Chirang venture school teachers protest: উত্তাল কাজলগাঁও উপায়ুক্ত কাৰ্যালয়

author img

By

Published : Nov 21, 2021, 11:44 AM IST

chirang-venture-school-teachers-protest
Chirang venture school teachers protest: উত্তাল Kajalgaon DC Office ()

চিৰাঙত শনিবাৰে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলে এক প্ৰতিবাদী কাৰ্যসূচী (Chirang venture school teachers protest) ৰূপায়ণ কৰে ৷ কাজলগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে প্ৰতিবাদকাৰী শিক্ষকসকলে ৷

চিৰাং, 21 নৱেম্বৰ : শনিবাৰে চিৰাং জিলা (Chirang district)ৰ সদৰ কাজলগাঁও উপায়ুক্তৰ কাৰ্যালয় (Kajalgaon DC Office)ৰ সন্মুখৰ যোগ কেন্দ্ৰত অপ্ৰাদেশিকৃত শিক্ষকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হয় (Chirang venture school teachers protest) ৷ সদৌ বিটিআৰ অপ্ৰাদেশিকৃত প্ৰাথমিক-উচ্চ প্ৰাথমিক শিক্ষক সন্থাই তেওঁলোকৰ কেবাটাও দাবীৰ সমৰ্থনত এই দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷

Chirang venture school teachers protest: উত্তাল Kajalgaon DC Office

এই ধৰ্মঘটৰ জৰিয়তে শিক্ষক সন্থাই আগন্তুক বিধানসভা অধিৱেশনত বি টি আৰ চুক্তিৰ 6.3 দফা কাৰ্যকৰী কৰি বিটিআৰৰ অন্তৰ্গত 2006 চনত পূৰ্বে স্থাপিত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ আইন (provincialization Act)ৰ আওতাত আনি প্ৰাদেশিকীকৰণ কৰা, বিটিআৰ অঞ্চলত শূন্য দূৰত্বত থকা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়সমূহ দূৰত্বৰ চৰ্তৰ আওতাৰ বাহিৰত ৰাখি বিশেষভাৱে প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰা ইত্যাদি দাবী জনায় ৷

লগতে বিটিআৰৰ এতিয়ালৈকে ডাইছ ক'ড থকা সকলো শ্ৰেণীৰ প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ চলিত বিত্তীয় বৰ্ষতে বিনাচৰ্তে প্ৰাদেশিকীকৰণ (provincialization)ৰ ব্যৱস্থা কৰা, অন্য শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ দৰে অপ্ৰাদেশিকীত শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়া চাইকেল, বেগ আৰু ইউফৰ্ম দিয়াৰ ব্যৱস্থা কৰাকে ধৰি মুঠ 12টা দাবীৰ সমৰ্থনত দুই শতাধিক পুৰুষ আৰু মহিলা শিক্ষক-শিক্ষয়িত্ৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

সদৌ বিটিআৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডলে হুংকাৰ দি কয় যে আমি দীৰ্ঘ দিন বিনা বেতনে কাম কৰিলো । বহু শিক্ষক বিনা বেতনে ঢুকালে, অৱসৰ ল'বলগীয়া হ'ল গতিকে এতিয়া আৰু ধৈৰ্য্য ধৰি থকাৰ সময় নাই । চৰকাৰে শীঘ্ৰই প্ৰাদেশীকৰণ নকৰিলে ধাৰাবাহিকভাৱে আন্দোলন চলাই যোৱাৰ কথাও সদৰি কৰে উমেশ চন্দ্ৰ মণ্ডলে ৷

লগতে পঢ়ক : 75 Years of Independence: চৰ্দাৰ উধম সিঙক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.