Ras Mahotsav 2022: দ্বিতীয় বৃন্দাবনলৈ পৰ্যৱসিত মাজুলী

By

Published : Nov 7, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

আজিৰে পৰা আৰম্ভ হৈছে মাজুলীৰ গৌৰৱ ৰাসলীলা (Raslila at Majuli)। সেয়েহে উখল মাখল হৈ পৰিছে সত্ৰ নগৰী মাজুলীৰ পৰিৱেশ ৷ কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে মাজুলী । যেন দ্বিতীয় বৃন্দাবনলৈ পৰ্যৱসিত হৈছে নদী-দ্বীপটো । শিল্পীৰ হাতৰ পৰশত গঢ় লৈ উঠিছে বিভিন্ন ধৰণৰ মুখা । মাজুলীৰ অৰ্ধ শতাধিক ৰংগ মঞ্চ আৰু ১৪ খনকৈ সত্ৰত আয়োজন কৰা হৈছে এই ৰাসলীলা । মুখাশিল্পৰ বাবে বিখ্যাত ঐতিহাসিক নতুন চামগুৰি সত্ৰতো পৰম্পৰাগত ভাৱে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা (Ras Mahotsav in Chamaguri Satra)। এই সত্ৰখনত পুৱা আইসকলৰ নামেৰে আৰম্ভ হয় ৰাসলীলাৰ কাৰ্যসূচী । ইপিনে,নতুন চামগুৰি সত্ৰতো আৰম্ভ হৈছে বৈষ্ণৱ সকলৰ নাম-প্ৰসংগ । পুৱাৰে পৰাই বিভিন্ন স্থানৰ অগণন ভক্তই ভিৰ কৰিছে এই সত্ৰখনত । মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে (Mask artist Hemchandra Goswami) ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.