ETV Bharat / state

Majuli by election: সোণোৱালে প্ৰাৰ্থী ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ নোযোৱাৰ ৰহস্য কি ?

author img

By

Published : Feb 23, 2022, 4:48 PM IST

Updated : Feb 23, 2022, 5:43 PM IST

মাজুলীৰ উপ-নিৰ্বাচনৰ (Majuli by election 2022) প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে । ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত ভিৰ কৰিছে বিজেপিৰ শীৰ্ষ নেতাসকলে । কিন্তু অতি ঘনিষ্ঠ হোৱাৰ পাছতো বিজেপিৰ প্ৰাৰ্থী ভুবন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়া ।

Majuli bye election
সোণোৱালে প্ৰচাৰ চলাবলৈ নোযোৱাৰ ৰহস্য কি

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : মাজুলীৰ ভোটৰ ৰাজনীতিত এটা চাবলগীয়া ঘটনা ঘটিছে । মাজুলীক প্ৰতিনিধিত্ব কৰি যিগৰাকী ব্যক্তি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল, সেইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সম্ভাব্য উত্তৰসূৰীৰ হৈ এই পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কিন্তু মাজুলীত ভৰি দিয়া নাই স্বয়ং সেইগৰাকী মাজুলীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sonowal not attending election campaign in Majuli yet)। অন্ততঃ অনাগত আৰু চাৰি-পাঁচ দিনলৈ তেওঁ মাজুলীত ভৰি দিয়াৰ সম্ভাৱনাও নাই ।

মাজুলীৰ উপ-নিৰ্বাচনৰ (Majuli by election) প্ৰতি এয়া সোণোৱালৰ অনিহা নে ৰাজনৈতিক কৌশল নে আন কিবা ৰহস্য ! সোণোৱালৰ এনে নিৰ্লিপ্ততাক লৈ কেৱল মাজুলীতে নহয়, ৰাজ্যৰ ৰাজনীতিতো চলিছে সৰব চৰ্চা । কোৱা বাহুল্য হ'ব যে মাজুলীৰ উপ-নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী বাচনিক লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উভয়েই দুই বিপৰীত মেৰুত অৱস্থান কৰিছিল ।

Majuli bye election
ভুবন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা নাই সৰ্বানন্দ সোণোৱালে

সোণোৱালৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছিল ভুবন গাম । যিজন বিতৰ্কিত ব্যৱসায়ী সোণোৱালৰ অতিকে ঘনিষ্ঠ বুলি সৰ্বজনবিদিত । আনকি সোণোৱালে মাজুলীৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হওতেও ভুবন গামৰেই মাজুলীৰ ঠিকনা ব্যৱহাৰ কৰিছিল । গতিকে স্বাভাৱিকতে ভুবন গামৰ প্ৰাৰ্থিত্বৰ পক্ষত আছিল সৰ্বানন্দ সোণোৱাল ।

ইয়াৰ বিপৰীতে ভুবন গামৰ প্ৰাৰ্থিত্ব মুঠেও বিচৰা নাছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শৰ্মাৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছিল বৰ্তমানৰ লখিমপুৰৰ সাংসদ তথা ডঃ শৰ্মাৰ অতিকে ঘনিষ্ঠ প্ৰদান বৰুৱা । কিন্তু অৱশেষত দলীয় শীৰ্ষ নেতৃত্বই প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ভুবন গামক । কিন্তু যিজন ভুবন গামৰ পক্ষত থিয় দিছিল সৰ্বানন্দ সোণোৱাল (Ex CM of Assam Sarbananda Sonowal), সেইজন সৰ্বানন্দ সোণোৱালে অতি তাৎপৰ্যপূৰ্ণভাৱে এই পৰ্যন্ত এবাৰো দেখা দিয়া নাই তেওঁ এৰি থৈ অহা সমষ্টিটোত ।

Majuli bye election
সোণোৱালে প্ৰচাৰ চলাবলৈ নোযোৱাৰ ৰহস্য কি

এবাৰৰ বাবেও যোৱা নাই ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈও । আনকি ভুবন গামৰ মনোনয়ন দাখিলৰ দিনটোতো তেওঁক সংগ দিয়া নাছিল সোণোৱালে । দিছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মাইহে । তাতোকৈ ডাঙৰ কথাটো হ'ল প্ৰাৰ্থিত্ব লাভৰ পিছত ভুবন গামেও এবাৰৰ বাবেও মুখেৰে উচ্চাৰণ নকৰিলে সোণোৱালৰ নাম ।

প্ৰাৰ্থিত্ব লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাক ভুবন গামে ধন্যবাদ জনালে । কিন্তু ৰহস্যময় কাৰণত "পাহৰি" গ'ল সৰ্বানন্দ সোণোৱালৰ নাম ল'বলৈ । এনে বিলাক ঘটনাক্ৰমে মাজুলীত চলি থকা বিজেপিৰ ভোটৰ ৰাজনীতি চাবলগীয়া কৰি তুলিছে ।

ইপিনে সোণোৱালেও আজি মণিপুৰ, কালি ত্ৰিপুৰালৈ তাঁত বাটি কাঢ়িছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ । তাৰ মাজতে ৰাজ্যিক বিজেপিৰ আটাইতকৈ প্ৰভাৱশালী বুলি পৰিচিত দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মাৰ নলবাৰীৰ ঘৰলৈ গৈ দুদিন পূৰ্বে অনুষ্ঠিত কৰা মনসা পূজাতো সোণোৱালে সেৱা লৈছেগৈ । কিন্তু "সময়" পোৱা নাই মাজুলীলৈ যাবলৈহে ।

বুধবাৰে পুৱাতেই সোণোৱাল ৰাওনা হৈছে বিশাখাপট্টনমলৈ । সোণোৱালৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে এতিয়ালৈকে তেওঁৰ মাজুলীৰ কোনো ভ্ৰমণসূচী চূড়ান্ত হোৱা নাই । ২৭ ফেব্ৰুৱাৰীত যোৱাৰ এক কথা চলিছে যদিও সেয়া এই পৰ্যন্ত নিশ্চিত নহয় । গতিকে, স্বাভাৱিকতে এতিয়া প্ৰশ্ন উঠিছে মাজুলীত নিজৰ উত্তৰসূৰীৰ হৈ থিয় দিবলৈ কিয় সৰ্বানন্দ সোণোৱালৰ এনে নিৰ্লিপ্ততা ?

লগতে পঢ়ক :Manipur Assembly Election 2022 : আজি পুনৰ মণিপুৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰচাৰ

Last Updated :Feb 23, 2022, 5:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.