ETV Bharat / bharat

Rajiv Gandhi assassination case : ৰাজীৱ গান্ধী হত্যাৰ দোষীক মুক্তিৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

author img

By

Published : Nov 11, 2022, 3:23 PM IST

Rajiv Gandhi
Rajiv Gandhi

সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ (Article 142 of Constitution) অধীনত ইয়াৰ অসাধাৰণ ক্ষমতা প্ৰয়োগ কৰি শীৰ্ষ আদালতে ১৮ মে'ত পেৰাৰিভালনক মুক্তি দিয়াৰ নিৰ্দেশ দিছিল । পেৰাৰিভালনে ৩০ বছৰতকৈও অধিক সময় কাৰাবাস খাটিছিল (Rajiv Gandhi assassination case) ।

নিউজ ডেস্ক, ১১ নৱেম্বৰ : উচ্চতম ন্যায়ালয়ে (Supreme Court) শুকুৰবাৰে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত (Rajiv Gandhi assassination case) আজীৱন কাৰাদণ্ড খাটি থকা নলিনী শ্ৰীহৰণ আৰু আৰ পি ৰবিচন্দ্ৰনক আগতীয়াকৈ মুক্তিৰ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, তেওঁলোক দুয়োজনে আগতীয়া মুক্তি বিচাৰি শীৰ্ষ আদালতৰ কাষ চাপিছিল ।

ন্যায়াধীশ বি আৰ গাভাই আৰু বি ভি নাগাৰাথনাৰ বিচাৰপীঠে এই আবেদনৰ শুনানিত কয় যে গোচৰটোৰ অন্যতম দোষী এ জি পেৰাৰিভালনৰ ক্ষেত্ৰত শীৰ্ষ আদালতৰ ৰায় তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য ।

উল্লেখ্য, সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ (Article 142 of Constitution) অধীনত ইয়াৰ অসাধাৰণ ক্ষমতা প্ৰয়োগ কৰি শীৰ্ষ আদালতে যোৱা ১৮ মে'ত পেৰাৰিভালনক মুক্তি দিয়াৰ নিৰ্দেশ দিছিল । পেৰাৰিভালনে ৩০ বছৰতকৈও অধিক সময় কাৰাবাস খাটিছিল । ১৯৯১ চনৰ ২১ মে'ৰ নিশা তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এগৰাকী মহিলা আত্মঘাতী বোমাৰুৰ দ্বাৰা ৰাজীৱ গান্ধীক হত্যা কৰা হৈছিল । ধনু বুলি চিনাক্ত কৰা মহিলাগৰাকীয়ে এক নিৰ্বাচনী জনসভাত ৰাজীৱ গান্ধীক হত্যা কৰিছিল ।

ছুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশৰ দ্বাৰা আদালতে এছ নলিনী, জয়কুমাৰ, আৰ পি ৰবিচন্দ্ৰন, ৰবাৰ্ট পিয়াছ, সুথেন্দ্ৰৰাজ আৰু শ্ৰীহৰণক মুকলি কৰি দিয়ে (SC releases Rajiv Gandhi murder convicts) । তেওঁলোকে কাৰাগাৰত ভাল আচৰণ প্ৰদৰ্শন কৰিছিল আৰু সকলোৱে কাৰাগাৰত থকাৰ সময়তে বিভিন্ন ডিগ্ৰী লাভ কৰিছিল । আদালতে উল্লেখ কৰে যে, তামিলনাডু কেবিনেটে ৯ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে তেওঁলোকৰ মুক্তিৰ পৰামৰ্শ দিছিল । এই মতামত ৰাজ্যপালৰ ওপৰত অৰ্পণ কৰিছিল । উল্লেখ্য, ৰাজ্যপালৰ ওচৰতে দোষীসকলে ৰেহাইৰ আবেদন দাখিল কৰিছিল ।

আনহাতে, চলিত বছৰৰ আৰম্ভণিতে দেশৰ শীৰ্ষ আদালতে ৰাজীৱ গান্ধী হত্যা গোচৰত দোষী এজি পেৰাৰিভালনৰ 31 বছৰীয়া কাৰাবাস সমাপ্ত কৰিছিল । কাৰাগাৰত তেওঁৰ ভাল আচৰণ, স্বাস্থ্যজনিত অৱস্থা, কাৰাগাৰত অৰ্জন কৰা শিক্ষাগত অৰ্হতা আৰু ডিচেম্বৰ 2015-ৰ পৰা তেওঁক দয়া কৰাৰ বাবে কৰা আবেদনৰ সুদীৰ্ঘ সময় ধৰি স্থগিত হৈ থকাৰ বিষয় তেওঁৰ মুক্তিৰ ক্ষেত্ৰত বিবেচনা কৰা হৈছিল ।

"কাৰাগাৰত তেওঁৰ সন্তোষজনক আচৰণ, চিকিৎসা ৰেকৰ্ড, কাৰাগাৰত লাভ কৰা শিক্ষাগত অৰ্হতা আৰু ডিচেম্বৰ 2015-ৰ পৰা তামিলনাডুৰ ৰাজ্যপালৰ ওচৰত অনুচ্ছেদ 161-ৰ অধীনত দাখিল কৰা তেওঁৰ ক্ষমা আবেদন পেলাই ৰখা দেখি অনুচ্ছেদ 142-ৰ অধীনত বিশেষ ক্ষমতা প্ৰয়োগ কৰি আমি আবেদনকাৰীক মুক্ত কৰি দিবলৈ নিৰ্দেশ দিওঁ ।" আদালতে সেই সময়ত কৈছিল ।

ইফালে এক চৰকাৰী বিবৃতিত কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই সিদ্ধান্তটো 'গ্ৰহণযোগ্য' নহয় । উল্লেখ্য, ৰাজীৱ গান্ধীয়ে ৪০ বছৰ বয়সত দায়িত্ব গ্ৰহণ কৰাৰ সময়ত দেশৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাবে পৰিগণিত হৈছিল ।

লগতে পঢ়ক :Mission Basundhara 2: ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰাৰ বিশেষ পদক্ষেপ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.