ETV Bharat / bharat

Rajasthan Cabinet reshuffle : ১৫ গৰাকী নতুন মন্ত্ৰীৰ শপত গ্ৰহণ

author img

By

Published : Nov 21, 2021, 10:53 AM IST

অশোক গেহলটৰ মন্ত্ৰীসভাত কোনে স্থান পাব তাক লৈ ব্যাপক কৌতূহলৰ সৃষ্টি হৈছিল যদিও শনিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা নতুন মন্ত্ৰীৰ তালিকাই সকলো অপেক্ষাৰ অৱসান ঘটালে । দেওবাৰে ৰাজস্থানৰ ১৫ গৰাকী নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব ।

Cabinet reshuffle
ৰাজস্থানত ১৫ গৰাকী নতুন মন্ত্ৰীৰ শপত গ্ৰহণ

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ : ৰাজস্থানত শেহতীয়াকৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক (Rajasthan Cabinet reshuffle) লৈ ব্যাপক কৌতূহলে বিৰাজ কৰিছিল । মন্ত্ৰী পদৰ আশাত থকা বিধায়কসকলেও অপেক্ষাত আছিল । এনে কৌতূহলৰ মাজতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শনিবাৰে প্ৰকাশ কৰিলে নতুন মন্ত্ৰীসভাৰ তালিকা । দেওবাৰে বিয়লি ৪ বজাত নতুন কেবিনেট মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব ।

লক্ষণীয়ভাৱে, এই তালিকাক নাম আছে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ (Sachin Pilot) শিবিৰৰ তিনি মন্ত্ৰী ক্ৰমে হেমাৰাম চৌধুৰী (Hemaram Chaudhary), ৰমেশ মীনা (Ramesh Meena) আৰু বিশ্বেন্দ্ৰ সিঙৰ (Vishvendra Singh) নাম । তিনিও গৰাকীয়ে দেওবাৰে শপত গ্ৰহণ কৰিব । উল্লেখ্য যে, হেমাৰাম চৌধুৰীয়ে কেইমাহমান পূৰ্বে পদত্যাগ পত্ৰ দাখিল কৰি অভিযোগ উত্থাপন কৰিছিল যে ৰাজ্য চৰকাৰে বিধায়ক হিচাপে তেওঁৰ দাবীৰ প্ৰতি গুৰুত্ব দিয়া নাই ।

আনহাতে, ২০২০ চনত শচীন পাইলট শিবিৰে উত্থাপন কৰা বিদ্ৰোহৰ পাছতে ৰমেশ মীনা আৰু বিশ্বেন্দ্ৰ সিঙক কেবিনেট দপ্তৰৰ পৰা বৰ্খাস্ত কৰা হৈছিল । অৱশ্যে, শচীন পাইলটৰ দাবী ৰক্ষা কৰি তেওঁলোকক পুনৰ কেবিনেটত স্থান দিয়া হৈছে ।

ইফালে, পাইলট শিবিৰৰ আন এগৰাকী বিধায়ক ব্ৰিজেন্দ্ৰ সিং ওলাক (Brijendra Singh Ola) ৰাজ্যিক মন্ত্ৰী হিচাপে তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । তিনিগৰাকী মন্ত্ৰী ক্ৰমে মমতা ভূপেশ (Mamta Bhupesh), ভজনলাল জাভা (Bhajanlal Java) আৰু তিকাৰাম জুলিকো (Tikaram Juli) কেবিনেটত স্থান দিয়া হৈছে । আনহাতে মন্ত্ৰী পদৰ নতুন মুখবোৰৰ ভিতৰত আছে মহেন্দ্ৰ সিং মালৱীয় (Mahendra Singh Malviya), ৰামলাল জাত (Ramlal Jaat), মহেশ যোশী (Mahesh Joshi), গোবিন্দৰাম মেঘৱাল (Govindram Meghwal) আৰু শকুন্তলা মেঘৱাল (Shakuntala Meghwal) । আনহাতে ৰাজ্যিক মন্ত্ৰীসকলৰ ভিতৰত আছে জাহিদা খান (Jahida Khan), মুৰাৰিলাল মীনা (Murarilal Meena) আৰু ৰাজেন্দ্ৰ গুডা (Rajendra Guda) ।

উল্লেখ্য যে, পূৰ্বে বিএছপিত (BSP) থকা ৰাজেন্দ্ৰ গুডাই পাছত আন পাঁচগৰাকী বিধায়কৰ সৈতে কংগ্ৰেছত যোগদান কৰিছিল । ইফালে ৰাজস্থান চৰকাৰৰ কেবিনেটত প্ৰথমে ৯ টা পদ খালী হৈ আছিল । কিন্তু শিক্ষামন্ত্ৰী গোবিন্দ সিং দোতাচৰা, স্বাস্থ্যমন্ত্ৰী ৰঘু শৰ্মা আৰু ৰাজহ মন্ত্ৰী হৰিশ চৌধুৰীকে ধৰি তিনিগৰাকী মন্ত্ৰীৰ পদত্যাগৰ পাছতে আৰু তিনিটা পদ খালী হৈ এই সংখ্যা ১২ লৈ বৃদ্ধি হয় ।

বৰ্তমান ১৫ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । ইয়াৰ ভিতৰত ১১ গৰাকী কেবিনেট মন্ত্ৰী আৰু ৪ গৰাকীয়ে ৰাজ্যিক মন্ত্ৰী হিচাপে শপত ল'ব । অৱশ্যে বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলট (Chief Minister Ashok Gehlot) আৰু শচীন পাইলট শিবিৰৰ মাজৰ সমীকৰণৰ ভাৰসাম্য ৰক্ষাৰ বাবে কাক মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হ'ব তাৰ ওপৰত এতিয়া সকলোৰে চকু ।

লগতে পঢ়ক :ভাৰত চীন সীমান্তৰ টাৱাঙত মুকলি হ’ল ছবি গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.