Nagaland CM in Jorhat : যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে বৈঠক নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 21, 2021, 12:41 PM IST

Updated : Nov 21, 2021, 1:13 PM IST

chief-minister-dr-himanta-biswa-sharma-meets-nagaland-cm-in-jorhat
Nagaland CM in Jorhat ()

যোৰহাটত উপস্থিত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফি ৰিঅ’(Nagaland CM in Jorhat) ৷ দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ৰ সৈতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হয় ৷ যোৰহাটৰ আৱৰ্ত ভৱন(Jorhat Circuit House)ত অনুষ্ঠিত হয় এই বৈঠকখন ৷

যোৰহাট, 21 নৱেম্বৰ : দীৰ্ঘদিনীয়া সীমা সমস্যা সম্পৰ্কে আলোচনা কৰিবলৈ যোৰহাটত উপস্থিত হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফি ৰিঅ’(Nagaland CM in Jorhat) ৷ চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক উষ্ম সম্বৰ্ধনা জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ই ৷ দেওবাৰে যোৰহাটৰ আৱৰ্ত ভৱন(Jorhat Circuit House)ত অনুষ্ঠিত এক বৈঠকত মিলিত হয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকী ৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ আৱৰ্ত ভৱনত পুৱাৰ ভাগতে উপস্থিত হয় মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী(MLA Rupjyoti Kurmi) ৷

যোৰহাটৰ আৱৰ্ত ভৱনত বিধায়ক ৰূপজ্য়োতি কুৰ্মী

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বৰে পৰা অসমৰ সীমান্তত নগাৰ আগ্ৰাসনে(Assam Nagaland Border Conflict) সীমান্তবাসীৰ মাজত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল ৷ তদুপৰি একাংশ নগা দুৰ্বৃত্তই সীমান্তবাসীক বিভিন্ন ধৰণেৰে দাবী-ধমকি দিয়াৰ লগতে কোনো কোনো অঞ্চলত পশুধনসমূহো কাঢ়ি নিয়াৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷

chief-minister-dr-himanta-biswa-sharma-meets-nagaland-cm-in-jorhat
যোৰহাটত উপস্থিত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফি ৰিঅ’

তেনে সময়তে যোৰহাটৰ আৱৰ্ত ভৱন(Jorhat Circuit House)ত অনুষ্ঠিত বৈঠকখনত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে অংশগ্ৰহণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে বৈঠকখন ইতিবাচক আলোচনাৰে সম্পন্ন হোৱাৰ পোষকতা কৰে ৷

লগতে চাওক: অসম-নাগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ : তহিলং কৰিলে 30 বিঘা ভূমিৰ চাহ বাগিচা

Last Updated :Nov 21, 2021, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.