ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 11, 2022, 5:06 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Rajiv Gandhi assassination case : ৰাজীৱ গান্ধী হত্যাৰ দোষীক মুক্তিৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ (Article 142 of Constitution) অধীনত ইয়াৰ অসাধাৰণ ক্ষমতা প্ৰয়োগ কৰি শীৰ্ষ আদালতে ১৮ মে'ত পেৰাৰিভালনক মুক্তি দিয়াৰ নিৰ্দেশ দিছিল । পেৰাৰিভালনে ৩০ বছৰতকৈও অধিক সময় কাৰাবাস খাটিছিল (Rajiv Gandhi assassination case) ।

Fake Currency at Bilasipara : বিলাসীপাৰাত আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী

বিলাসীপাৰাত আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী ৷ কাঠালদি প্ৰথম খণ্ড গাঁৱৰ আমেদ আলীৰ গৃহৰ পৰা আটক দুই দুধৰ্ষ জালনোট সৰবৰাহকাৰী (Fake Currency at Bilasipara)৷

Siddhaanth Vir Surryavanshi dies : কণ্ট্ৰল ৰুমৰ অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ মৃত্যু

11 নৱেম্বৰত মুম্বাইস্থিত টেলিভিছন জগতৰ অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ মৃত্যু হয় । জানিব পৰা মতে, 46 বছৰীয়া অভিনেতাজনে জিমত ব্যায়াম কৰি থকাৰ মাজতেই বাগৰি পৰে (Siddhaanth Vir Surryavanshi)। মৃত্যুৰ সময়ত তেওঁ পত্নী তথা চুপাৰ মডেল আলেছিয়া ৰাউত আৰু তেওঁলোকৰ দুই সন্তানক এৰি থৈ যায় ।

AKRSU press conference : বিজনীৰ ৰজাক অপমান, গৰজি উঠিল আক্ৰাছু

বিজনীৰ HD Zone নামৰ জিম চেণ্টাৰৰ বিৰুদ্ধে গৰজি উঠিল কোচ-ৰাজবংশী ছাত্ৰ সন্থা (AKRSU slams HD Zone gym centre)। ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজা বিজিত নাৰায়ণক জিম চেণ্টাৰটোৱে চূড়ান্ত অপমান কৰাৰ অভিযোগ আক্ৰাছুৰ (Accused of insulting the king of Bijni state)।

Nagaon AASU new committee: কলিয়াবৰত নগাঁও আছুৰ নতুন সমিতি গঠন

কলিয়াবৰত অনুষ্ঠিত নগাঁও জিলা ছাত্র সন্থাৰ ২৪ সংখ্যক অধিবেশনত নিৰ্বাচন কৰা হয় নতুন সমিতি (Nagaon District AASU annual Session) । আতচবাজী ফুটাই এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি তথা সাধাৰণ সম্পাদকক উষ্ম আদৰণি জনায় (Nagaon AASU annual session Kaliabar) ।

Tense situation in Bihpuria Raas: টেঙাপথাৰৰ ৰাসত আধাতে অভিনয় সামৰিলে দীপলীনা ডেকাই

শ্ৰীকৃষ্ণৰ মাতৃ দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিছিল দীপলিনা ডেকাই (Deeplina Deka performs in Raas Leela)। পিছে অভিনয় শেষ কৰিবই নাপালে । আধাতে অভিনয় সামৰিলে দীপলিনা ডেকাই । কিন্তু কি হৈছিল নাৰায়ণপুৰত ?

DAC Election Result 2022: দেউৰী পৰিষদত খোপনি হেৰুৱালে কংগ্রেছে

প্ৰথমবাৰতে দেউৰী স্বায়ত্তশাসিত পৰিষদ দখল কৰা কংগ্রেছ দলে দ্বিতীয়বাৰ খোপনি পুতিবলৈ সক্ষম নহ'ল । তাৰ বিপৰীতে বিজেপিৰ লগতে আঞ্চলিক শক্তি জেপিপিৰ সবল স্থিতি পৰিলক্ষিত হ'ল দেউৰী পৰিষদত (Deuri Autonomous Council Election Result)। উল্লেখ্য, ২০০৫ বৰ্ষত চৰকাৰে তদৰ্থ ভিত্তিত গঠন কৰিছিল দেউৰী স্বায়ত্তশাসিত পৰিষদ ।

Preity Zinta kids:যমজ সন্তান জয়-জিয়াৰ প্ৰথমটো জন্মদিনত প্ৰীতি জিণ্টাৰ আৱেগিক পোষ্ট

যমজ সন্তান জিয়া আৰু জয়ৰ প্ৰথমটো জন্মদিন উদযাপন কৰি অভিনেত্ৰী প্ৰীতি জিণ্টা গুডেনাফে এক আৱেগিক টোকা লিখিছে ৷ তেওঁ কৈছে যে তেওঁ তেওঁৰ জীৱনত অভিনয় কৰা সকলো বোৰ চৰিত্ৰৰ ভিতৰত একোৱেই এতিয়া তেওঁ দৈনিক ৰূপায়ন কৰা মাতৃৰ চৰিত্ৰৰ সমপৰ্যায়ৰ নহয় ।

An Action Hero trailer: আয়ুষ্মান খুৰানা, জয়দীপ আহলাৱটে এক্সনৰ মাজেৰেই হহুৱাইছে দৰ্শকক

আয়ুষ্মান খুৰানা আৰু জয়দীপ আহলাৱট অভিনীত এন এক্সন হিৰ’ৰ ট্ৰেইলাৰে মুক্তি লাভ কৰিছে (An Action Hero trailer) । ব্যংগ হাস্যৰসৰ সমাহাৰৰ সৈতে এক্সনধৰ্মী ছবি এন এক্সন হিৰ’ত এগৰাকী শিল্পীৰ কেমেৰাৰ পিছফালৰ পৰা কেমেৰাৰ সন্মুখলৈকে জীৱন যাত্ৰাৰ কাহিনী দেখুওৱা হৈছে ।

Explosive rescued at Sonari: নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ, দুজনক আটক

চৰাইদেউ জিলাৰ সোণাৰিত এখন নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হয় ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা অহা এখন নৈশ বাছত সাত কাৰ্টন বিস্ফোৰক আনি সোণাৰি আৰক্ষী থানাৰ সন্মুখতে থকা বাছ কাউন্টাৰত কাৰ্টনসমুহ নমোৱা হৈছিল (Explosive rescued at Sonari)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.