Ink attacked on AAP leader: আপ নেতালৈ চিয়াঁহী নিক্ষেপ কাণ্ডৰ প্ৰতিক্ৰিয়া ভূপেন বৰা-ৰকিবুল হুছেইনৰ

By

Published : Nov 26, 2022, 9:56 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

শনিবাৰে নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আপৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (10th Annual Foundation Day Programme of AAP) অনুষ্ঠিত হৈ থকাৰ মাজতে পুথিভঁৰালৰ সন্মুখতে আপৰ নগাঁও জিলা সমিতিৰ সম্পাদক যুগান্তৰ বৰা আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সব্যসাচী বৰালৈ লক্ষ্য কৰি চিয়াঁহী নিক্ষেপ কৰে স্কুটীত অহা দুই যু্ৱকে (Ink attacked on AAP leader)৷ চিয়াঁহী নিক্ষেপ কৰি যুৱক দুজনে বিজেপি জিন্দাবাদ ধ্বনি দি ত্যাগ কৰে সেই স্থান ৷ তাৰ পাচতে অঞ্চলটোত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল (Congress leader on ink attacked) ৷ ইয়াৰ পিছতে আম আদমী পাৰ্টিলৈ চিয়াহী দলিওৱা প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিধায়ক ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে (Bhupen Bora reaction on ink attacked)বিজেপিয়ে ভয় খাইছে ৷ ৰাইজ বিজেপিৰ লগত নাই ৷ সেয়ে ভয় খাই বিজেপিয়ে বিৰোধীক আক্ৰমণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ভূপেন বৰাই ৷ ৰাইজে বিজেপিৰ গাত চিয়াঁহী ঢালিবলৈ বেছি দিন নাই বুলি কটাক্ষ কৰে ৰকিবুল হুছেইনে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.