ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 26, 2022, 1:01 PM IST

top-10-at-1-pm
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Mumbai terrorist attack : মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি চৰকাৰৰ

মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৪ বছৰ (14 years of Mumbai terrorist attack)। আক্ৰমণৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে মহাৰাষ্ট্ৰ চৰকাৰে । দক্ষিণ মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত শ্বহীদসকলৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যপাল, মুখ্যমন্ত্ৰীসহ বিভিন্ন বিষয়াৰ ।

Electricity tariffs in Assam: বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ এ পি ডি চি এলৰ

এ পি ডি চি এলে এ সকলো ধৰণৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰাৰ জাননী ২৪ ঘণ্টাৰ ভিতৰতে বাতিল কৰিলে (APDCL withdrawn decision to increase electricity tariffs)। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত তিনি মাহৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ জাননী জাৰি কৰিছিল এ পি ডি চি এলে । অৱশেষত বিদ্যুৎ মাচুল বৃদ্ধি নকৰাৰ সিদ্ধান্ত ল’লে এ পি ডি চি এলে ।

Brazil school shooting: বিদ্যালয়ত সংঘটিত গুলীচালনাত শিক্ষকসহ নিহত তিনিজন

ব্ৰাজিলত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ দুখনকৈ বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাত তিনিগৰাকীৰ মৃত্যুৰ লগতে 11 গৰাকী লোক গুৰুতৰভাৱে আহত হয় (Brazil school shooting)৷

Boat accident in Uttar Pradesh: গংগা নদীত ডুব গ’ল যাত্ৰীবাহী নাও

উত্তৰ প্ৰদেশৰ বাৰাণসীত অঘটন ৷ শনিবাৰে পুৱাই দশাশ্বমেধ ঘাটৰ সন্মুখত গংগা নদীত ডুব যায় এখন যাত্ৰীবাহী নাও (Boat accident in front of Dashashwamedh Ghat) ৷ নাওখনত আছিল 34 গৰাকী যাত্ৰী ৷ এই দুৰ্ঘটনাৰ পাচতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে নাওখনৰ চালকজন ৷

Fire at Moran: মৰাণৰ ডাম্পিং গ্ৰাউণ্ডত অগ্নিকাণ্ড, ডাম্পিং গ্ৰাউণ্ডৰ দুৰ্গন্ধই চানি ধৰিছে সমগ্ৰ মৰাণ

ডিব্ৰুগড় জিলাৰ মৰাণৰ ডাম্পিং গ্ৰাউণ্ডত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire at Moran) । ইয়াৰ পাছতে মৰাণত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । অগ্নিকাণ্ডৰ ধোঁৱা আৰু দুৰ্গন্ধই চানি ধৰে সমগ্ৰ মৰাণ । কোনো দুস্কৃতিকাৰীয়ে ডাম্পিং গ্ৰাউণ্ডত জুই লগাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ (Fire breaks out at Moran dumping ground)। অগ্নিনিৰ্বাপন বাহিনীৰ ৩ খনকৈ গাড়ীয়ে জুই নিৰ্বাপন কৰাৰ চেষ্টা চলাই যদিও এতিয়াও সম্পূৰ্ণকৈ নিৰ্বাপন হোৱা নাই জুই ৷

Sangeet Natok Academy Award 2022 : শিল্পী গুণীন্দ্ৰ নাথ ওজাৰ চকুত প্ৰাপ্তিৰ চকুলো

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ঘোষণা কৰে সংগীত নাটক একাডেমী বঁটাৰ বঁটা প্ৰাপকসকলৰ নাম (Sangeet Natok Academy Award 2022) । শুকুৰবাৰে 2019, 2020 আৰু 2021 বৰ্ষৰ বাবে এই বঁটাৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয় । দেশৰ ভিন্ন প্ৰান্তৰ মুঠ 128 গৰাকী শিল্পীৰ ভিতৰত আছে অসমৰ 5গৰাকী শিল্পী ৷ নিৰ্বাচিত হৈছে বৰপেটাৰ বিশিষ্ট বৰগীতৰ শিল্পী গুণীন্দ্ৰ নাথ ওজাও ৷

Assam new Commando battalion : ৰাজ্যত গঠন ৫ টা নতুন কামাণ্ডো বেটেলিয়ন, সেনাই আৰম্ভ কৰিছে বিশেষ প্ৰশিক্ষণ

নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত ৰাজ্যত গঠন কৰা হৈছে ৫ টা নতুন কামাণ্ডো বেটেলিয়ন (Assam 5 new commando battalions)। ইতিমধ্যে ৩০০ৰো অধিক যুৱতীকে ধৰি প্ৰায় ২৭০০ গৰাকীক দিয়া হৈছে নিযুক্তি । ভাৰতীয় সেনাৰ অধীনত ইতিমধ্যে ২১ নৱেম্বৰৰ পৰা অসম আৰু মেঘালয়ৰ ৭ টা স্থানত ৪০ সপ্তাহৰ প্ৰশিক্ষণ আৰম্ভ হৈছে ।

Corruption in road construction: আমগুৰিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

শিৱসাগৰ জিলাৰ আমগুৰিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে । ঐতিহাসিক ধোদৰ আলিৰ পৰা বৰাহীবাৰী ৰজাবাৰী সংযোগী পথচোৱা নিৰ্মাণক লৈ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মৰ অভিযোগ (Allegation of Corruption in road construction) ৷

আইএমআইএম, কংগ্ৰেছ, আপে গুজৰাটত বিজেপিৰ বিজয়ৰ পথ প্ৰশস্ত কৰিব

আছাদুদ্দিন ওৱেছিৰ এআইএমআইএম হৈছে বিজেপিৰ বি দল আৰু তেওঁৰ প্ৰাৰ্থীসকলক বিজেপিৰ বাবে অধিক লাভজনক বুলি চলি অহা ধাৰণাটো কিছু সময়ৰ পৰা আলোচনাত আছে । ইটিভি ভাৰত নেটৱৰ্কৰ সম্পাদক বিলাল ভাটৰ গুজৰাট নিৰ্বাচনক লৈ এক প্ৰতিবেদন....

Constitution Day 2022 : উচ্চতম ন্যায়ালয়ৰ সংবিধান দিৱসত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে

উচ্চতম ন্যায়ালয়ত উদযাপন হ'বলগীয়া সংবিধান দিৱসত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi to participate Constitution Day function)। দিৱসৰ লগত সংগতি ৰাখি ই-আদালত প্ৰকল্পৰ অধীনত কেইবাটাও সেৱা মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । মুকলি কৰা হ'ব ভাৰ্চুৱেল জাষ্টিচ ক্লক, জাষ্টিছ ম'বাইল এপ ২.০, ডিজিটেল আদালত আৰু S3WaaS ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.