ETV Bharat / bharat

Farm Laws Repeal: কি ক'লে ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰাই ?

author img

By

Published : Nov 21, 2021, 1:04 PM IST

গুৰু নানকৰ জন্ম জয়ন্তী উপলক্ষে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কৃষি আইন বাতিলৰ ঘোষণা কৰিছিল । তাৰ পাছতে তেওঁক প্ৰশংসা কৰিছে বিভিন্নজনে । শেহতীয়াকৈ ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰা আৰু উন্নাও সমষ্টিৰ সাংসদ সাক্ষী মহাৰাজেও প্ৰশংসা কৰিছে মোডী চৰকাৰক ।

Farm Laws Repeal
চৰকাৰক প্ৰশংসা ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰাৰ

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ : বিতৰ্কিত তিনিখন কৃষি আইন বাতিল (Farm laws Repeal) কৰাৰ ঘোষণা কৰাৰ লগে লগে দেশৰ ভিন্ন প্ৰান্তত আনন্দৰ উল্লাহ দেখিবলৈ পোৱা গৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime Minister Narendra Modi) সিদ্ধান্তক বহুতে প্ৰশংসা কৰাও দেখা গৈছে । শাসকীয় দলৰ লগতে বিভিন্ন দলৰ নেতাসকলেও প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে ।

ইয়াৰ মাজতে বিৰোধী দল কংগ্ৰেছৰ শাসনত থকা ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰাই (Rajasthan Governor Kalraj Mishra) প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী মোডীক । তেওঁ উল্লেখ কৰা মতে পূৰ্বে কৃষকসকলে এই আইন বাতিলৰ বাবে চৰকাৰী পক্ষক বহুবাৰ আহ্বান জনাইছিল । কিন্তু সেইবোৰ ফলপ্ৰসূ হৈ উঠা নাছিল । যাৰ বাবে কৃষকসকলে আন্দোলন অব্যাহত ৰাখিছিল ।

  • #WATCH | Bhadohi: Rajasthan Gov Kalraj Mishra says,"Govt tried to explain to farmers the pros of #FarmLaws. But they were adamant about repeal.Govt felt that it should be taken back&formed again later if needed but right now they should repeal as farmers are demanding..." (20.11) pic.twitter.com/3wHjXYaf2q

    — ANI UP (@ANINewsUP) November 21, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সেয়ে চৰকাৰে লোৱা কৃষি আইন বাতিলৰ সিদ্ধান্তটো উচিত বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে । তেওঁ লগতে আশংকা ব্যক্ত কৰি কয় যে প্ৰয়োজন সাপেক্ষে এই আইন পুনৰ আনিব পাৰে চৰকাৰে কিন্তু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সঠিক পদক্ষেপ লৈছে বুলি প্ৰকাশ কৰে ৰাজ্যপাল কলৰাজ মিশ্ৰাই ।

আনহাতে, উন্নাও সমষ্টিৰ সাংসদ সাক্ষী মহাৰাজেও (MP Sakshi Maharaj) কয় যে 'পাকিস্তান জিন্দাবাদ' আৰু 'খালিস্তান জিন্দাবাদ' শ্ল'গান দিয়া সকলৰ কু-পৰিকল্পনাৰ ওপৰত মোহৰ লগাই মোডী চৰকাৰে এই তিনি কৃষি আইন বাতিলৰ ঘোষণা কৰিলে । তেওঁ লগতে কয় যে কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্তৰ সৈতে উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই । তেওঁ দৃঢ়তাৰে কয় যে উত্তৰ প্ৰদেশত আহি থকা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩০০তকৈও অধিক আসন লাভ কৰিব ।

লগতে পঢ়ক :Rajasthan Cabinet reshuffle : ১৫ গৰাকী নতুন মন্ত্ৰীৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.