ETV Bharat / entertainment

মিথুনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল পলক মুচ্ছল

author img

By

Published : Nov 7, 2022, 11:29 AM IST

Palak MuchhaPalak Muchhall
মিথুনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল পলক মুচ্ছল

গায়িকা পলক মুচ্ছল দেওবাৰে মুম্বাইত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক সংগীত ৰচয়িতা মিথুন শৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় (Palak Muchhal Mithoon) । বিবাহৰ অনুষ্ঠানটোত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ লগতে ঘনিষ্ঠ বন্ধুবৰ্গও উপস্থিত আছিল ।

চিটাৰা ডেস্ক, 7 নৱেম্বৰ : দেওবাৰে মুম্বাইত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত দীৰ্ঘদিনীয়া প্ৰেমিক সংগীত শিল্পী মিথুন শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয় গায়িকা পলক মুচ্ছল । গায়িকা পলক মুচ্ছল আৰু মিথুন শৰ্মাৰ বিবাহ অনুষ্ঠানত বহু চেলেব্ৰিটীয়ে অংশগ্ৰহণ কৰে । দেওবাৰে নিশা মিথুন শৰ্মা আৰু পলক মুচ্ছলক সংবাদ মাধ্যমে উষ্ম আদৰণি জনায় ।

বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত মনোৰঞ্জন ক্ষেত্ৰখনৰ কেইবা গৰাকী বন্ধু-বান্ধৱীয়ে দুয়োকে যুগ্ম জীৱনৰ শুভেচ্ছা যাচে ৷ পলক আৰু মিথুনে মুম্বাইত বিয়া আৰু অভ্যৰ্থনা দুয়োটা অনুষ্ঠানতে ৰঙা সাজ বাছি লৈছিল । পলকে ৰঙা লেহেংগা পিন্ধাৰ বিপৰীতে মিথুনে বেইজ ৰঙৰ শ্বেৰৱানী পিন্ধিছিল । সংগীত জগতৰ প্ৰায় সকলো তাৰকাই উপস্থিত থাকে অভ্যৰ্থনা অনুষ্ঠানত । চনু নিগম, কৈলাশ খেৰ, ৰশ্মী দেশাইকে ধৰি বহু চেলেব্ৰিটীয়েও পৰম্পৰাগত সাজ পৰিধান কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

Palak Muchhal
মিথুনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল পলক মুচ্ছল

ৰুবিনা দিলাইক আৰু অভিনৱ শুক্লাক পলক আৰু মিথুনৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠানত একেলগে প’জ দিয়া দেখা গৈছিল । ৰশ্মি দেশাইৰ আগমনৰ লগে লগে সকলোৰে চকু তেওঁৰ ওপৰতে নিৱদ্ধ হৈ পৰে । ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক তথা সংগীত প্ৰযোজক ভূষণ কুমাৰো তেওঁৰ পৰিয়াল আৰু তেওঁৰ ভগ্নী গায়িকা তুলসী কুমাৰৰ সৈতে উপস্থিত থাকে ।

কন্ঠশিল্পী আৰমান মালিকক মাতৃ জ্যোতি মালিক আৰু পিতৃ ডাবু মালিকৰ সৈতে আনন্দৰে প’জ দিয়া দেখা গ’ল । প্লেবেক গায়ক জাভেদ আলীক তেওঁৰ পত্নী ইয়াছমিন আলী আৰু পুত্ৰ আতিফ আলীৰ সৈতে সভাস্থলীত দেখা গৈছিল । কিংবদন্তি সংগীত সুৰকাৰ কৈলাশ খেৰ, সংগীত পৰিচালক তথা গায়ক চনু নিগমে দম্পতীহালক শুভেচ্ছা জনাই পাপাৰাজ্জীৰ বাবে প’জ দিয়ে । টেলিভিছন জগতৰ অভিনেতা পাৰ্থ সামথান ক’লা সাজ-পোছাক পিন্ধি বিয়াৰ অভ্যৰ্থনাত উপস্থিত হয় ।

Palak Muchhal
পলক মুচ্ছল আৰু মিথুন শৰ্মাৰ বিবাহ অনুষ্ঠান

ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানাকো অভ্যৰ্থনা অনুষ্ঠানত দেখা গৈছিল ৷ গায়িকা-গীতিকাৰ নীতি মোহনে স্বামী নিহাৰ পাণ্ড্যাৰ সৈতে বিবাহ অনুষ্ঠানত উপস্থিত হয় ৷ বলীউডৰ ডিভা ডেইজী শ্বাহো আহে দুয়োকে বৈবাহিক জীৱনৰ শুভেচ্ছা যাচিবলৈ । পত্নী ৰাধিকা মুখাৰ্জীৰ সৈতে ক’লা সাজ পৰিধান কৰি অনুষ্ঠানস্থলীত উপস্থিত হয় জনপ্ৰিয়ভাৱে শ্বান নামেৰে পৰিচিত সংগীত শিল্পী শান্তনু মুখাৰ্জী ।

পদ্মভূষণ বঁটা বিজয়ী কণ্ঠশিল্পী উদিত নাৰায়ণৰ লগতে তেওঁৰ পুত্ৰ কণ্ঠশিল্পী আদিত্য নাৰায়ণ, পত্নী দীপা নাৰায়ণ আৰু বোৱাৰী তথা অভিনেত্ৰী স্বেতা আগৰৱালাক অভ্যৰ্থনা অনুষ্ঠানত দেখা গ’ল । বলীউডৰ এগৰাকী সুপৰিচিত কণ্ঠশিল্পী পলক, ‘চাহুন মে য়া না, ধোকা দাঢ়ি, ফটোকপি, জুমে কি ৰাত, প্ৰেম ৰতন ধন পায়োকে ধৰি বহু বিখ্যাত গীতত কণ্ঠদান কৰিছে (Palak Muchhal songs) । আনহাতে মিথুনে দ্য ট্ৰেইন, অগৰ, লামহা, জিছম 2, আশ্বিকী 2, এক ভিলেইন, চনম ৰে আদি ছবিৰ বাবে সংগীত ৰচনা কৰিছে ।

লগতে পঢ়ক : Varun Dhawan diagnosed with Vestibular Hypofunction: বৰুণ ধৱনৰ ভেষ্টিবুলাৰ হাইপ’ফাংচন ৰোগ ধৰা পৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.