ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 27, 2022, 10:56 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Police naxal firing in Chhattisgarh : প্ৰচণ্ড গুলীয়াগুলীত নিহত 4 মাওবাদী

ছত্তীশগড়ৰ পোমৰা বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী ৷ গুলীয়াগুলীত নিহত হ’ল ৪ টা মাওবাদী । এগৰাকী মহিলাকে ধৰি তিনিটা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Naxalites killed in encounter in Bijapur)।

Looking for food in garbage : ক্ষুধা নিবাৰণৰ বাবে জাৱৰৰ দ’মত খাদ্যৰ সন্ধান

ক্ষুধা নিবাৰণৰ বাবে মানুহে কি কি যে নকৰে ৷ কিন্তু আপুনি কেতিয়াবা ভাবিব পাৰে নে এজন মানুহে পেটৰ ক্ষুধা নিবাৰণ কৰিবলৈ আনে জাৱৰৰ দ’মত পেলাই থৈ যোৱা খাদ্য বুটলিব পাৰে বুলি (Searching for food in garbage dump) ? পেটৰ ভোকে কেনেদৰে লাজ-মান কাটিব পাৰে তাৰে এক সত্য কাহিনী আজিৰ এই প্ৰতিবেদনত ৷

Belarus Foreign Minister: বেলাৰুছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভ্লাডিমিৰ মাকেইৰ আকস্মিক মৃত্যু

শনিবাৰে আকস্মিকভাৱে মৃত্যু হয় বেলাৰুছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভ্লাডিমিৰ মাকেইৰ (Vladimir Makei passes away) ৷ অৱশ্যে মন্ত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা হোৱা নাই ৷ বেলাৰুছৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে এই কথা ৷

Death threats to ASU leader: যোৰহাটত আছুৰ নেতাক প্ৰাণে মৰাৰ ভাবুকি

যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপ সভাপতিক প্ৰাণে মৰাৰ ভাবুকি (Death threats to ASU leader) ৷ এখন বলেৰ' বাহনেৰে পিছফালৰ পৰা খুন্দিয়াই মৰাৰ চেষ্টা কৰিছিল যদিও কোনোমতে প্ৰাণৰক্ষা পৰে পৰীক্ষিত ফুকনৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চেলেংহাটস্থিত এখন গাহৰি ফাৰ্মত বহিঃৰাজ্যৰ গাহৰি অবৈধভাৱে সৰবৰাহ হোৱাৰ তথ্য লাভ কৰিছিল পৰীক্ষিত ফুকনে (Illegal supply of pigs) ৷

Bike collided head on with truck: শিৱসাগৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী

শিৱসাগৰৰ গেমন দলঙৰ কাষত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী বাইক আৰোহী ৷ মালবাহী ট্ৰাকৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷

Padmashree Phoolbasan Bai Yadav: আত্মহননৰ চিন্তা কৰা ফুলবাচন বাইয়ে এতিয়া কৰ্মসংস্থাপন দিছে প্ৰায় 200 টা পৰিয়ালক

অৰ্থনৈতিক দৈন্যতাৰ বাবে এসময়ত সন্তানসহ আত্মহনন দৰে পথ ল’বলৈ চিন্তা কৰা মহিলাগৰাকী এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ ৷ কৰ্মসংস্থাপন দিছে প্ৰায় 200 টা পৰিয়ালক ৷ সন্মানিত হৈছে পদ্মশ্ৰী সন্মানেৰে(success story of Phoolbasan Bai Yadav) ৷

Bhupen Bora criticizes BJP: প্ৰতিটো স্তৰত বিভাজনৰ ৰাজনীতি বিয়পাই দিব বিচাৰিছে বিজেপিয়ে; ভূপেন বৰা

বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশত এক জন জাগৰণ সৃষ্টিৰ লক্ষ্যৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ (Congress leader Rahul Gandhi) নেতৃত্বত দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra mass movement started by AICC)।

Poor road in Lakhimpur: ভগা দলং নিৰ্মাণ কৰিবলৈ ওলাই আহিল এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ-শিমলুগুৰি গড়কাপ্তানী পথচোৱাৰ বহু ঠাইত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত (Poor road in Lakhimpur) ৷ ফলত সময়ে সময়ে এই ঠাইডোখৰত সংঘটিত হৈ আহিছে সৰু বৰ বহুকেইটা পথ দুৰ্ঘটনা ৷

Ink attacked on AAP leader: আপ নেতালৈ চিয়াঁহী নিক্ষেপ কাণ্ডৰ প্ৰতিক্ৰিয়া ভূপেন বৰা-ৰকিবুল হুছেইনৰ

শনিবাৰে নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আপৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (10th Annual Foundation Day Programme of AAP) অনুষ্ঠিত হৈ থকাৰ মাজতে পুথিভঁৰালৰ সন্মুখতে আপৰ নগাঁও জিলা সমিতিৰ সম্পাদক যুগান্তৰ বৰা আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সব্যসাচী বৰালৈ লক্ষ্য কৰি চিয়াঁহী নিক্ষেপ কৰে স্কুটীত অহা দুই যু্ৱকে (Ink attacked on AAP leader)৷

Mini Combine Harvester: তেজপুৰৰ খেতিপথাৰত প্ৰথমবাৰলৈ মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ উদ্বোধন

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ মুকলি ৷ তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই মুকলি কৰে এই মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.