ETV Bharat / state

DAC Election Result 2022: দেউৰী পৰিষদত খোপনি হেৰুৱালে কংগ্রেছে

author img

By

Published : Nov 11, 2022, 1:45 PM IST

Updated : Nov 11, 2022, 2:10 PM IST

প্ৰথমবাৰতে দেউৰী স্বায়ত্তশাসিত পৰিষদ দখল কৰা কংগ্রেছ দলে দ্বিতীয়বাৰ খোপনি পুতিবলৈ সক্ষম নহ'ল । তাৰ বিপৰীতে বিজেপিৰ লগতে আঞ্চলিক শক্তি জেপিপিৰ সবল স্থিতি পৰিলক্ষিত হ'ল দেউৰী পৰিষদত (Deuri Autonomous Council Election Result)। উল্লেখ্য, ২০০৫ বৰ্ষত চৰকাৰে তদৰ্থ ভিত্তিত গঠন কৰিছিল দেউৰী স্বায়ত্তশাসিত পৰিষদ ।

DAC
DAC

লখিমপুৰ, ১১ নৱেম্বৰ : বৃহস্পতিবাৰে ঘোষণা কৰা হয় দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (Deuri Autonomous Council Election 2022) । এইবাৰ দেউৰী স্বায়ত্ত পৰিষদ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে দখল কৰে (BJP led alliance win in DAC) । আনহাতে, শোচনীয় ব্যৰ্থতা প্ৰদৰ্শন কৰে প্ৰধান বিৰোধী দল কংগ্রেছে ।

DAC Election Result 2022: দেউৰী পৰিষদত খোপনি হেৰুৱালে কংগ্রেছে

অৱশ্যে নিৰ্বাচনত শাসকীয় বিজেপি দলে মিত্রদল অগপক লগত লৈ তুমুল যুঁজ দিবলগা হয় জিমছায়া পিপ'লছ পাৰ্টীৰ লগত । লক্ষণীয় যে প্ৰধান বিৰোধী দল কংগ্রেছৰ পৰিৱৰ্তে বিজেপি মিত্রজোঁটে আঞ্চলিক শক্তি জেপিপিৰ বিৰুদ্ধেহে তুমুল যুঁজ দিবলগা হোৱাটো ৰাজনৈতিক প্ৰেক্ষাপটত এতিয়া চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে (Congress JPP alliance in DAC election) ।

উল্লেখ্য, প্ৰথমবাৰতে দেউৰী স্বায়ত্তশাসিত পৰিষদ দখল কৰা কংগ্রেছ দলে দ্বিতীয়বাৰ খোপনি পুতিবলৈ সক্ষম নহ'ল । তাৰ বিপৰীতে বিজেপিৰ লগতে আঞ্চলিক শক্তি জেপিপিৰ সবল স্থিতি পৰিলক্ষিত হ'ল দেউৰী পৰিষদত (Deuri Autonomous Council Election Result)। উল্লেখ্য, ২০০৫ বৰ্ষত চৰকাৰে তদৰ্থ ভিত্তিত গঠন কৰিছিল দেউৰী স্বায়ত্তশাসিত পৰিষদ ।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ভীমবৰ নগৰত স্থাপন কৰা হৈছিল পৰিষদখনৰ মুখ্য কাৰ্যালয় । আনহাতে, মুখ্য কাৰ্য্যবাহীৰ আসনত বহে অমৃতপ্ৰভা দেউৰী । মুঠ ১৮ টা সমষ্টিৰে তদানীন্তন পৰিষদখন গঠন কৰা হৈছিল । চৰকাৰে তাৰ পিছৰ বছৰতে পৰিষদখন পুনৰ তদৰ্থ ভিত্তিত গঠন কৰে । দ্বিতীয়বাৰ মুখ্য কাৰ্যবাহীৰূপে পৰিষদৰ দায়িত্ব লাভ কৰে পীতাম্বৰ দেউৰীয়ে ।

তেতিয়াৰে পৰা তদৰ্থ ভিত্তিত চলি থকা পৰিষদখনৰ প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হয় ২০১০ চনত । প্ৰথমটো নিৰ্বাচনত কংগ্রেছ দলে প্ৰতিদ্বন্দ্বিতা কৰি ১২ টা সমষ্টি দখল কৰে । আন ছটা সমষ্টি দখল কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে । ভৈৰৱ দেউৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ কংগ্রেছ দলে পৰিষদখন দখল কৰে । পিছে প্ৰথমটো নিৰ্বাচনতে পৰিষদখন দখল কৰা কংগ্রেছ দলে পৰৱৰ্তী সময়ত খোপনি ৰাখিব নোৱাৰিলে । বৰং বিজেপি আৰু নৱগঠিত আঞ্চলিক দল জিমছায়া পিপ'লছ পার্টী ক্ৰমে শক্তিশালী হৈ পৰিষদখন দখল কৰে ।

দ্বিতীয়বাৰ ২০১৭ চনত হোৱা পৰিষদৰ নিৰ্বাচনত বিজেপি দলে ১১ খন, কংগ্রেছ দলে এখন আৰু জেপিপি দলে ৬ টা সমষ্টি দখল কৰে । মাধৱ দেউৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ বিজেপি দলে পৰিষদখন দখল কৰে । আনহাতে, সদ্য সমাপ্ত নিৰ্বাচনতো পুনৰাই বিজেপি আৰু মিত্ৰ দল অগপই দেউৰী স্বায়ত্তশাসিত পৰিষদ দখল কৰে ।

লক্ষণীয়ভাৱে প্ৰথমটো নিৰ্বাচনতে পৰিষদখন দখল কৰা কংগ্রেছ দলে পৰিষদখনত দ্বিতীয়বাৰ খোপনি পুতিবলৈ সক্ষম নহ'ল । ইয়াৰ বিপৰীতে বিজেপি দলৰ লগতে জেপিপিয়ে শক্তিশালী স্থিতি প্ৰকাশ কৰে । সদ্য সমাপ্ত নিৰ্বাচনত পৰিষদখনৰ সমষ্টিৰ সংখ্যা ২২ টালৈ বৃদ্ধি কৰা হয় । সংখ্যা বৃদ্ধিৰ পাছতো বিৰোধী দল কংগ্রেছে শেহতীয়া নিৰ্বাচনত আটাইকেইটা সমষ্টিত প্ৰাৰ্থী দিব নোৱাৰিলে ।

নিৰ্বাচনী প্ৰেক্ষাপটত এইবাৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে কংগ্রেছ দলৰ বিপৰীতে জেপিপিৰ লগতহে এখন থৈয়া-নথৈয়া ৰণত অৱতীৰ্ণ হয় । পৰিষদখনত প্ৰথমতেই দখল সাব্যস্ত কৰা কংগ্রেছ দলৰ শক্তি ক্ৰমে নিশকতীয়া হৈ পৰাটো সাম্প্রতিক সময়ত ৰাজনৈতিক ক্ষেত্রত এক লক্ষণীয় ঘটনাৰূপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :Nitin Gadkari meet Governor: ৰাজ্যপালক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

Last Updated :Nov 11, 2022, 2:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.