ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 21, 2021, 3:15 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

Nagaland CM in Jorhat : যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে বৈঠক নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

যোৰহাটত উপস্থিত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফি ৰিঅ’(Nagaland CM in Jorhat) ৷ দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ৰ সৈতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হয় ৷ যোৰহাটৰ আৱৰ্ত ভৱন(Jorhat Circuit House)ত অনুষ্ঠিত হয় এই বৈঠকখন ৷

New Appointments in Assam : নতুন নিযুক্তিৰ ক্ষেত্ৰত আয়োগ গঠনৰ সিদ্ধান্ত চৰকাৰৰ

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ(Recruitment for 3rd and 4th Grade Jobs)সমূহৰ বাবে এখন নতুন আয়োগ(Committee) গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ ৷ গঠন হ’বলগীয়া এই নিয়োগ আয়োগে প্ৰায় এক লাখ পদত দিবলগীয়া নতুন নিযুক্তি প্ৰক্ৰিয়া (New Appointments in Assam) পৰিচালনা কৰিব । শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ডিফুত বিজেপি যুৱ মৰ্চা আৰু হায়াত হাস্পতালৰ উদ্যোগত অনুষ্ঠিত Free Health Checkup Camp

ডিফুত কাৰ্বি আংলং জিলা বিজেপি যুৱ মৰ্চা (BJP Yuva Morcha) আৰু হায়াত হাস্পতাল (Hayat Hospital)ৰ উদ্যোগত শনিবাৰে ডিফু ক্লাবত দিনজোৰা কাৰ্যসূচীৰে এক বিনামূলীয়া স্বাস্থ্য শিবিৰ (Free Health Checkup Camp) অনুস্থিত হয় ৷ এই শিবিৰত হায়াত হাস্পতালৰ হৃদৰোগ বিভাগ, বহুমূত্ৰ ৰোগ বিভাগ আৰু মূত্ৰৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলৰ হতুৱাই 200 গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷

Petrol Diesel Price : দেওবাৰৰ দিনটোত অপৰিৱৰ্তিত মূল্য

দেওবাৰৰ দিনটোত অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল-ডিজেল(Petrol Diesel Price)ৰ মূল্য ৷ সেই অনুসৰি দেওবাৰে পেট্ৰ’লৰ মূল্য হৈছে প্ৰতি লিটাৰত 103.97 টকা ৷ ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছে 86.29 টকা ৷

MP Abdul Khaleque Reaction : কংগনা ৰাণাৱট জেহাদীতকৈও ভয়ংকৰ

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বিৰুদ্ধে অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল বৰপেটাৰ সাংসদ আব্দুল খালেক(MP Abdul Khaleque) ৷ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ কংগনা ৰাণাৱাট(Kangana Ranaut)ক পদ্মশ্ৰী দিয়াটো ভুল আছিল ।

BPF Party Workshop : চিৰাঙত বিপিএফৰ কেন্দ্ৰীয় সভাপতি হাগ্ৰামা মহিলাৰী

বিপিএফৰ কাৰ্যকালত যদি কিবা অনৈতিক কাৰ্যকলাপ হৈছে তেন্তে চিবিআই তদন্ত কৰিব পাৰে, চিৰাঙত বিপিএফৰ দলীয় সভা (BPF Party Workshop)ত উপস্থিত হৈ এই বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে (Hagrama Mohilary) ৷ বিটিচিত 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পাচত অহা কোনো লোকেই বৈধ নহয় বুলিও মন্তব্য হাগ্ৰামাৰ

শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপস্থিতিত চলিছে এখন বিদ্যালয়

বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন মাদ্ৰাছা(Madrassa)ত নাই শিক্ষক আৰু শিক্ষাৰ্থী ৷ মাদ্ৰাছাখনত প্ৰধান শিক্ষক দেলোৱাৰ হুছাইনৰ উপৰিও আন তিনিগৰাকী শিক্ষক আছে যদিও শিক্ষাৰ্থীৰ সংখ্যা শূণ্য ৷ মাদ্ৰাছাখনৰ এই অৱস্থা দেখি শংকিত সচেতন ৰাইজ ৷

Farm Laws Repeal: কি ক'লে ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰাই ?

গুৰু নানকৰ জন্ম জয়ন্তী উপলক্ষে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কৃষি আইন বাতিলৰ ঘোষণা কৰিছিল । তাৰ পাছতে তেওঁক প্ৰশংসা কৰিছে বিভিন্নজনে । শেহতীয়াকৈ ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰা আৰু উন্নাও সমষ্টিৰ সাংসদ সাক্ষী মহাৰাজেও প্ৰশংসা কৰিছে মোডী চৰকাৰক ।

National Highway Condition : বিহালীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ধূলিময় পৰিৱেশ

বিহালীৰ বৰগাঙত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ লগতে ঘাইপথত বিৰাজ কৰিছে ধূলিময় পৰিৱেশে(Dusty Environment of NH15)। ঘাইপথৰ সমীপৰ দোকান-পোহাৰ বন্ধ কৰিবলৈ বাধ্য হৈছে ব্যৱসায়ীসকলে ৷ ঘাইপথৰ জৰাজীৰ্ণ ৰূপ আৰু ধূলিসদৃশ পৰিৱেশে জীয়াতু ভোগাইছে বৰগাংবাসী ৰাইজক । যাৰ পৰিপেক্ষিতত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা(Road Accident) ।

Chirang venture school teachers protest: উত্তাল কাজলগাঁও উপায়ুক্ত কাৰ্যালয়

চিৰাঙত শনিবাৰে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলে এক প্ৰতিবাদী কাৰ্যসূচী (Chirang venture school teachers protest) ৰূপায়ণ কৰে ৷ কাজলগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে প্ৰতিবাদকাৰী শিক্ষকসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.