Police naxal firing in Chhattisgarh : প্ৰচণ্ড গুলীয়াগুলীত নিহত 4 মাওবাদী

author img

By

Published : Nov 27, 2022, 9:50 AM IST

Police naxal firing in Chhattisgarh

ছত্তীশগড়ৰ পোমৰা বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী ৷ গুলীয়াগুলীত নিহত হ’ল ৪ টা মাওবাদী । এগৰাকী মহিলাকে ধৰি তিনিটা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Naxalites killed in encounter in Bijapur)।

নিউজ ডেস্ক, 27 নৱেম্বৰ : ছত্তীশগড়ৰ পোমৰা বনাঞ্চলত (Pomra forest in Chhattisgarh) নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা ৷ নিৰাপত্তা বাহিনীৰ গুলীত নিহত হ’ল ৪ টা নক্সালবাদী ৷ উদ্ধাৰ হৈছে এগৰাকী মহিলাকে ধৰি তিনি নক্সালবাদীৰ মৃতদেহ (Naxalites killed in encounter)। এই কথা নিশ্চিত কৰিছে বিজাপুৰৰ আৰক্ষী অধীক্ষক সঞ্জয় বাৰ্ষণীয়ে ।

Police naxal firing in Chhattisgarh
প্ৰচণ্ড গুলীয়াগুলীত 4 নক্সাল নিহত, উদ্ধাৰ অস্ত্ৰ-সস্ত্ৰ

শনিবাৰে পুৱা বিজাপুৰৰ মীৰতুৰৰ পোমৰা বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা (Naxalites killed in encounter in Bijapur) । জানিব পৰা মতে এই গুলীয়াগুলীত ৪০ টাতকৈও অধিক নক্সালবাদী আছিল । পুৱা ৭.৩০ বজাত নিৰাপত্তা বাহিনীৰে মুখামুখী সংঘৰ্ষত লিপ্ত হয় নক্সালবাদী সদস্যকেইটা । ঘটনাস্থলীৰ পৰা তিনিটা ৰাইফল, ৩১৫ ব’ৰ ৰাইফল আৰু মাস্কেট উদ্ধাৰ কৰা হয় ।

Police naxal firing in Chhattisgarh
প্ৰচণ্ড গুলীয়াগুলীত 4 নক্সাল নিহত, উদ্ধাৰ অস্ত্ৰ-সস্ত্ৰ

বাস্তৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে এই গুলীয়াগুলীৰ ঘটনাৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে, নক্সালবিৰোধী অভিযানত নামি পৰিছিল নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দল (Operation against Maoists) ৷ অভিযানৰ সময়ছোৱাত অৰ্থাৎ শনিবাৰে পুৱা প্ৰায় 7:30 বজাত ছত্তীশগড়ৰ মীৰতুৰ থানাৰ অন্তৰ্গত পোমাৰা বনাঞ্চলত নক্সালবাদীৰে সংঘৰ্ত লিপ্ত হয় নিৰাপত্তা বাহিনীৰ বৃহৎ দলটো (Firing between security forces and naxals) ৷ এই সংঘৰ্ষত চাৰিটা নক্সালবাদী নিহত হয় ।

Police naxal firing in Chhattisgarh
প্ৰচণ্ড গুলীয়াগুলীত 4 নক্সাল নিহত, উদ্ধাৰ অস্ত্ৰ-সস্ত্ৰ

ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হয় । নিহত নক্সালকেইটাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ৷ ইয়াৰোপৰি ঘটনাস্থলীৰ পৰা চাৰিটা ৰাইফলৰ লগতে আৰু নক্সালবাদৰ কিতাপ উদ্ধাৰ কৰা হৈছে (Police Naxals encounter in Chhattisgarh)।

লগতে পঢ়ক : Firing at Jorhat : নিশাৰ অন্ধকাৰত যোৰহাটৰ মাজমজিয়াত গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.