰাইজেই যুদ্ধ আৰম্ভ কৰিছে । সভাপতিগৰাকীয়ে জনোৱা মতে অহা ১৫ ডিচেম্বৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক তেওঁ অসমলৈ আমন্ত্ৰণ জনাইছে । কংগ্ৰেছ ২০২৪ৰ নিৰ্বাচনী যুদ্ধ আৰম্ভ কৰাৰো ঘোষণা কৰে ।

লগতে পঢ়ক :CAA protest in Assam: কা বিৰোধী স্থিতিত অটল AJYP সভাপতি উজ্জ্বল চুতীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.