ETV Bharat / bharat

AIMIM, AAP and Congress: Making Gujrat elections an easy grab for BJP: আইএমআইএম, কংগ্ৰেছ, আপে গুজৰাটত বিজেপিৰ বিজয়ৰ পথ প্ৰশস্ত কৰিব

author img

By

Published : Nov 25, 2022, 11:00 PM IST

আছাদুদ্দিন ওৱেছিৰ এআইএমআইএম হৈছে বিজেপিৰ বি দল আৰু তেওঁৰ প্ৰাৰ্থীসকলক বিজেপিৰ বাবে অধিক লাভজনক বুলি চলি অহা ধাৰণাটো কিছু সময়ৰ পৰা আলোচনাত আছে । ইটিভি ভাৰত নেটৱৰ্কৰ সম্পাদক বিলাল ভাটৰ গুজৰাট নিৰ্বাচনক লৈ এক প্ৰতিবেদন....

AIMIM, AAP and Congress: Making Gujrat elections an easy grab for BJP
এআইএমআইএম, কংগ্ৰেছ, আপে গুজৰাটত বিজেপিৰ বিজয়ৰ পথ প্ৰশস্ত কৰিব

নিউজ ডেস্ক, 25 নৱেম্বৰ: গুজৰাটৰ কেইবাটাও সমষ্টিত মুছলিম জনসংখ্যা বৃদ্ধি হোৱাত এইবাৰ নিৰ্বাচনী যুঁজখন অধিক আকৰ্ষণীয় হৈ পৰিছে ৷ অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন চমুকৈ এআইএমআইএময়ে স্পষ্টভাৱে দাবী কৰিছে যে দলটোৱে মুছলমানৰ আৱেগক প্ৰতিনিধিত্ব কৰে আৰু এইবাৰ দলটোৱে গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰথমবাৰলৈ ১৪ জন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ এআইএমআইএময়ে মুছলিম বসতি প্ৰধান অঞ্চলত ১২ জনক প্ৰাৰ্থীত্ব প্ৰদান কৰি বিজেপিৰ বাবে আসনসমূহ মুকলি কৰি দিছে । এআইএমআইএমৰ প্ৰধান আছাদুদ্দিন ওৱেছিয়ে(AIMIM leader Asaduddin Owaisi) প্ৰাৰ্থিত্ব প্ৰদান কৰা সমষ্টিসমূহত অ-বিজেপি দলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাটো নিশ্চিত ৷

ইয়াৰ বিপৰীতে, ৰাজ্যখনত বিজেপিৰ নিজৰ এক ভোট বেংক আছে ৷ আনহাতে অ-বিজেপি ভোটাৰৰ মাজত কংগ্ৰেছ আৰু আপৰ বিকল্প হিচাপে তেওঁলোকক প্ৰভাৱিত কৰাটো কঠিন হ’ব ৷ কাৰণ গুজৰাটৰ মুছলমান যাক বিজেপি বিৰোধী বুলি গণ্য কৰা হয় তেওঁলোকে সদায় বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছক ভোট দি আহিছে ৷ কিন্তু এই নিৰ্বাচনত তেওঁলোকৰ বাবে বহুত বিস্তৃত বিকল্প আছে, যাৰ ফলত মুছলমান ভোটত বৃহৎ বিভাজন হ'ব পাৰে(Gujarat Assembly Elections 2022) ।

ওৱেচিয়ে বাপুনগৰ আসনৰ পৰা তেওঁৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল । অৱশ্যে ওৱেছিয়ে এই সমষ্টিটোত প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ তেওঁ পৰাজয়ৰ ভয়ত সমষ্টিটোৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিছিল নে এক নিদিষ্ট ৰণকৌশল ৰচনা কৰি ১৬ শতাংশ মুছলমান ভোটাৰ থকা সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী হিম্মত সিঙক এৰি দিছিল সেয়া এতিয়াও স্পষ্ট হ’বলৈ বাকী ৷ সেয়া যি কি নহওক, এআইএমআইএমৰ শ্বাহনাৱাজ পাঠানে আহমেদাবাদৰ বাপুনগৰ সমষ্টিৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰে ।

