ETV Bharat / state

100 years of ATI: অসম টেক্সটাইল ইনষ্টিটিউটৰ শতবৰ্ষৰ আয়োজন

author img

By

Published : Dec 13, 2022, 6:09 PM IST

উত্তৰ পূৰ্বাঞ্চলৰব বস্ত্ৰ প্ৰযুক্তিৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান অসম টেক্সটাইল ইনষ্টিটিউটে পূৰ্ণ কৰিলে গৌৰৱজ্জ্বল ১০০ বছৰ (100 years of Assam Textile Institute)। অহা ১৭-১৮ ডিচেম্বৰত শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

100 years of ATI
অসম টেক্সটাইল ইনষ্টিটিউটৰ শতবৰ্ষৰ আয়োজন

অসম টেক্সটাইল ইনষ্টিটিউটৰ শতবৰ্ষৰ আয়োজন

গুৱাহাটী, ১৩ ডিচেম্বৰ: উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰ প্ৰযুক্তিৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান অসম টেক্সটাইল ইনষ্টিটিউটে গৌৰৱজ্জ্বল ১০০ বছৰ পূৰ্ণ কৰিলে (Assam Textile Institute celebrates 100 years)। কৰ'ণা মহামাৰীৰ ত্ৰাসৰ বাবে শিক্ষানুষ্ঠানখনৰ শতবৰ্ষৰ সময়মতে কৰিব পৰা নাছিল যদিও পলমকৈ হ'লেও অসম টেক্সটাইল ইনষ্টিটিউট শতবৰ্ষ উদযাপন সমিতিয়ে অহা ১৭-১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে ।

১৯২০ চনতে ৰায় বাহাদুৰ কনকলাল বৰুৱাৰ নেতৃত্বত প্ৰতিষ্ঠা হৈছিল বস্ত্ৰ প্ৰযুক্তিৰ শিক্ষা প্ৰতিষ্ঠানখন (Rai Bahadur Kanaklal Baruah)। ১৯২০ চনৰ ১৫ জুনত ব্ৰিটিছৰ কালতে বস্ত্ৰ প্ৰযুক্তি শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শ্বিলঙত স্থাপন কৰিছিল এই প্ৰতিষ্ঠানখন । পিছত গুৱাহাটীলৈ ৰাজধানী স্থানান্তৰ হোৱাত আমবাৰীত স্থাপন কৰা হয় এই প্ৰতিষ্ঠানখন । চৰকাৰী উইভিং প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰা এই শিক্ষানুষ্ঠানখন প্ৰথমে উদ্যোগ বিভাগৰ অধীনত আছিল । পিছত ১৯৫৬ চনত ৰেচম আৰু বয়ন বিভাগত অন্তৰ্ভুক্ত কৰি ইয়াৰ নাম অসম টেক্সটাইল ইনষ্টিটিউট হিচাপে নামকৰণ কৰা হয় ।

১৯৭৩ চনত অসম টেক্সটাইল ইনষ্টিটিউট এখন পলিটেকনিক হিচাপে কাৰিকৰী সঞ্চালকালয়ৰ অন্তৰ্ভুক্ত কৰা হয় (Centenary of Assam Textile Institute)। প্ৰচলিত তিনি বছৰীয়া Textile Technology উপৰি ২০০৪ চনত Fashion Technology আৰু Garment Technologyৰ দুটা ডিপ্লমা পাঠ্যক্ৰম প্ৰবৰ্তন কৰা হৈছে । এই শিক্ষা প্ৰতিষ্ঠানখনত শিক্ষাগ্ৰহণ কৰি বহু ছাত্ৰ-ছাত্ৰী সম্প্ৰতি ৰাজ্যখনৰ লগতে দেশ-বিদেশত কৰ্মৰত হৈ আছে ।

শতবৰ্ষৰ সময়চোৱাত কৰ্তৃপক্ষই প্ৰতিষ্ঠানখনত ডিগ্ৰী পাঠ্য়ক্ৰম প্ৰৱৰ্তনৰ বাবে চৰকাৰক আহ্বান জনাইছে । ইতিমধ্যে ডিগ্ৰী পাঠ্যক্ৰম চৰকাৰলৈ কৰ্তৃপক্ষই প্ৰস্তাৱ প্ৰেৰণ কৰিছে । সম্প্ৰতি প্ৰতিষ্ঠানখনত অধ্যয়ন কৰি আছে ১২২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।

উল্লেখ্য় যে অসম টেক্সটাইল ইনষ্টিটিউট (ATI) হৈছে একমাত্ৰ প্ৰতিষ্ঠান য'ত টেক্সটাইল প্ৰযুক্তি,পোছাক প্ৰযুক্তি আৰু ফেশ্বন প্ৰযুক্তিৰ ওপৰত পাঠ্যক্ৰম আগবঢ়ায় ।অসম টেক্সটাইল ইনষ্টিটিউটে উত্তৰ-পূব ভাৰতৰ বস্ত্ৰ শিক্ষাৰ এক মুখ্য প্ৰতিষ্ঠান আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশত যথেষ্ট অৱদান আগবঢ়াইছে ।

লগতে পঢ়ক:China India Tawang Conflict: চীনে স্থিতাৱস্থা ভংগৰ চেষ্টা কৰিছিল, টাৱাং সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.