ETV Bharat / state

Mission Basundhara 2: ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰাৰ বিশেষ পদক্ষেপ চৰকাৰৰ

author img

By

Published : Nov 11, 2022, 1:42 PM IST

মিছন বসুন্ধৰা-২ সফল কৰিবলৈ ৩২৯.১৯ কোটি টকা অনুমোদন । ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বসুন্ধৰা-২ কাৰ্যসূচীৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । বসুন্ধৰা-২ৰ অধীনত সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেন্সফাৰ সেৱা (অটো-মিউটেচন), অনলাইন যোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব । চৰকাৰী খাচ ভূমি, চিলিং উদ্ধৃত মাটিৰ নিষ্পত্তি হ’ব মিছন বসুন্ধৰা-২ৰ দ্বাৰা । দখলকাৰী ৰায়তেও লাভ কৰিব ভূমিৰ অধিকাৰ ।

Governments special move to make bhumiputra land holder
ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰাৰ বিশেষ পদক্ষেপ চৰকাৰৰ

গুৱাহাটী, ১১ নৱেম্বৰ: অসমৰ চৰকাৰী, বনাঞ্চল, ভিলেজ গ্রেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্রফেশ্যনেল গ্রেজিং ৰিজাৰ্ভৰ (পি জি আৰ) মাটি সন্দেহযুক্ত নাগৰিকৰ দখললৈ যোৱাৰ সময়তে কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা নাই । ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰিবলৈ ৰাজ্য চৰকাৰে এইবাৰ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । থলুৱা লোকৰ মাটি থাকিলেও মাটিবাৰী সম্পৰ্কীয় দীর্ঘদিনীয়া নিষ্পত্তি নোহোৱা বিষয়বোৰ সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা-১ সফলতাৰে সম্পন্ন কৰাৰ পাছত এইবাৰ হাতত লৈছে মিছন বসুন্ধৰা-২(Mission Basundhara 2) ।

Governments special move to make bhumiputra land holder
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

এই মিছন বসুন্ধৰা-২ সফল কৰিবলৈ ৰাজ্য চৰকাৰে ৩২৯.১৯ কোটি টকা অনুমোদন দিছে । মিছন বসুন্ধৰা-২ সম্পর্কত কেবিনেটত(Assam Cabinet Meeting) কেইবাঘণ্টা ধৰি আলোচনা কৰাৰ পাছত এই আঁচনি সফল ৰূপায়ণ কৰি খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ দিয়াকে ধৰি আনুষংগিক বিষয়বোৰ নিষ্পত্তি কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো জিলাৰে উপায়ুক্তসকলৰ সৈতে ইতিমধ্যে দিনজোৰা বৈঠকত বিস্তৃত আলোচনাত মিলিত হৈছিল । আনহাতে বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) ৰাজহ বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বসুন্ধৰা-২ কাৰ্যসূচীৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰে ।

Governments special move to make bhumiputra land holder
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৈঠক

বসুন্ধৰা-২ৰ অধীনত সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেন্সফাৰ সেৱা (অটো-মিউটেচন), অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব । মিছনটো সময়োপযোগী আৰু সুচাৰুৰূপে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে । উল্লেখ্য যে মিছন বসুন্ধৰা-২ত কেইবাটাও সেৱা ৰাইজে লাভ কৰিব পাৰিব । অসমত ভূমি আইনৰ সুৰুঙাত সন্দেহযুক্ত লোকৰ দখললৈ মাটি গৈছে, অথচ খিলঞ্জীয়া ভূমিপুত্ৰই বছৰ বছৰ ধৰি মাটিৰ পট্টা নোপোৱাকৈ আছে । মিছন বসুন্ধৰা-২ত বিশেষকৈ চৰকাৰী মাটি, ভি জি আৰ আৰু পি জি আৰ মাটিত বাস কৰি থকা লোকসকল উপকৃত হ’ব ।

Governments special move to make bhumiputra land holder
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৈঠক

পি জি আৰ আৰু ভি জি আৰত বাস কৰি থকা লোকসকলে এবিঘা পর্যন্ত মাটি লাভ কৰিব । একচনীয়া মাটি ম্যাদী নোহোৱাৰ ফলত চৰকাৰী আঁচনিৰ পৰা খিলঞ্জীয়া লোকসকল বঞ্চিত হৈ থাকিবলগীয়া হৈছে । মিছন বসুন্ধৰা-২ৰ ফলত ম্যাদী পট্টা লাভ কৰিব । পূৰ্বৰ চৰকাৰৰ পৰা মাটি আৱণ্টন পোৱা লোকসকলে মাটিৰ পট্টন লাভ কৰিব । চৰকাৰী খাচ ভূমি, চিলিং উদ্ধৃত মাটিৰ নিষ্পত্তি হ’ব মিছন বসুন্ধৰা-২ৰ দ্বাৰা । দখলকাৰী ৰায়তেও মাটিৰ অধিকাৰ লাভ কৰিব । ৰাজ্য চৰকাৰে এই অভিযান সফল কৰি তুলিবলৈ ৩২৮.১৯ কোটি টকা ব্যয় কৰিবলৈ সাজু হৈছে ।

উল্লেখ যে মিছন বসুন্ধৰা-১ত মানুহৰ মাটিৰ নামজাৰি, নাম শুধৰণি, নাম সলনি, পট্টা পৃথকীকৰণ আদি মুঠ ৯টা বিষয় মীমাংসা কৰা হৈছিল । মিছন বসুন্ধৰা-১ত ৰাজ্যৰ মাটিৰ খেলিমেলি নিষ্পত্তিৰ বাবে ৮.১৪ লাখ আবেদন পৰিছিল যদিও ইয়াৰে প্ৰায় ৫.৮২ লাখ আবেদনৰ মীমাংসা হৈছিল । ২.৩১ লাখ আবেদনৰ মীমাংসা হোৱা নাছিল । উজনি অসমৰ ৰাইজৰ মাটিৰ খেলিমেলিবোৰ সহজতে মীমাংসা হৈছিল যদিও নামনি আৰু মধ্য অসমৰ ৰাইজৰ মাটিবাৰীৰ খেলিমেলিবোৰ নিষ্পত্তি হোৱা নাছিল ।

নামনি আৰু মধ্য অসমৰ ঘন জনবসতিৰ বাবে মাটিবাৰী সম্পৰ্কীয় বিবাদবোৰ মীমাংসা হোৱা নাছিল বুলি ৰাজহ বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে । ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত যিসকল খিলঞ্জীয়াই ভূমিপুত্র হৈও তেওঁলোক নিজ ৰাজ্যত মাটি অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল, তেওঁলোকে মিছন বসুন্ধৰা-২ত মাটিৰ অধিকাৰ লাভ কৰাটো নিশ্চিত হৈ পৰিব । ইতিমধ্যে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ বাবে চৰকাৰে ভূমি নীতিৰো সংশোধন কৰিছে ।

লগতে পঢ়ক : Nitin Gadkari meet Governor: ৰাজ্যপালক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.