ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 7, 2022, 5:01 PM IST

Top 10 at 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Nalbari Raas Mahotsav : আজিৰে পৰা আৰম্ভ নলবাৰী ৰাস মহোৎসৱ

আজি ৰাস পূৰ্ণিমা । লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে ৰাসলীলা বা ৰাস মহোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰৰ পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৮৯ সংখ্যক শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ (89th Nalbari Raas Mahotsav) ।

Child Kidnaping in Guwahati: মহানগৰীত বিদ্যালয়ৰ শিশুক অপহৰণৰ চেষ্টা বিএচএফ জোৱানৰ

মহানগৰীৰ মালিগাঁৱত ভয়ংকৰ ঘটনা ৷ বিদ্যালয়ৰ পৰাই এটি শিশুক অপহৰণৰ চেষ্টা (Attempted to kidnap child from school in Maligaon) ৷

Dengue in Assam: নগাঁৱতো ডেংগুত আক্ৰান্ত এজন

ডেংগুক লৈ সষ্টম নগাঁও স্বাস্থ্য বিভাগ । কাৰ্বি আংলঙত দ্ৰুতগতিত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা (Dengue becoming severe in Karbi Anglong) । জিলাখনত ডেংগু ৰোগে ভয়াৱহ ৰূপ লোৱাৰ সময়ত নগাঁও জিলাতো প্ৰভাৱ পৰিছে ডেংগু ৰোগৰ (Dengue in Nagaon) ।

GMC Mud scandal: আৰক্ষীৰ জালত বোকা কেলেংকাৰীৰ মূল অভিযুক্ত তছদিকুৰ ৰহমান

গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ (Main accused of mud scandal is arrested) । বোকা কেলেংকাৰীৰ মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমানক ৰাজস্থানত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে চি এম ভিজিলেন্সে(GMC Mud scandal) ।

Trade Union Leader Arrested: মাওবাদী সন্দেহত গ্ৰেপ্তাৰ অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতা ধৰিত্ৰী শৰ্মাক

মাওবাদী সন্দেহত শিলচৰত গ্ৰেপ্তাৰ অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতা ৷ গ্ৰেপ্তাৰ হোৱা নেতাজন শ্ৰমিক ইউনিয়নৰ কাছাৰ জিলা সম্পাদক ধৰিত্ৰী শৰ্মা ৷

Unusual Death in Rajasthan : বাতৰি কাকত পঢ়ি থাকোতেই ঢলি পৰি মৃত্যু হ’ল ব্যৱসায়ীৰ

ৰাজস্থানৰ বৰমেৰ জিলাত বাতৰি কাকত পঢ়ি থকা অৱস্থাত মৃত্যু হয় এজন ব্যৱসায়ীৰ (Businessman dies while reading newspaper)। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ চিচিটিভি ফুটেজ । য'ত ব্যৱসায়ীজনে বাতৰি কাকত পঢ়ি থকা দেখা গৈছে আৰু হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যুমুখত পৰে (Unusual death in Rajasthan) ৷

Amla for health: দিনে এটাকৈ আমলখি খাওক সুস্বাস্থ্যৰ প্ৰমাণ হাততে পাওক

আমলখি স্বাস্থ্যৰ বাবে অন্যতম উপকাৰী ফল হিচাপে বিবেচিত হৈছে । সতেজ গুজবেৰী অৰ্থাৎ আমলখি মানুহে খাদ্যত বহু ৰূপত ব্যৱহাৰ কৰে যেনে শাক-পাচলি, আচাৰ, মুৰাব্বা, চাটনি আৰু চকলেট । যদিও বজাৰত আমলখি গুড়ি, ৰস আদি বহু ৰূপতো পোৱা যায়, কিন্তু প্ৰতিদিনে পুৱা এটা সতেজ আমলখি মূল ৰূপত খালে বা সতেজ আমলখিৰ ৰস সেৱন কৰিলে স্বাস্থ্যৰ বাবে বহু উপকাৰী বুলি বিশ্বাস কৰা হয় ।

DAC Election 2022 : দেউৰী পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাওনা বিষয়া কৰ্মচাৰী

মঙলবাৰে অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (DAC Election 2022) । সমগ্র ৰাজ্যৰ ৮ খন জিলাক সামৰি থকা পৰিষদখনৰ ২২ টা সমষ্টিত হ'ব ভোট গ্ৰহণ (8th November DAC election) । লখিমপুৰ জিলাত থকা পৰিষদৰ সাতটা সমষ্টিত ভোট গ্রহণৰ বাবে আজি পুৱাৰে পৰা প্ৰস্তুতি আৰম্ভ হয় (Deuri Autonomous Council election) ।

Kamal Haasan birthday:মণি ৰত্নমৰ সৈতে 35 বছৰৰ পিছত পুনৰ একেলগ হ’ব কমল হাছান

7 নৱেম্বৰ সোমবাৰে 68 সংখ্যক জন্মদিন উদযাপন কৰা কমল হাছানে 35 বছৰৰ পাছত মণি ৰত্নমৰ সৈতে পুনৰ মিলিত হ’বলৈ সাজু হৈছে (Kamal Haasan birthday) । জন্মদিনৰ প্ৰাকক্ষণত কমলে মণি ৰত্নমৰ সৈতে তেওঁৰ আগন্তুক ছবিখনৰ কথা ঘোষণা কৰে, অনিশ্চিতভাৱে ছবিখনৰ নাম KH234 ৰখা হৈছে ।

মিথুনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল পলক মুচ্ছল

গায়িকা পলক মুচ্ছল দেওবাৰে মুম্বাইত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক সংগীত ৰচয়িতা মিথুন শৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় (Palak Muchhal Mithoon) । বিবাহৰ অনুষ্ঠানটোত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ লগতে ঘনিষ্ঠ বন্ধুবৰ্গও উপস্থিত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.