Poor road in Lakhimpur: ভগা দলং নিৰ্মাণ কৰিবলৈ ওলাই আহিল এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক

By

Published : Nov 27, 2022, 9:30 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ-শিমলুগুৰি গড়কাপ্তানী পথচোৱাৰ বহু ঠাইত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত (Poor road in Lakhimpur) ৷ ফলত সময়ে সময়ে এই ঠাইডোখৰত সংঘটিত হৈ আহিছে সৰু বৰ বহুকেইটা পথ দুৰ্ঘটনা ৷ মৰণক শৰণ দি প্ৰতিদিনাই পথচাৰীয়ে বিপদসংকুল যাতায়াত কৰাৰ সময়তে আজি পুৰণা দাধৰাস্থিত এখন দলঙত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত আৰু ভগ্ন অংশসমূহ নিৰ্মাণ কৰিবলৈ উলাই আহিল এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৷ অৱসৰপ্ৰাপ্ত শিক্ষক ঘন কোঁৱৰে স্থানীয় একাংশ যুৱকক লগত লৈ গাঁঠিৰ ধন খৰচৰে পথচোৱা মেৰামতি কৰি যাতায়তৰ বাবে কিছু সুচল কৰি তোলাৰ প্ৰয়াস কৰে ৷ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী আৰু সচেতন যুৱকৰ এনে কাৰ্যক সকলোৱে শলাগ লৈছে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.