ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 23, 2022, 5:14 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি

Road Accident in Golaghat: ডাম্পাৰ আৰু স্কুটিৰ সংঘৰ্ষত থিতাতে নিহত এজন

গোলাঘাটতত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন এজন লোক ৷ ডাম্পাৰ আৰু স্কুটিৰ মাজৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

Majuli bye election: সোণোৱালে প্ৰাৰ্থী ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ নোযোৱাৰ ৰহস্য কি ?

মাজুলীৰ উপ-নিৰ্বাচনৰ (Majuli bye election 2022) প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে । ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত ভিৰ কৰিছে বিজেপিৰ শীৰ্ষ নেতাসকলে । কিন্তু অতি ঘনিষ্ঠ হোৱাৰ পাছতো বিজেপিৰ প্ৰাৰ্থী ভুবন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়া ।

Urban local bodies election: নাগালেণ্ডত লিংগ সমতাক আওকাণ কৰা হৈছে : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে নাগালেণ্ড চৰকাৰক ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নগৰ পালিকা নিৰ্বাচনৰ সৈতে জড়িত লিংগ সমতাৰ ক্ষেত্ৰত নিৰ্বাচনী প্ৰতি সঁহাৰি নিদিয়াৰ বাবে প্ৰশ্ন উত্থাপণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দ্ৰেশৰ বিচাৰপীঠে(SC pulls up Nagaland govt) ।

আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ তত্বাৱধান আৰু বিকাশৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ ত্ৰিপুৰা চৰকাৰৰ

ত্ৰিপুৰা চৰকাৰে ত্ৰিপুৰাৰ চেপাহিজালা(Sepahijala) জিলাৰ সোনামুৰা(Sonamura) উপ-সংমণ্ডলৰ শ্ৰীমন্তপুৰৰ ওচৰৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ তত্বাৱধান আৰু উন্নয়নৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (IWTI) আৰু ভূমি বন্দৰ প্ৰাধিকৰণৰ (LPAI) সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে(Tripura signs MoU for maintenance and development) ।

President Kovind to visit Assam: ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাতত নিৰ্মাণ অস্থায়ী হেলিপেড

দেশৰ ৰাষ্ট্ৰীপতি আগমনক লৈ যুদ্ধংদেহী প্ৰস্তুতি বোকাখাত প্ৰশাসনৰ । ২৬ ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ(President Ram Nath Kovind to visit Kaziranga) । ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড(Construction of temporary helipad for President landing) ।

Assam youth dead in Chennai: চেন্নাইত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকৰ মৃত্যু (Assam youth dead in Chennai) ৷ চেন্নাইৰ SIS Security and Intelligence Services নামৰ কোম্পানীটোত বিগত চাৰি বছৰে কৰ্মৰত তামুলপুৰৰ বাৰেইগাঁৱৰ যুৱক প্ৰাঞ্জল দাস(২৮) ৰ ২১ ফেব্ৰুৱাৰীত ৰহস্যজনকভাৱে মৃত্যু হয় ৷ যুৱকজনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালে ৷

Assam municipal election 2022: পৌৰসভাৰ প্ৰাৰ্থীলৈ কি বিশেষ আহ্বান জনালে শিৱসাগৰ নগৰৰ ৰাইজে !

পৌৰ নিৰ্বাচনৰ(Assam municipal election 2022) বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ পৌৰ সভাত । নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ নগৰৰ ৰাইজে বিশেষ আহ্বান জনাইছে । অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে দাবী জনাইছে ৰাইজে ।

ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিবাদত উত্তাল হ'ব ত্ৰিপুৰা

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে বিজেপি শাসনলৈ আহিছিল যদিও আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ত্ৰিপুৰা । যাৰবাবে সমস্যাসমূহৰ সমাধানৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ টিডিএফ দলৰ (TDF party to hold protest in Tripura)। ১০ দফীয়া দাবীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিব দলটো ।

ড্ৰাগছ মাফিয়াক সকিয়নী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

ত্ৰিপুৰাৰ ড্ৰাগছ ব্যৱসায়ীক সকিয়নী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ (CM Biplab Kumar Dev warns drug mafia)। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিব চৰকাৰে । বেআইনীভাৱে উপাৰ্জন কৰা প্ৰতিটো সম্পত্তিৰে এতিয়া হিচাপ দিব লাগিব ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ বুজ ল’লে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বুধবাৰে পুৱা উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা(Assam Chief Secretary Jishnu Barua) আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত(Director General of Police Bhaskar Jyoti Mahanta) । ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰৰ শীৰ্ষৰ মুৰব্বী দুগৰাকী হেলিকপ্টাৰযোগে উপস্থিত হয় তেজপুৰত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.