ETV Bharat / state

Electricity tariffs in Assam: বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ এ পি ডি চি এলৰ

author img

By

Published : Nov 26, 2022, 10:28 AM IST

এ পি ডি চি এলে এ সকলো ধৰণৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰাৰ জাননী ২৪ ঘণ্টাৰ ভিতৰতে বাতিল কৰিলে (APDCL withdrawn decision to increase electricity tariffs)। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত তিনি মাহৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ জাননী জাৰি কৰিছিল এ পি ডি চি এলে । অৱশেষত বিদ্যুৎ মাচুল বৃদ্ধি নকৰাৰ সিদ্ধান্ত ল’লে এ পি ডি চি এলে ।

Electricity charges hiked notice cancelled by APDCL
বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে এ পি ডি চি এলে

গুৱাহাটী, ২৬ নৱেম্বৰ: ৰাজ্যত সদ্যহতে বৃদ্ধি নহয় বিদ্যুৎ মাচুল । এই সন্দৰ্ভত পুনৰ জাননী জাৰি কৰিলে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে (APDCL)। উল্লেখ যে ৰাজ্য চৰকাৰৰ অধীনস্থ অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে সকলো ধৰণৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰা বুলি এক জাননী জাৰি কৰিছিল । ডিচেম্বৰ মাহৰ পৰা গ্ৰাহকে এই বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব আৰু ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত তিনি মাহৰ বাবে এই বৰ্ধিত বিদ্যুৎ মাচুল বাহাল থাকিব বুলি এ পি ডি চি এলে জাননীত উল্লেখ কৰিছিল ।

এ পি ডি চি এলৰ এই বিদ্যুৎ মাচুল বৃদ্ধিৰ জাননীকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই প্ৰতিক্ৰিয়াৰ মাজতে ২৪ ঘণ্টাৰ ভিতৰত এ পি ডি চি এলে সলনি কৰিলে সিদ্ধান্ত (APDCL withdrawn decision to increase electricity tariffs)। পুনৰ আন এক জাননী জাৰি কৰি বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা সদৰি কৰে এ পি ডি চি এলে । উল্লেখ্য এ পি ডি চি এলে প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৩০ পইচাৰ পৰা একেকোবে ৭৯ পইচালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । অর্থাৎ প্ৰতি ইউনিটত ৪৯ পইচা বিদ্যুৎ মাচুল বৃদ্ধি ।

এ পি ডি চি এলে জাননীত উল্লেখ কৰা অনুসৰি ইন্ধন আৰু শক্তি ক্ৰয়ৰ খৰচ বহন কৰিবলৈয়ে মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । লক্ষণীয় বিষয় যে নিয়মীয়া বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱা শক্তি বিভাগে প্ৰায়ে মাচুল বৃদ্ধিৰে উপভোক্তাক মাধমাৰ শোধোৱাৰ ব্যৱস্থা কৰি আহিছে । উল্লেখ যে আগষ্ট-ছেপ্টেম্বৰ মাহত অস্বাভাৱিকভাৱে উপভোক্তাৰ বিদ্যুতৰ বিল বৃদ্ধি পোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । প্ৰায় ৪০-৫০ শতাংশকৈ বিদ্যুতৰ বিল বৃদ্ধি হোৱাত শক্তি বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছিল একাধিক অভিযোগ ।

এনে অভিযোগৰ পাছতে কিছু নৰম হোৱা অসম শক্তি বিতৰণ কোম্পানীয়ে বিদ্যুতৰ বিল পৰীক্ষা কৰাৰ প্ৰস্তাৱ দিছিল । এনে প্ৰস্তাৱ কাৰ্যকৰীকৰণ সম্পূৰ্ণ নোহোৱাৰ পূৰ্বেই এ পি ডি চি এলে পুনৰ ৭৯ পইচাকৈ প্ৰতি ইউনিটত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু অৱশেষত সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে এ পি ডি চি এলে ।

লগতে কয়: AAP protest in Guwahati : খোৱাপানী বিচাৰি মহানগৰীত আপৰ অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.