ETV Bharat / bharat

China India Tawang Conflict: চীনে স্থিতাৱস্থা ভংগৰ চেষ্টা কৰিছিল, টাৱাং সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী

author img

By

Published : Dec 13, 2022, 4:01 PM IST

Rajnath Singh
Rajnath Singh

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশত ৯ ডিচেম্বৰৰ টাৱাং সংঘৰ্ষস ন্দৰ্ভত লোকসভাত এক বিবৃতি দিয়ে (Rajnath Singh on China India Tawang Conflict) । "আমাৰ সৈন্যসকলে বীৰত্ব দেখুৱাইছিল আৰু শত্ৰুসকলক ঘূৰি যাবলৈ বাধ্য কৰাইছিল ।" তেওঁ কয় যে এই ঘটনাত আমাৰ সৈনিকসকলৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই । কোনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বা শ্বহীদ হোৱা নাই । এই ঘটনাৰ পিছত অঞ্চলটোৰ স্থানীয় কমাণ্ডাৰে ১১ ডিচেম্বৰত এখন পতাকা সভা অনুষ্ঠিত কৰে আৰু চীনা সেনাক সতৰ্ক কৰি দিয়ে (Flag meeting of Indian Army in Tawang) ।

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defance Minister Rajnath Singh) ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং সংঘৰ্ষ সন্দৰ্ভত লোকসভাত আজি এটা বিবৃতি প্ৰদান কৰে (Rajnath Singh statement on Tawang Conflict) । তেওঁ কয় যে ৯ ডিচেম্বৰত পিএলএ সৈন্যই টাৱাং খণ্ডৰ য়াংজি সীমা অতিক্ৰম কৰে । চীনা সেনাই একপক্ষীয়ভাৱে স্থিতাৱস্থা ভংগ কৰাৰ চেষ্টা চলাইছিল (PLA) । এই প্ৰচেষ্টা ৰুধিবলৈ আমাৰ সৈনিকসকলে দৃঢ়তাৰে সন্মুখীন হৈছিল । আমাৰ সৈন্যসকলে সাহসেৰে পিএলএক আমাৰ অঞ্চলত প্ৰৱেশ কৰাত বাধা দিছিল আৰু তেওঁলোকক তেওঁলোকৰ নিজৰ চকীলৈ ঘূৰি যাবলৈ বাধ্য কৰাইছিল ।

তেওঁ কয় যে এই বিষয়টো চীনৰ সৈতে কূটনৈতিক মাধ্যমৰ জৰিয়তে উত্থাপন কৰা হৈছে । তেওঁ কয়, "মই সদনক আশ্বাস দিব বিচাৰোঁ যে আমাৰ বাহিনী আমাৰ সীমান্ত সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াক প্ৰত্যাহ্বান জনোৱাৰ বাবে কৰা যিকোনো প্ৰচেষ্টা বিফল কৰিবলৈ সাজু (Rajnath Singh statement on Lok Sabha) ।" তেওঁ কয়, "এই মুখামুখী যুঁজত দুয়োপক্ষৰে কিছু সৈনিক আঘাতপ্ৰাপ্ত হৈছে । মই এই সদনক ক'ব বিচাৰোঁ যে আমাৰ কোনো সৈনিকৰ মৃত্যু হোৱা নাই বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই । ভাৰতীয় সামৰিক কমাণ্ডাৰসকলে সময়মতে লোৱা হস্তক্ষেপৰ বাবে পিএলএ সৈন্যসকল তেওঁলোকৰ অৱস্থানৰ পৰা পিছুৱাই যাবলৈ বাধ্য হৈছিল ।"

প্ৰতিৰক্ষা মন্ত্ৰীয়ে লগতে কয় যে ১১ ডিচেম্বৰত এখন পতাকা সভা (Flag meeting of Indian Army in Tawang) অনুষ্ঠিত হয় আৰু তাত বিষয়টো আলোচনা কৰা হয় । তেওঁ কয় যে চীনা পক্ষক এনেধৰণৰ ঘটনা বন্ধ কৰিবলৈ কোৱা হৈছে আৰু কূটনৈতিক পৰ্যায়তো উত্থাপন কৰা হৈছে । তেওঁ কয়, "আমাৰ সৈনিকসকল ভৌগোলিক অখণ্ডতা সুৰক্ষিত কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে যিকোনো প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ সাজু ।

ৰাজনাথ সিঙে কয়, "মই নিশ্চিত যে এই সংসদে সৈনিকসকলৰ বীৰত্ব, শৌৰ্য আৰু প্ৰতিশ্ৰুতিৰ বাবে সমস্বৰে সমৰ্থন কৰিব ।" উল্লেখ্য যে ভাৰতীয় সেনাই সোমবাৰে কৈছিল যে চীনা সেনাই টাৱাং খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ (Line of actual control) কাষৰ এটা স্থানত ৯ ডিচেম্বৰত সংঘৰ্ষত লিপ্ত হয় । য'ত দুয়োপক্ষৰ কিছু সৈন্য সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় । উল্লেখ্য, পূব লাডাখৰ সীমাত দুয়োপক্ষৰ মাজত ৩০ মাহৰো অধিক সময় ধৰি চলি থকা অচলাৱস্থাৰ মাজতে যোৱা শুকুৰবাৰে এই সংবেদনশীল খণ্ডত (টাৱাং) এলএচিৰ (LAC) য়াংজিৰ ওচৰত উক্ত সংঘৰ্ষ সংঘটিত হয় ।

লগতে পঢ়ক :Indo China standoff: চীনে দাবী কৰিলেও অৰুণাচল কেতিয়াও চীনৰ অংশ নহয়; স্থানীয় লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.