Belarus Foreign Minister: বেলাৰুছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভ্লাডিমিৰ মাকেইৰ আকস্মিক মৃত্যু

author img

By

Published : Nov 27, 2022, 7:21 AM IST

Belarus Foreign Minister

শনিবাৰে আকস্মিকভাৱে মৃত্যু হয় বেলাৰুছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভ্লাডিমিৰ মাকেইৰ (Vladimir Makei passes away) ৷ অৱশ্যে মন্ত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা হোৱা নাই ৷ বেলাৰুছৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে এই কথা ৷

নিউজ ডেস্ক, 27 নৱেম্বৰ: বেলাৰুছৰ বৈদেশিক মন্ত্ৰী ভ্লাডিমিৰ মাকেইৰ আকস্মিক মৃত্যু ৷ শনিবাৰে 6 বছৰ বয়সত মৃত্যু হয় মন্ত্ৰী মাকেইৰ ৷ অৱশ্যে মন্ত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা হোৱা নাই (Vladimir Makei passes away) ৷ বেলাৰুছৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে এই কথা ৷

বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ লগতে বিভিন্নজনে ভ্লাডিমিৰ মাকেইৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেনক’ৱে নিজৰ ৱেব চাইটত মাকেইৰ মৃত্যু সন্দৰ্ভত এক শোকবাৰ্তা প্ৰেৰণ কৰে ৷

ভ্লাডিমিৰ মাকেইৰ জন্ম হৈছিল 1958 চনত বেলাৰুছৰ গ্ৰ’ডনো অঞ্চলত (Belarus Foreign Minister Vladimir Makei) ৷ 1980 চনত তেওঁ মিনস্ক ষ্টেট পেডাগজিকেল ইনষ্টিটিউট অৱ ফৰেইন লেংগুৱেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ৷ একেদৰে 1993 চনত অষ্ট্ৰিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কূটনৈতিক একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে মাকেইয়ে ৷

জাৰ্মান আৰু ইংৰাজী দুয়োটা ভাষাতে সাৱলীলভাৱে জনা ভ্লাডিমিৰ মাকেইয়ে বেলাৰুছ ৰিপাব্লিকৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ পদ গ্ৰহণ কৰে 2012 চনত ৷ ইয়াৰ পূৰ্বে 2000 চনৰ পৰা 2008 চনলৈকে তেওঁ বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ সহায়ক আছিল ৷ এগৰাকী কূটনীতিবিদ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল (Vladimir Makei death) ৷

বিদেশ মন্ত্ৰণালয়ৰ ৱেব চাইটত উল্লেখ কৰা মতে, 2008 চনৰ পৰা 2012 চনলৈকে তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি প্ৰশাসন বিভাগৰ মুৰব্বী আছিল ৷

উল্লেখ্য যে, বেলাৰুছৰ বৈদেশিক মন্ত্ৰী ভ্লাডিমিৰ মাকেইয়ে নৱেম্বৰ মাহৰ আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিছিল ৷ নতুন দিল্লীত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰৰ সৈতে বৈঠকত মিলিত হৈ দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক, ইউক্ৰেইনৰ সংঘাত তথা বহুপক্ষীয় সহযোগিতাকে আদি কৰি কেইবাটাও বিষয়ত আলোচনা কৰে ৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ৰাছিয়ান সেনাক সমৰ্থন কৰা দেশসমূহৰ ভিতৰত বেলাৰুছো এখন ৷

লগতে পঢ়ক: Mass shooting incident in America: অস্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাত গুৰুত্ব বিডেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.