Padmashree Phoolbasan Bai Yadav: আত্মহননৰ চিন্তা কৰা ফুলবাচন বাইয়ে এতিয়া কৰ্মসংস্থাপন দিছে প্ৰায় 200 টা পৰিয়ালক

author img

By

Published : Nov 26, 2022, 10:31 PM IST

Padmashree Phoolbasan Bai Yadav

অৰ্থনৈতিক দৈন্যতাৰ বাবে এসময়ত সন্তানসহ আত্মহনন দৰে পথ ল’বলৈ চিন্তা কৰা মহিলাগৰাকী এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ ৷ কৰ্মসংস্থাপন দিছে প্ৰায় 200 টা পৰিয়ালক ৷ সন্মানিত হৈছে পদ্মশ্ৰী সন্মানেৰে(success story of Phoolbasan Bai Yadav) ৷

নিউজ ডেস্ক,২৬ নৱেম্বৰ: ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাৰ ফুলবাচন বাই যাদৱ এতিয়া প্ৰায় সকলোৰে মাজত পৰিচিত এক নাম ৷ সম্প্ৰতি দেশৰ বিভিন্ন ৰাজ্যৰ মহাবিদ্যালয়সমূহত তেওঁক বক্তা হিচাপে আমন্ত্ৰণ কৰা হয় । লাখ লাখ মহিলাৰ বাবে তেওঁ হৈছে অনুপ্ৰেৰণা । ভাৰতৰ চৰকাৰে প্ৰদান কৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰেও তেওঁক সন্মানিত কৰা হৈছে(Padmashree Phoolbasan Bai Yadav) ৷ ফুলবাচন বাই যাদৱৰ জীৱনৰ কাহিনী আজি সকলোৱে শুনিব বিচাৰে । কিন্তু তেওঁৰ জীৱন যাত্ৰা ইমান সহজসাধ্য নাছিল ৷

বহু ঘাট-প্ৰতিঘাটৰ মাজত আজি এই পৰ্যায়ত উপনীত হৈছে ফুলবাচন বাই যাদৱ ৷ সৰুৰে পৰা অভাৱ অনাটনৰ মাজত ডাঙৰ হোৱা ফুলবাচন বাই যাদৱৰ বিবাহো নিচেই কম বয়সতে হৈছিল ৷ কিন্তু বিবাহৰ পাছতো আৰ্থিক দৈন্যতাই তেওঁ পিছ এৰা নাছিল ৷ অবিশ্বাস্য যেন লাগিলেও সত্য যে, এসময়ত দৰিদ্ৰতা তথা জীৱনৰ প্ৰতি অতিষ্ঠ হৈ সন্তানক বুকুত বান্ধি ৰেলৰ সন্মুখত জঁপিয়াই আত্মহননৰ কথাও চিন্তা কৰিছিল তেওঁ ৷ কিন্তু একমাত্ৰ সন্তানৰ মুখলৈ চাই তেওঁ এই আত্মহনন পথ ত্যাগ কৰিছিল ৷

সেই ফুলবাচন বাই যাদৱ আজি হৈ পৰিছে সমগ্ৰ দেশৰ সহস্ৰাধিক লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস ৷ ইটিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপত ফুলবাচন বাই যাদৱে তেওঁ এই জীৱন যাত্ৰাৰ অদ্যোপান্ত সদৰী কৰে । কেনেদৰে তেওঁ হোটেলত বাচন-বৰ্তন ধুইছিল । আত্মহত্যা কৰিবলৈ যোৱাৰ সময়ত তেওঁ সন্তানে কেনেদৰে তেওঁক কৈছিল, মা মই মৰিব নিবিচাৰো আৰু ইয়াৰ পাছতেই তেওঁ কেনেদৰে নিজৰ সিদ্ধান্ত সলনি কৰি নিজৰ বাবে নহয় আনৰ বাবে জীয়াই থাকিবলৈ সিদ্ধান্ত লৈছিল ।

ইয়াৰ পাছতেই তেওঁ সমাজ আৰু দৰিদ্ৰ মহিলাসকলৰ বাবে কাম কৰাৰ বাবে দৃঢ় সংকল্প লয় ৷ আনৰ বাবে যুঁজ দি মৰি যোৱাটো তেওঁ বাবে গৌৰৱৰ বিষয় হ'ব বুলি তেওঁ সংকল্প লয় । ২০০১ চনত তেওঁ দুটকা আৰু দুমুঠি চাউলেৰে ১১ গৰাকী মহিলাৰ সৈতে মহিলা গোট আৰম্ভ কৰে ৷ এই সময়ত তেওঁ সমাজৰো বিৰোধিতাৰ সন্মুখীন হৈছিল ৷ কিন্তু তেওঁৰ সাহসেৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ বামলেশ্বৰী জনহিতকাৰী আত্মসহায়ক গোট গঠন কৰিছিল ।

ফুলবাচন বাই মা বামলেশ্বৰী আত্মসহায়ক গোটৰ সভানেত্ৰী । সম্প্ৰতি প্ৰায় দুই লাখৰো অধিক মহিলাই এই গোটত কাম কৰি আছে ৷ জেএনইউত চলিত স্ত্ৰী ২০২০ত(Stree 2020 program Delhi) বক্তা হিচাপে যোগদান কৰিছে ফুলবাচন বাই যাদৱে । তেওঁ স্ত্ৰী ২০২০ত তেওঁৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে বৰ্ণনা কৰি কেনেকৈ তেওঁ আজি সকলোৰে মাজত লৈ আহিব পাৰিছে তাকেই বৰ্ণনা কৰে ৷ তেওঁ কয় যে, যদি এগৰাকী মহিলাই কিবা কৰাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁ সেইটো কৰিহে এৰিব ।

ফুলবাচন বাই যাদৱৰ সংগঠনে ছত্তীশগড়ৰ বিভিন্ন জিলাত যুৱতীসকলক কাৰাটেৰ প্ৰশিক্ষণ দিয়াৰ বাবে কাম কৰি আছে । ইয়াৰ মূল উদ্দেশ্য হৈছে যুৱতীসকলক যিকোনো পৰিস্থিতিৰ সৈতে নিজে মোকাবিলা কৰিবলৈ সক্ষম কৰি তোলা । ছত্তীশগড়ৰ ১৩ বছৰৰ পৰা ৪০ বছৰ বয়সৰ প্ৰায় ৩,০০০ যুৱতীক কাৰাটেৰ প্ৰশিক্ষণ দিয়া হৈছে ।

লগতে পঢ়ক: Congress check bounce: ভুক্তভোগী পৰিয়ালক কংগ্ৰেছ নেতাই দিয়া তিনিখনকৈ চেক বাউঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.