DAC Election 2022 : দেউৰী পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাওনা বিষয়া কৰ্মচাৰী

By

Published : Nov 7, 2022, 1:19 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

মঙলবাৰে অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (DAC Election 2022) । সমগ্র ৰাজ্যৰ ৮ খন জিলাক সামৰি থকা পৰিষদখনৰ ২২ টা সমষ্টিত হ'ব ভোট গ্ৰহণ (8th November DAC election) । লখিমপুৰ জিলাত থকা পৰিষদৰ সাতটা সমষ্টিত ভোট গ্রহণৰ বাবে আজি পুৱাৰে পৰা প্ৰস্তুতি আৰম্ভ হয় (Deuri Autonomous Council election) । লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভোট গ্ৰহণৰ বাবে ৰাওনা হৈছে নিৰ্বাচনী কামত নিয়োজিত কৰ্মচাৰীসকল (Lakhimpur Govt Higher Secondary School) । বেলট বাকচ, নিৰাপত্তাৰক্ষীসহ পুৱাৰে পৰা নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল ৰাওনা হয় । লখিমপুৰত দেউৰী পৰিষদৰ সাতটা সমষ্টিত ২৫ টা কেন্দ্রত হ'ব ভোট গ্ৰহণ । মুঠ ১২ হেজাৰ ৪৫৭ গৰাকী ভোটাৰে মঙলবাৰে নিৰ্ণয় কৰিব ২৩ জন প্ৰতিদ্বন্দ্বী প্রার্থীৰ ভাগ্য ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.