ETV Bharat / state

Nalbari Raas Mahotsav : আজিৰে পৰা আৰম্ভ নলবাৰী ৰাস মহোৎসৱ

author img

By

Published : Nov 7, 2022, 4:25 PM IST

Updated : Nov 7, 2022, 7:18 PM IST

Nalbari
Nalbari

আজি ৰাস পূৰ্ণিমা । লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে ৰাসলীলা বা ৰাস মহোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰৰ পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৮৯ সংখ্যক শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ (89th Nalbari Raas Mahotsav) ।

নলবাৰী, ৭ নৱেম্বৰ : আজি ৰাস পূৰ্ণিমা । লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে ৰাসলীলা বা ৰাস মহোৎসৱ (Raas Mahotsav all over Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজিৰে পৰা আৰম্ভ হৈছে নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ (Hari Mandir Raas Mahotsav Nalbari) ।

তেৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ সোমবাৰৰ পৰা আৰম্ভ হৈছে নলবাৰীৰ ৰাস মহোৎসৱ । এই উপলক্ষে পতাকা উত্তোলনেৰে ৮৯ সংখ্যক শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অশোক শৰ্মা আৰু মন্ত্ৰী তথা ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই ।

Nalbari Raas Mahotsav : আজিৰে পৰা আৰম্ভ নলবাৰী ৰাস মহোৎসৱ

উল্লেখ্য, ৭ নৱেম্বৰৰ পৰা ১৯ নবেম্বৰলৈকে অনুষ্ঠিত হ'ব নলবাৰী ৰাস মহোৎসৱ । এইবাৰ নলবাৰী ৰাসৰ বিশেষ আকৰ্ষণ হৈছে বৃন্দাবনৰ জীৱন্ত ৰাস, মণিপুৰৰ বসন্ত ৰাস, গুজৰাটৰ দাণ্ডিয়া ৰাস আৰু মাজুলীৰ জীৱন্ত ৰাস প্ৰদৰ্শন । আনহাতে নলবাৰী হৰিমন্দিৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিব বলীউডৰ এসময়ৰ ড্ৰীম গাৰ্ল তথা বৰ্তমানৰ ৰাজনীতিক হেমামালিনীয়ে (Hemamalini) । লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে এইবাৰৰ নলবাৰীৰ ৰাসত উপস্থিত থাকিব ।

উল্লেখ্য, 1933 চনৰ পৰা আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱে এইবাৰ 89 বৰ্ষত ভৰি দিছে (89th Nalbari Raas Mahotsav) । ৭ নৱেম্বৰত ৰাস মহোৎসৱ উদ্বোধন কৰিব বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ গোস্বামীয়ে ৷ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰীকা (Minister Piyush Hazarika) ৷ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Gordon High School) ।

নলবাৰী ৰাসত এইবাৰ পোন প্ৰথমবাৰৰ বাবে সংযোজন হৈছে গ্ৰন্থমেলাৰ । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ যৌথ উদ্যোগত আয়োজিত অসম গ্ৰন্থমেলা, নলবাৰীৰ ৮ নৱেম্বৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Minister Ranoj Pegu) উদ্বোধন কৰিব ৷ আনহাতে, মন্ত্ৰী বিমল বড়াই বাণিজ্য মেলা আৰু অভিনেতা যতীন বৰাই গ্ৰন্থ বিপণীসমূহ উদ্বোধন কৰিব । এইবাৰ ৰাসত নাগাৰা আৰু দিহা নাম প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে ৰাস মহোৎসৱৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

উল্লেখ্য়, এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱত ৭ খন ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰদৰ্শন কৰিব তেওঁলোকৰ নাট । ভ্ৰাম্যমাণ থিয়েটাৰৰ মাজত হ’ব নাট প্ৰতিযোগিতা আৰু তাত তিনিটাকৈ বঁটা প্ৰদান কৰা হ’ব নাট্যদলবোৰক । সমান্তৰালকৈ প্ৰদান কৰা হ’ব শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী বঁটা ।

আনহাতে, ১৪ নৱেম্বৰত অসমৰ জীৱন্ত ৰাস উদ্বোধন কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীয়ে (Hema Malini may Visit Nalbari) । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাবে উপস্থিত থাকিব ।

প্ৰায় ১ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা নলবাৰীৰ ৰাস মহোৎসৱত প্ৰায় পোন্ধৰ লাখ দৰ্শনাৰ্থীৰ সমাবেশ হ’ব বুলিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেলত আশা ব্যক্ত কৰে ।

লগতে পঢ়ক :Ras Mahotsav 2022: দ্বিতীয় বৃন্দাবনলৈ পৰ্যৱসিত মাজুলী

Last Updated :Nov 7, 2022, 7:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.