ETV Bharat / state

Looking for food in garbage : ক্ষুধা নিবাৰণৰ বাবে জাৱৰৰ দ’মত খাদ্যৰ সন্ধান

author img

By

Published : Nov 27, 2022, 10:40 AM IST

Updated : Nov 27, 2022, 11:44 AM IST

ক্ষুধা নিবাৰণৰ বাবে মানুহে কি কি যে নকৰে ৷ কিন্তু আপুনি কেতিয়াবা ভাবিব পাৰে নে এজন মানুহে পেটৰ ক্ষুধা নিবাৰণ কৰিবলৈ আনে জাৱৰৰ দ’মত পেলাই থৈ যোৱা খাদ্য বুটলিব পাৰে বুলি (Searching for food in garbage dump) ? পেটৰ ভোকে কেনেদৰে লাজ-মান কাটিব পাৰে তাৰে এক সত্য কাহিনী আজিৰ এই প্ৰতিবেদনত ৷

Searching for food in garbage dump
একবিংশ শতিকাৰ মানৱ সমাজৰ উত্তৰণ ক’ত !

ৰহা, 27 নৱেম্বৰ : একবিংশ শতিকাৰ মানৱ সমাজৰ উত্তৰণ ক’ত ! আমি ৰাস্তাই-ঘাটে অনাহাৰী, ক্ষুধাতুৰ জীৱজন্তু দেখিছো । যদি কেতিয়াবা পেটৰ ক্ষুধা নিবাৰণৰ বাবে কৰ’বাত খাদ্য পাইছে, আনহাতে আকৌ পেটৰ ভোক নিবাৰণৰ বাবে কেতিয়াবা গেলা-পচা খাদ্যও ভক্ষণ কৰিছে ।

কিন্তু আজি জীৱ-জন্তুৰ কথা ক’বলৈ লোৱা নাই ৷ আজি আমি ক’বলৈ লৈছো এগৰাকী ব্যক্তিৰ কথা ৷ যিয়ে পেটৰ ভোক নিবাৰণ কৰিবলৈ হাতত তুলি লৈছে আনে জাৱৰৰ দ’মত পেলাই থৈ যোৱা গেলা-পচা খাদ্য (Looking for food in garbage dump to satisfy his hunger) ৷ যি দৃশ্য দেখিলে আপোনাৰো দুচকু সেমেকি উঠিব ৷

ঘটনাৰ স্থান নগাঁও জিলাৰ ৰহা ৷ ৰহা নতুন চাৰিআলিৰ সমীপতে ৰহা পেট্ৰ’ল ডিপোৰ গাতে লাগি আছে এটা ষ্টেট বেংকৰ ATM ৷ এই ATM টোৰ সন্মুখত আছে এটা ডাষ্টবিন । এই ডাষ্টবিনতে এজন ব্যক্তিয়ে কেৱল মাথো পেলনীয়া জাৱৰ-জোঁথৰ খুচৰি গৈছে (Searching for food in garbage dump) ৷

এটা সময়ত এই জাৱৰ দ’মটোৰ পৰা আটোম-টোকাৰিকৈ উদ্ধাৰ কৰিছে এটা বিশেষ পলিথিনৰ টোপোলা ৷ যি পলিথিনৰ টোপোলাটোত আছে অলপমান ভাত ৷ আনে পেলাই থৈ যোৱা পলিথিনৰ টোপোলাটোৰ সেই ভাতকেইটা অতি আগ্ৰহেৰে গ্ৰহণ কৰিছে ব্যক্তিজনে ৷ কাৰণ ব্যক্তিজনৰ পেটত জ্বলি আছে ক্ষুধাৰ একুৰা জুই ৷ এই দৃশ্যটো দেখিলে কোনোবা এজনে হয়তো নাক-মুখ কোঁচাব, আন কোনোবাই হয়তো দুখ প্ৰকাশ কৰিব নাইবা আন একাংশই আকৌ সহমৰ্মিতা প্ৰকাশ কৰিব ৷

Searching for food in garbage dump
ভোক...

কিন্তু সেই ব্যক্তিজনৰ মনৰ অৱস্থা হয়তো কোনোৱে অনুমানো কৰিব নোৱাৰে ৷ কিয়নো কিমান পেটৰ জ্বলা-যন্ত্ৰণা সহ্য কৰিব নোৱাৰি ঘৃণা, লাজ-মান এৰি বিনা দ্বিধাই ভোক নিবাৰণ কৰিছে তেওঁ । অৱশ্যে কেৱল ব্যক্তিগৰাকীয়ে অকলেই ভোক নিবাৰণৰ চেষ্টা কৰা নাই ৷ জাৱৰৰ দ’মটোত খাদ্যৰ সন্ধানত কাষলৈ যোৱা এজনী গাই গৰুকো ব্যক্তিজনে দিছে তেওঁৰ ভাগৰ এটা অংশ ৷ অকণমান খাদ্যকে ভগাই খাইছে দুয়ো ৷

জানিব পৰা মতে, বিগত কেবাদিন ধৰি ৰহা চাৰি আলিৰ আশে পাশে ঘূৰি আছে এই ব্যক্তিজন ৷ কেতিয়াবা যদি জাৱৰৰ দ’মৰ মাজত পাইছে পেটৰ জ্বালা নিবাৰণৰ বাবে কিছু খাদ্য, আন কেতিয়াবা আকৌ খাদ্য বিচাৰি চলাথ কৰিও একো এটাও মুখত নিদিয়াকৈয়ে পৰি ৰৈছে পদপথৰ এটা কোণত ৷ এয়াই জীৱন ৷

লগতে পঢ়ক : Worlds tallest Shiva statue: আজি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব বিশ্বৰ সৰ্বোচ্চ শিৱ মূৰ্তিটো

Last Updated :Nov 27, 2022, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.