একে সময়তে, ওৱেছিয়ে কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক শৈলেশ পাৰমাৰৰ বিৰুদ্ধে হিন্দু অনুসূচীত জাতিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰে ৷ আহমেদাবাদৰ দানিলিম্দাৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ সৈতে এক বৃহৎ মুছলমান জনসংখ্যা আছে । সমষ্টিটোৰ মুঠ 239999 ভোটাৰৰ ভিতৰত প্ৰায় 65760 জন মুছলমান ভোটাৰ আছে, যাৰ ফলত তেওঁলোকক 27 শতাংশ বিধানসভাত ভোটৰ অংশ প্ৰদান কৰা হৈছে ।

সমগ্ৰ গুজৰাটত প্ৰায় 11% মুছলমান ভোটাৰ আছে । প্ৰায় ২৫ টা বিধানসভা সমষ্টিত বৃহৎ সংখ্যক মুছলমান ভোটাৰ আছে । এআইএমআইএমে সেই আসনবোৰত মনোনিৱেশ কৰিছে য'ত মুছলমান আৰু দলিতসকলৰ সংখ্যা গুৰুত্বপূৰ্ণ আৰু বেছিভাগ নিৰ্ণায়ক । ওৱেছিয়ে ভাদগাম আসনত কংগ্ৰেছৰ বিধায়ক তথা প্ৰখ্যাত কৰ্মী জগনেশ মেৱানীৰ বিৰুদ্ধে আন এজন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাটোৱে স্পষ্টভাৱে দেখুৱাইছে যে বিজেপিৰ বাবে স্পষ্টভাৱে অজেয় আসনসমূহ তেওঁলোকৰ বাবে সহজ হ'ব ।

মেৱানীয়ে 2017 চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল আৰু কংগ্ৰেছ আৰু আপ দুয়োটাই বিজেপিৰ বিৰুদ্ধে জয়ী হ'বলৈ জগনেশৰ আসন এৰি দিছিল । ভাদগাম অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আসন য'ত প্ৰায় ২৫ শতাংশ মুছলমান জনসংখ্যাও আছে । বিজেপিয়ে গুজৰাটক 182 খন আসনতে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে কংগ্ৰেছে কেৱল 179 টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । 2017 চনৰ নিৰ্বাচনত, বিজেপিয়ে সৌৰাষ্ট্ৰৰ পৰা মাত্ৰ 18 খন আসন লাভ কৰিছিল য'ত 11 খন জিলা আছে আৰু ই ঐতিহাসিকভাৱে কংগ্ৰেছ দলৰ বাবে এক দুৰ্গ হৈ আছে ।

যোৱা পাঁচ বছৰত, সৌৰাষ্ট্ৰ আৰু কচ্ছত বিধায়ক হোৱা নজন কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে । যোৱা নিৰ্বাচনত, বিজেপিয়ে সমগ্ৰ ৰাজ্যৰ পৰা 49%, কংগ্ৰেছে 41%, আৰু আন্যান্যই 10% ভোট লাভ কৰিছিল । অৱশ্যে, এইবাৰ কংগ্ৰেছৰ ভোটৰ অংশ আপ আৰু এআইএমআইএমৰ মাজত বিভক্ত হ'ব আৰু বিৰোধীৰ ভোট ভাগ-বাটোৱাৰা হ'ব ৷ বিজেপিৰ বাবে ই সহায়ক হ’ব পাৰে ৷

আনহাতে, কংগ্ৰেছে সৌৰাষ্ট্ৰত এইবাৰ দুৰ্বল প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে ৷ য’ত প্ৰধানমন্ত্ৰীয়ে ব্যাপকভাৱে প্ৰচাৰ চলাইছে আৰু ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Sangeet Natok Academy Award 2022: অসমৰ কেইবাগৰাকীও শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.