ডিফুত বিজেপি যুৱ মৰ্চা আৰু হায়াত হাস্পতালৰ উদ্যোগত অনুষ্ঠিত Free Health Checkup Camp

author img

By

Published : Nov 21, 2021, 2:26 PM IST

free-health-checkup-camp-at-diphu

ডিফুত কাৰ্বি আংলং জিলা বিজেপি যুৱ মৰ্চা (BJP Yuva Morcha) আৰু হায়াত হাস্পতাল (Hayat Hospital)ৰ উদ্যোগত শনিবাৰে ডিফু ক্লাবত দিনজোৰা কাৰ্যসূচীৰে এক বিনামূলীয়া স্বাস্থ্য শিবিৰ (Free Health Checkup Camp) অনুস্থিত হয় ৷ এই শিবিৰত হায়াত হাস্পতালৰ হৃদৰোগ বিভাগ, বহুমূত্ৰ ৰোগ বিভাগ আৰু মূত্ৰৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলৰ হতুৱাই 200 গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷

ডিফু, 21 নৱেম্বৰ : শনিবাৰে ডিফু(Diphu)ত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা (BJP Yuva Morcha) কাৰ্বি আংলং জিলা সমিতি আৰু গুৱাহাটীৰ প্ৰসিদ্ধ হায়াত হাস্পতাল (Hayat Hospital)ৰ যৌথ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ (Free Health Checkup Camp) অনুষ্ঠিত হয় ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ পৰামৰ্শ মতে বিজেপিৰ যুৱ মৰ্চাই ডিফু ক্লাবত দিনজোৰা কাৰ্যসূচীৰে এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ৷

free-health-checkup-camp-at-diphu
ডিফুত BJP Yuva Morcha আৰু Hayat Hospitalৰ উদ্যোগত অনুষ্ঠিত Free Health Checkup Camp

সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি বিদ্যাচিং ইংতিয়ে কয় যে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত এটা হায়াত হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক দল(Specialist Medical Team)ৰ সহযোগত ডিফু ক্লাব (Diphu Club)ত স্থানীয় ৰাইজৰ সুবিধাৰ্থে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হয় ৷ মুঠ দুশ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লক্ষ্য লৈ এই শিবিৰৰ কাম আৰম্ভ কৰা হৈছিল আৰু উক্ত শিবিৰত ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে বুলি মন্তব্য কৰে বিদ্যাচিং ইংতিয়ে ৷

আনহাতে, হায়াত হাস্পতালৰ সহকাৰী পৰিচালক পদুমন গায়নে সাংবাদিকৰ আগত কয় যে বিজেপিৰ যুৱ মৰ্চাৰ সহযোগত ডিফুত কৰা এই বিনামূলীয়া স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন হৈছে ৷

এই স্বাস্থ্য শিবিৰত ক্ৰমে বহুমূত্ৰৰোগ বিশেষজ্ঞ ডাঃ নাছিমুৰ ৰিয়াজ, হৃদৰোগ বিশেষজ্ঞ ডাঃ তীৰ্থাংকৰ ৰয় আৰু মূত্ৰৰোগ বিশেষজ্ঞ ডাঃ টিকেনজিত মজুমদাৰ আৰু হায়াত হাস্পতালৰ পৰিচালক বৈশিষ্ট শইকীয়া আৰু সহকাৰী পৰিচালক পদুমন গায়নে অংশ গ্ৰহণ কৰে ৷ স্বাস্থ্য শিবিৰত অংশ গ্ৰহণকাৰী সকলে বিজেপিৰ যুৱ মৰ্চাক কাৰ্বি আংলং জিলা সমিতি আৰু হায়াত হাস্পতাল কৰ্তৃপক্ষক এনেধৰণৰ সমাজৰ ভালৰ বাবে অয়োজন কৰা কাৰ্যসূচীৰ বাবে প্ৰশংসা কৰে ৷

লগতে পঢ়ক : Nagaland CM in Jorhat : যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে বৈঠক নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.