75 Years of Independence: চৰ্দাৰ উধম সিঙক স্মৰণ

author img

By

Published : Nov 21, 2021, 6:15 AM IST

75 Years of Independence
চৰ্দাৰ উধম সিঙক স্মৰণ ()

ভাৰতত স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত অন্যতম হৈছে চৰ্দাৰ উধম সিং । ব্ৰিটিছসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ তেওঁ দীঘলীয়া আৰু কঠোৰ অপেক্ষা কৰিছিল । ৰাম মহম্মদ সিং আজাদ ছদ্মনামেৰে তেওঁ জালিয়ানৱালা বাগৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰিছিল ।

নেশ্যনেল ডেস্ক,21 নৱেম্বৰ: এটা সময় আছিল যেতিয়া সমগ্ৰ ভাৰততে জন্ম হৈছিল জাতীয়তাবাদী শক্তিৰ । ব্ৰিটিছ শাসনৰ পৰা মুক্তিৰ বাবে প্ৰায় দুটা শতিকা ধৰি যুদ্ধত অৱতীৰ্ণ হৈছিল ভাৰতীয় সকল । স্বাধীনতাৰ বাবে ব্যাপক সংগ্ৰামৰ সাক্ষী হৈ ৰৈছিল সমগ্ৰ ভাৰতবৰ্ষ । ঔপনিৱেশিক সাম্ৰাজ্যৰ মুকুট বুলি দাবী কৰা ব্ৰিটিছসকলে সেইসময়ত ভাৰতত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

এনে সময়তে এটা নামে আতংকিত কৰি তুলিছিল ব্ৰিটিছসকলক । বিভাজন আৰু শাসকৰ নীতিকো প্ৰভাৱিত কৰিছিল সেই বিশেষ নামটোৱে । আনকি ব্যক্তিজনৰ পূৰ্বে সেই নামটোহে নি:শেষ কৰিব বিচাৰিছিল ব্ৰিটিছসকলে । সেই নামটোৱে হৈছে ৰাম মহম্মদ সিং আজাদ ।

75 Years of Independence: চৰ্দাৰ উধম সিঙক স্মৰণ

ভাৰতৰ তিনিটা প্ৰধান ধৰ্মৰ একতাক সূচায় এই বিশেষ নামটোৱে । কেৱল নামটোৱেই নহয়, নামটোৰ গৰাকীয়েও ব্ৰিটিছসকলক আতংকিত কৰি তুলিছিল । ব্ৰিটিছৰ গণহত্যাৰ প্ৰতিশোধ ল'বলৈ ইংলেণ্ড পৰ্যন্ত ভ্ৰমণ কৰিছিল শ্বহীদ-ই-আজম উধম সিঙে । ৰাম মহম্মদ সিং আজাদৰ নাম লৈয়ে জালিয়ানৱালা বাগৰ গণহত্যাৰ মাষ্টাৰমাইণ্ড মিচেল অ'ডয়াৰক হত্যা কৰিছিল উধম সিঙে ।

অ'ডয়াৰক কেক্সটন হলত হত্যা কৰি তেওঁৰ নাম ৰাম মহম্মদ সিং আজাদ বুলি মুকলিকৈ ঘোষণা কৰিছিল উধম সিঙে । স্বাধীনতা সংগ্ৰামীগৰাকীৰ নামটোৱে সেই সময়ত ব্ৰিটিছসকলৰ মূৰৰ কামোৰণি হৈ পৰিছিল । ১৮৯৯ চনৰ ২৬ ডিচেম্বৰত চাংৰুৰৰ চুনামত তেওঁ জন্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ নাম আছিল শ্বেৰ সিং ।

অমৃতসৰ অনাথ আশ্ৰমত তেওঁক উধম সিং নাম দিয়া হৈছিল । ১৭ বছৰ বয়সত তেওঁ নিজৰ ভাতৃ সাধু সিঙক হেৰুৱাইছিল । উধম সিঙৰ বয়স ১৯ বছৰ থকা সময়তে জালিয়ানৱালা বাগ গণহত্যাৰ ঘটনা সংঘটিত হৈছিল । অনুষ্ঠানত পানী পৰিৱেশন কৰি থকা সময়তে গুলীবৰ্ষণ আৰম্ভ হৈছিল ।

