ETV Bharat / state

GMC Mud scandal: আৰক্ষীৰ জালত বোকা কেলেংকাৰীৰ মূল অভিযুক্ত তছদিকুৰ ৰহমান

author img

By

Published : Nov 7, 2022, 4:28 PM IST

গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ (Main accused of mud scandal is arrested) । বোকা কেলেংকাৰীৰ মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমানক ৰাজস্থানত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে চি এম ভিজিলেন্সে(GMC Mud scandal) । এই কেলেংকাৰীৰে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল ৯ গৰাকী বিষয়া তথা ঠিকাদাৰ ।

main accused of mud scandal is arrested
আৰক্ষীৰ জালত বোকা কেলেংকাৰীৰ মূল অভিযুক্ত তছদিকুৰ ৰহমান

গুৱাহাটী,৭ নৱেম্বৰ: গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমানক গ্ৰেপ্তাৰ (Main accused of mud scandal is arrested) । ৰাজস্থানত আত্মগোপন কৰি থকা অৱস্থাত তছদিকুৰক গ্ৰেপ্তাৰ কৰে চি এম ভিজিলেন্সে (Retired chief engineer Tasdikur Rahman arrested) । চি এম ভিজিলেন্সেৰ ৭ জনীয়া এটা দলে ৰাজস্থানত অভিযান চলায় গ্ৰেপ্তাৰ কৰে তছদিকুৰ ৰহমানক ।

উল্লেখ্য যে, GMC বোকা নিষ্কাশনৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ গৰাকী বিষয়াক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে । GMC ৰ বোকা নিষ্কাশন কেলেংকাৰীৰে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল ৯ গৰাকী বিষয়া তথা ঠিকাদাৰ (GMC Mud scandal) । উক্ত কেলেংকাৰীৰে নাম সাঙোৰ খোৱাৰ পৰিপ্ৰেক্ষিতত বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দিনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্ত, অভিমন্যু মেধীক গ্ৰেপ্তাৰ কৰা হৈছিল (Nine officer and contractors arrested in Mud scam) ।

সম্প্ৰতি পলাতক আন এক অভিযুক্ত কাৰ্যবাহী অভিযন্তা সীমান্ত জ্যোতি বৰুৱা । চলিত বৰ্ষত জি এম চিত বোকা আঁতৰোৱা কামৰ ভুৱা বিল দি প্ৰায় ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকা সৰকাই নিছিল এই চক্ৰটোৱে ।

বোকা আঁতৰোৱা কামৰ নামত দাখিল কৰা নথি-পত্ৰ দেখি গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ সন্দেহ ওপজাত লগে লগে তেওঁ ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকাৰ কাম-কাজৰ তদন্ত কৰিবলৈ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক নিৰ্দেশ দিয়ে । এই নিৰ্দেশৰ ভিত্তিতে পংকজ চক্ৰৱৰ্তীয়ে তদন্ত আৰম্ভ কৰে ।

যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্তৰ প্ৰতিবেদনত পোহৰলৈ আহিছিল ভুৱা বিল দি গুৱাহাটী পৌৰ নিগমৰ বিষয়া কেইজনে কোটি কোটি টকা লুটিছিল । পৰৱৰ্তী সময়ত পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪/২০২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Dengue in Assam : ডেংগুৰ প্ৰকোপত আতংকিত ৰাজ্যবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.