সেই সময়ত আত্মৰক্ষাৰ বাবে তেওঁ বাছি লৈছিল এডাল গছ । নিজ চকুৰ সন্মুখতে ব্ৰিটিছসকলৰ লোমহৰ্ষক হত্যালীলা চলাইছিল । ব্ৰিটিছৰ এই বৰ্বৰতাই তেওঁক হতাশ কৰিছিল আৰু যিকোনো উপায়েৰে গণহত্যা বন্ধৰ তেওঁ প্ৰতিজ্ঞা লৈছিল । বিভিন্ন কামৰ বাবে লণ্ডনলৈ যোৱাৰ সময়তো তেওঁ নিজৰ উদ্দেশ্যৰ কথা পাহৰি যোৱা নাছিল আৰু অ'ডায়ৰক বিচাৰি ফুৰিছিল ।

উধম সিঙে ১৯২৭ চনত ভগত সিঙৰ নিৰ্দেশত পাঞ্জাৱলৈ উভতি আহিছিল । কিন্তু অস্ত্ৰ সৰবৰাহ আৰু গদাৰ দি গুঞ্জ নামৰ পত্ৰিকা বিতৰণৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁ ১৯৩১ চনলৈকে পাঁচ বছৰৰ বাবে কাৰাগাৰ আছিল । মুক্তিৰ পিছত ব্ৰিটিছ আৰক্ষীয়ে তেওঁক পৰ্যবেক্ষণত ৰাখিছিল ।

কাশ্মীৰলৈ গৈ তেওঁ নিজকে লুকুৱাবলৈ সক্ষম হৈছিল য'ৰ পৰা ১৯৩৪ চনত তেওঁ ইংলেণ্ডত উপস্থিত হৈছিল । এদিন তেওঁ মিচেল অ'ডয়াৰৰ নাম থকা এখন পোষ্টাৰ দেখিছিল য'ত লিখা আছিল কেক্সটন হলত ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যনৰ এটা অনুষ্ঠানত তেওঁ ভাষণ দিব । পোষ্টাৰখন দেখি তেওঁ নিজৰ উদ্দেশ্যৰ কথা স্মৰণ কৰিছিল ।

নিৰ্ধাৰিত তাৰিখ আৰু সময়ত তেওঁ উপস্থিত হৈছিল কেক্সটন হলত । ঘটনাস্থলীতে মৃত্যু হৈছিল মিচেল অ'ডয়াৰৰ । কিন্তু ৰাম মহম্মদ সিং আজাদৰ নামটোৱে বিভ্ৰান্ত কৰিছিল ব্ৰিটিছসকলক । ১৯৪০ চনৰ ৩১ জুলাইত ভাৰতৰ এই মহান সংগ্ৰামীগৰাকীক লণ্ডনৰ পেণ্টনভিল কাৰাগাৰত ফাঁচী দিয়া হয় আৰু তেওঁৰ মৃতদেহ কাৰাগাৰতে সমাধিস্থ কৰা হয় ।

পাঞ্জাৱৰ তদানীন্তন মুখ্যমন্ত্ৰী গিয়ানি জাইল সিঙৰ প্ৰচেষ্টাত ইংলেণ্ডে ১৯৭৪ চনৰ ৩১ জুলাইত উধম সিঙৰ অৱশেষ ভাৰতক হস্তান্তৰ কৰে । ইটিভি ভাৰতৰ তৰফৰ পৰাও সাহসী শ্বহীদ উধম সিং সুৰমাক স্মৰণ কৰিছো যিয়ে ব্ৰিটিছ ভূমিত গৈ ভাৰতীয় গৌৰৱ আৰু প্ৰতিৰক্ষাক বজাই ৰাখিছিল ।

লগতে পঢ়ক :Do not travel to Jammu and Kashmir : দেশীয় নাগৰিকলৈ সতৰ্কবাণী আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.